মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ বিশ্বপ্ৰসিদ্ধ বক্তৃতা -
I HAVE A DREAM
ভাষান্তৰ- বিতুপ্ৰতিভ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়
![]() |
| মাৰ্টিন লুথাৰ কিং জুনিয়ৰ |
আমাৰ জাতিৰ ইতিহাসৰ আজিৰ এই সৰ্ববৃহৎ মুক্তি সমাৱেশত অপোনালোকৰ সৈতে সমবেত হ’বলৈ পাই মই আনন্দিত।
আমি আজি যাৰ ছত্ৰছায়াত থিয় হৈ আছোঁ, সেইজন আমেৰিকানে আজিৰ পৰা এশ বছৰ পূৰ্বে স্বাধীনতাৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। এই ঐতিহাসিক ঘোষণাপত্ৰই তীব্ৰ অন্যায়ৰ বলি হৈ থকা লক্ষ লক্ষ নিগ্ৰ’ দাসৰ জীৱনলৈ ঘোৰ অন্ধকাৰৰ মাজতো কঢ়িয়াইছিল আশাৰ বতৰা। তেওঁলোকৰ অন্ধকাৰাচ্ছন্ন জীৱনৰ বাবে ই আছিল পুৱাৰ হেঙুলী কিৰণ। ঘোষণাপত্ৰই এটা শতিকা অতিক্ৰম কৰিলে, কিন্তু পৰিতাপৰ বিষয় যে নিগ্ৰ’সকলৰ অৱস্থাৰ কোনো পৰিৱৰ্তন নহ’ল। আজিও নিগ্ৰ’সকল ভয়াবহভাৱে পৃথকীকৰণ আৰু বৈষম্যবাদৰ শিকলিত আবদ্ধ, বস্তুগত সমৃদ্ধিৰ বিশাল সমুদ্ৰৰ মাজত থাকিও তেওঁলোক আজি দৰিদ্ৰতাৰ এটা অকলশৰীয়া দ্বীপত নিৰ্বাসিত আৰু স্বভূমিতে পৰিত্যক্ত। সেইয়ে আজি আমি এই লজ্জাজনক পৰিস্থিতিৰ মুখা খুলি দিবলৈ সমবেত হৈছোঁ।
আমি আজি সমবেত হৈছোঁ ৰাষ্ট্ৰৰ সন্মুখত আমাৰ প্ৰাপ্যৰ দাবী জনাবৰ বাবে। আমাৰ গণৰাজ্যৰ প্ৰতিষ্ঠাতাসকলে সংবিধান আৰু স্বাধীনতাৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰাৰ সময়ত সকলোকে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই প্ৰতিশ্ৰুতি আছিল যে শ্বেতাংগই হওক বা কৃষ্ণাংগই হওক, সকলো লোকেই জীৱন, স্বতন্ত্ৰতা আৰু সুখানুভূতি- এই অবিচ্ছেদ্য অধিকাৰসমূহৰ নিশ্চিতি লাভ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আমেৰিকাই কৃষ্ণাংগসকলৰ বেলিকা যে এই মহান প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে তাত কোনো সন্দেহ নাই। প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে আমেৰিকাই আজি নিগ্ৰ’সকলক পৰিহাস কৰিছে, আজিও তেওঁলোক উপযুক্ত প্ৰাপ্যৰ পৰা বঞ্চিত।
