সম্পাদনা কক্ষঃ অনুবাদক প্ৰকল্প
উপদেষ্টাঃ
১) অৰিন্দম বৰকটকী
অৰিন্দম বৰকটকী অসমৰ এজন মেধাৱী সাহিত্য সমালোচক আৰু সাহিত্য সংগঠক। শ্ৰীযুত বৰকটকীদেৱে যোৱা দুটা বছৰে 'অনুবাদক' পৰিয়ালক দিহা-পৰামৰ্শৰে সহায় কৰি আহিছে।
সম্পাদকঃ
১) কোকিল শইকীয়া, কবি, গুৱাহাটী
কোকিল শইকীয়া সাম্প্ৰতিক সময়ৰ এজন
উল্লেখযোগ্য তৰুণ কবি। প্ৰকাশ, প্ৰান্তিককে ধৰি অসমৰ প্ৰায়সমূহ আগশাৰীৰ
আলোচনী-কাকততে তেওঁ নিয়মীয়াকৈ কবিতা আৰু প্ৰবন্ধ লিখে। তেওঁৰ কবিতা সংকলনখন হৈছে “শুই
থকা চহৰখনক জগাই দিয়া”। তেওঁ অনুবাদৰ প্ৰতি আকৰ্ষিত আৰু
বিশ্বৰ বিভিন্ন ভাষাৰ সাহিত্যৰ তেওঁ এজন আগ্ৰহী পাঠক।
যোগাযোগঃ ৮৭৫৩০৮৬০৮৫
২) নিকু দুৱৰা, অনুবাদক, লখিমপুৰ
যোগাযোগঃ ৬০০০১৫১০৭২
সদস্যমণ্ডলীঃ
১) জ্যোতিস্মিতা শইকীয়া, নবীন অনুবাদক, নগাওঁ
জ্যোতিস্মিতা শইকীয়াই ৱেব প্ৰকল্পৰ যোগেদিয়েই অনুবাদক হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁ তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী। জ্যোতিস্মিতা শইকীয়া অনুবাদকৰ ফেচবুক পৃষ্ঠাৰ সঞ্চালক।
২) অপৰাজিতা গগৈ, অনুবাদক, শিৱসাগৰ
অপৰাজিতা গগৈ অনুবাদ গোটৰ সক্ৰিয় সদস্য। ঘৰ শিৱসাগৰ। তেওঁৰ অনূদিত গল্প আৰু কবিতা ৱেব প্ৰকল্পত প্ৰকাশিত হৈছে।
আমি কেনেধৰণৰ অনুবাদ বিচাৰোঁ?
আমি বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ আৰু অসমীয়াৰ পৰা ইংৰাজীলৈ কৰা অনুবাদ আগ্ৰহী অনুবাদকসকলৰ পৰা বিচাৰিছোঁ। অনুবাদসমূহ সৃষ্টিশীল হ'ব লাগিব আৰু আক্ষৰিক অনুবাদৰ পৰিৱৰ্তে ভাবগত অনুবাদ আৰু অনুসৃষ্টিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। অনুবাদসমূহ আমালৈ প্ৰেৰণ কৰিবলৈ আমাৰ ফেচবুক গোটৰ সৈতে জড়িত হ'ব পাৰে নতুবা তলৰ মোইল এড্ৰেছত আমালৈ প্ৰেৰণ কৰিব পাৰে। অনূদিত লেখাটো প্ৰেৰণ কৰোঁতে সম্পাদনা কক্ষৰ সুবিধাৰ বাবে মূল লেখাটোও প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
যোগাযোগঃ translatorsassam@gmail.com



10 Comments
শুভেচ্ছা জনালো
ReplyDeleteখুবেই সুন্দৰ পদক্ষেপ
ReplyDeleteঅসমীয়া সাহিত্যৰ ভঁৰাললৈ দেশ-বিদেশৰ কালজয়ী সাহিত্যৰ ভাঙনিৰ খুবেই প্ৰয়োজন আছে ৷ সুন্দৰ প্ৰচেষ্টা ৷
ReplyDeleteশুভেচ্ছা থাকিল আগবঢ়াই লৈযোৱা ।
ReplyDeleteখুব প্ৰশংসনীয় কাম হৈছে।আমাৰ সহযোগিতা থাকিব।
ReplyDeleteসুন্দৰ পদক্ষেপ
ReplyDeleteসুন্দৰ পদক্ষেপ, শুভেচ্ছা থাকিল।
ReplyDeleteGreat work for assam
ReplyDeleteI had posted a few pages of a book on Veer Savarkar which was translated by me from English to Assamese. It has been more than a month, neither it was published nor did I get to know the reason for not publishing it.
ReplyDeletesend it again
Delete