অসমীয়া অনুবাদ কবিতাঃ ফেৰেঙনি
মূল ইংৰাজী কবিতাঃ Cross
কবিঃ Langston Hughes
অসমীয়া ভাঙনিঃ মেঘনা চৌধুৰী

মোৰ পিতা আছিল এজন বগা বুঢ়া
আৰু ক’লা ছালৰ আছিল মোৰ আই৷
কাহানিবা যদি পিতাক মই শাও দিছোঁ
সেই শাওবোৰ লৈছোঁ ঘূৰাই৷
যদি কাহানিবা ক’লী আইক দিছোঁ শাও
বিচাৰিছোঁ তেওঁ নৰকলৈ যাওক,
সেই পাপী ইচ্ছাৰ বাবে মই দুঃখিত
বিচাৰোঁ তেওঁ যেন স্বৰ্গ পাওক৷
বিচাৰিছোঁ তেওঁ নৰকলৈ যাওক,
সেই পাপী ইচ্ছাৰ বাবে মই দুঃখিত
বিচাৰোঁ তেওঁ যেন স্বৰ্গ পাওক৷
বুঢ়া পিতা মৰা ঘৰটো ধুনীয়া আছিল
আৰু জুপুৰিত মৰিছিল মোৰ আই,
মই ক’ত মৰিম সেই কথা চিন্তা কৰোঁ
মোৰ গাতচোন ক’লা-বগা একো ৰং নাই৷
(অসমীয়া অনুবাদ কবিতা)
আৰু জুপুৰিত মৰিছিল মোৰ আই,
মই ক’ত মৰিম সেই কথা চিন্তা কৰোঁ
মোৰ গাতচোন ক’লা-বগা একো ৰং নাই৷
(অসমীয়া অনুবাদ কবিতা)
1 Comments
বেচ ভাবুক কৰি তোলা কবিতা।
ReplyDelete