কিন্তু আমি বিশ্বাস কৰোঁ যে ন্যায়ৰ ভঁৰাল এতিয়াও উদং হৈ যোৱা নাই। সেয়ে আমি আজি আমাৰ প্ৰাপ্যৰ কৈফিয়ৎ তথা স্বাধীনতা আৰু ন্যায়ৰ সুৰক্ষা বিচাৰি ৰাষ্ট্ৰৰ ওচৰত সমবেত হৈছোঁ। এইয়া লাহ-বিলাহৰ সময় নহয়। এই সময় গণতন্ত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰাৰ, এই সময় পৃথকীকৰণৰ অন্ধকাৰাচ্ছন্ন আৰু অৱহেলিত উপত্যকাৰ পৰা সমতাৰ দিশে খোজ পেলোৱাৰ, এই সময় বৰ্ণবৈষম্যৰ পংকিলতাৰ পৰা মানৱ সমাজক উদ্ধাৰ কৰি ভাতৃত্ববোধক আকোঁৱালি লোৱাৰ সময়।
এই সময় ঈশ্বৰৰ সকলো সন্তানৰ বাবে ন্যায়ক বাস্তবায়িত কৰাৰ সময়। কৃষ্ণাংগসকলৰ সময়ৰ আহ্বানক অৱহেলা কৰাটো জাতিটোৰ পক্ষে ভয়াবহ হ’ব। স্বাধীনতা আৰু সমতা অবিহনে নিগ্ৰ’সকলৰ দুৰ্বিষহ দিনৰ অন্ত নপৰে। ১৯৬৩ সামৰণি নহয়, এক আৰম্ভণিহে।বহুলোকে ভাবে যে হেচাঁ প্ৰয়োগেৰে নিগ্ৰ’সকলৰ ক্ষোভৰ জুইকুৰা নিৰ্বাপিত কৰি সুস্থিৰ অৱস্থা ঘূৰাই আনিব পৰা যায়। কিন্তু আমি এইয়া স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ যে নিগ্ৰ’ৰ নাগৰিক-অধিকাৰ প্ৰতিষ্ঠাৰ অবিহনে আমেৰিকাত শান্তি আৰু বিৰতি অসম্ভৱ। ন্যায়ৰ সোণোৱালী দিনৰ আৰম্ভণি নোহোৱালৈকে বিদ্ৰোহৰ জুইকুৰা দপ্দপাই জ্বলি থাকিব। ন্যায়ৰ কৰেঙৰ দুৱাৰমুখত থিয় হৈ থকা সমূহ জনগণলৈ মোৰ এইয়াই আহ্বান। ন্যায়প্ৰাপ্তিৰ এই প্ৰক্ৰিয়াত আমি অনুচিত কৰ্মৰ বশবৰ্তী হ’ব নালাগিব। আমি যাতে স্বাধীনতা লাভৰ বাবে ঘৃণা আৰু তিক্ততাৰ পথ আকোঁৱালি নলওঁ তাৰ বাবে সদাসচেতন হৈ থকা উচিত।
আমি এই সংগ্ৰাম মৰ্যাদা আৰু শৃংখলাবদ্ধতাৰ উচ্চ মূল্যবোধেৰে পৰিচালিত কৰিবলৈ বদ্ধপৰিকৰ। আমি আমাৰ সৃষ্টিশীল আন্দোলনটোক শাৰীৰিক হিংসাৰ দ্বাৰা অৱনমিত হ’বলৈ দিব নোৱৰোঁ। শাৰীৰিক শক্তিক আত্মাৰ শক্তিৰে প্ৰত্যাহ্বান জনাই উচ্চতৰ পৰ্যায়লৈকে লৈ যোৱটো আমাৰ সামূহিক দায়িত্ব।ৰাষ্ট্ৰৰ সৈন্যশক্তিয়ে নিগ্ৰ’সকলৰ ওপৰত দমন-উৎপীড়ন চলাইছে, সেইবুলিয়েই আমি আমাৰ শ্বেতাংগ ভাই-ভনীসকলক অবিশ্বাস কৰিব নোৱাৰোঁ। আজিৰ এই সমাৱেশত শ্বেতাংগসকলৰ উপস্থিতিয়ে এইয়াই প্ৰমাণিত কৰে যে আমাৰ সামূহিক লক্ষ্যৰ মাজত কোনো পাৰ্থক্য নাই।
শ্বেতাংগসকলৰ স্বাধীনতা আৰু আমাৰ স্বাধীনতা পৰস্পৰ পৰিপূৰক। আমি অকলশৰীয়া নহয়, স্বাধীনতাৰ যাত্ৰাপথত শ্বেতাংগ-কৃষ্ণাংগ সকলোৱেই সংঘবদ্ধভাৱে আগুৱাই যাম। উভতি চোৱাৰ কোনো অৱকাশ নাই। বহুতে মানৱাধিকাৰ কৰ্মীসকলক প্ৰশ্ন কৰিছে, “তোমালোক কেতিয়া সন্তুষ্ট হ’বা?” তেওঁলোকক মই ক’ব বিচাৰোঁ, আমি তেতিয়ালৈকে সন্তুষ্ট নহওঁ যেতিয়ালৈকে নিগ্ৰ’সকল পুলিচৰ অবৰ্ণনীয় পাশবিক অত্যাচাৰৰ বলি হৈ থাকিব।
আমি তেতিয়ালৈকে সন্তুষ্ট হ’ব নোৱাৰোঁ যেতিয়ালৈকে যাত্ৰাৰ ভাগৰত ক্লান্ত নিগ্ৰ’সকলে ৰাজপথৰ দাঁতিৰ মোটেল বা চহৰৰ হোটেলসমূহত জিৰণি লোৱাৰ অধিকাৰ নাপায়। আমি তেতিয়ালৈকে সন্তুষ্ট নহওঁ যেতিয়ালৈকে নিগ্ৰ’সকলে নগৰৰ বস্তিৰ পৰিৱৰ্তে সুপৰিমিত স্থানত বসবাস কৰাৰ অধিকাৰ নাপায়, যেতিয়ালৈকে আমাৰ সন্তানবোৰে বৰ্ণবৈষম্যৰ মৰ্যাদাহীন পৰিৱেশত ডাঙৰ-দীঘল হ’বললগীয়া হ’ব, অথবা যেতিয়ালৈকে মিছিছিপি আৰু নিউয়ৰ্কৰ নিগ্ৰ’ৱে ভোটাধিকাৰ লাভ নকৰিব।
আমি মুঠেও সন্তুষ্ট নহয়। ন্যায়ৰ নিৰ্মল জলধাৰা সকলোলৈকে প্ৰবাহিত নোহোৱালৈকে আমি সন্তুষ্ট নহওঁ।
মই জানো, আপোনালোকে বহু বিপদ আৰু যন্ত্ৰণাক অতিক্ৰম কৰি সমবেত হৈছে, বহুতেই কাৰাগাৰৰ ঠেক কুঠৰীৰ পৰা আৰু বহুতে এনে ঠাইৰ পৰা আহিছে য’ত মুক্তিৰ হকে মাত মতাৰ বাবে আপোনালোক পুলিচৰ বৰ্বৰতা আৰু উৎপীড়নৰ বলি হ’বলগীয়া হৈছে।আপোনালোক সহিষ্ণুতাৰ সুদক্ষ প্ৰ্তিনিধি।
ত্যাগ আৰু সহিষ্ণুতাৰে নিজৰ কাম কৰি যাওক, মুক্তি অৱধাৰিত। আপোনালোক মিছিছিপি, আলাবামা, দক্ষিণ কেৰ’লিনা, জৰ্জিয়া, লুইচিয়ানা অথবা উত্তৰৰ মহানগৰৰ বস্তিসমূহলৈ এই আশা লৈ উভতি যাব যে এদিন পৰিস্থিতিৰ পৰিৱৰ্তন নিশ্চয় হ’ব। আপোনালোক নিৰাশ নহ’ব।
হে মোৰ বন্ধুসকল! বিপদৰ সৈতে হোৱা এই নিৰন্তৰ যুদ্ধৰ মাজতো মই এটা সপোন দেখোঁ। এই সপোন আমেৰিকাৰ সপোনৰ সৈতে একাত্ম। মোৰ এটা সপোন আছে যে আমেৰিকান জাতিয়ে এদিন এই পৰম সত্যৰ সম্ভেদ পাব-“আমি এই স্বতঃপ্ৰমাণিত সত্যত বিশ্বাস কৰোঁ যে সকলো মানুহ জন্মগতভাৱেই সমান”।
মোৰ এটা সপোন আছে যে জৰ্জিয়াৰ ৰঙা-পাহাৰত পূৰ্বৰ দাস আৰু মালিকসকলৰ পুত্ৰই এদিন ভাতৃত্ববোধৰ একেখনি মজিয়াত বহিবলৈ সক্ষম হ’ব, এদিন অন্যায় আৰু উৎপীড়ন জৰ্জৰিত মিছিছিপি প্ৰদেশত মুক্তি আৰু ন্যায়ৰ বিজয়পতাকা উৰিব।
মোৰ এটা সপোন আছে যে আমাৰ সন্তানবোৰে এদিন এনে এখন পৃথিৱীত বাস কৰিব য’ত গাৰ বৰণ নহয় বৰঞ্চ চাৰিত্ৰিক বৈশিষ্ট্যহে পৰিচয়ৰ আধাৰ হ’ব, তীব্ৰ বৰ্ণবাদী গৱৰ্ণৰ শাসিত আলাবামাত এদিন কণ কণ কৃষ্ণাংগ ল’ৰা-ছোৱালীবোৰে শ্বেতাংগ ল’ৰা-ছোৱালীবোৰৰ সৈতে ভাতৃত্ববোধেৰে উদ্বুদ্ধ হৈ হাতে হাত ধৰি আগুৱাই যাব।
মোৰ এটা সপোন আছে যে এদিন উচ্চ-নীচৰ ব্যবধানবোৰ নোহোৱা হৈ ঈশ্বৰৰ মহিমাৰ পুনৰাৱৰ্তন হ’ব। এইয়াই আমাৰ আশা। এই বিশ্বাস বুকুত বান্ধিয়েই মই দক্ষিণ অভিমুখে পুনৰ যাত্ৰা কৰিছোঁ। এই বিশ্বাসেই আমাৰ পৰ্বতপ্ৰমাণ নিৰাশাৰ মাজতো এমুঠি আশাৰ সঞ্চাৰ কৰিছে, আমাৰ পৰস্পৰ তিক্ততাপূৰ্ণ সম্পৰ্কক ভাতৃত্ববোধৰ মূল্যবোধেৰে মহিমামণ্ডিত কৰিবলৈ প্ৰেৰণা যোগাইছে। আমি একেলগে কাম কৰিবলৈ, প্ৰাৰ্থনা কৰিবলৈ, সংগ্ৰাম কৰিবলৈ, কাৰাবাস খাতিবলৈ, মুক্তিৰ হকে ঐক্যবদ্ধভাৱে মাত মাতিবলৈ সক্ষম হোৱাৰ অন্তৰালতো আছে এই চিৰন্তন বিস্বাস। আমাৰ বিশ্বাস আমি এদিন মুক্ত হ’ম।
আমি প্ৰতীক্ষাৰত সেইটো দিনৰ বাবে যিদিনা ঈশ্বৰৰ সকলো সন্তানে সমস্বৰে গাব, “হে মোৰ দেশ, পৱিত্ৰ মুকুতিপ্ৰদেশ; তোমাৰ, হে দেশ, আমি গাওঁ তোমাৰেই জয়গাথা। পূৰ্বজ সৌষ্ঠৱ যাত্ৰিক গৌৰৱ; পাহাৰ-ভৈয়াম-নদী-মৰুপ্ৰান্ত ভেদি বাজক মুক্তি ধ্বনিগাথা”।আমিৰিকাই মহান জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ হ’লে ইয়াৰ বিকল্প নাই।সেয়ে, হে বন্ধুসকল! চাৰিওদিশে মুক্তিৰ জয়ধ্বনি বাজি উঠিবলৈ দিয়া। নিউ-হেম্পশ্বায়াৰৰ উচ্চ শিখৰ অথবা নিউয়ৰ্ক কিম্বা পেন্সিলভেনিয়াৰ দুৰ্জয় পৰ্বতমালাত মুক্তিৰ ধ্বনি ধ্বনিত হওক, মুক্তিৰ জয়শংখ বাজক ক’ল’ৰাডোৰ হিমপৰ্বত অথবা কেলিফ’ৰ্নিয়াৰ বক্ৰ পাহাৰ-চূড়াত, জৰ্জিয়াৰ শৈল-পৰ্বত কিম্বা টেনিচিৰ গিৰিমালাত। মিছিছিপিৰ প্ৰতি পৰ্বতে-কন্দৰে মুক্তিৰ অমোঘ ধ্বনি অনুৰণিত হওক।
যেতিয়া গাঁৱে-চহৰে, দেশে-প্ৰদেশে- চাৰিওদিশে বাজি উঠিব মুক্তিৰ সংগীত সিদিনাই সকলো ঈশ্বৰ-সন্তানে, শ্বেতাংগ হওক বা কৃষ্ণাংগ, ইহুদি কিম্বা জেনটাইল, কেথলিক নতুবা প্ৰটেষ্টাণ্ট, সকলোৱে হাতে হাত ধৰি সমস্বৰে গাব পাৰিম পুৰাতন-নিগ্ৰ’ৰ সেই আত্মিক-সংগীত- “আজি আমি মুক্তিক কৰিছোঁ বৰণ, সদৌশেষত; হে ঈশ্বৰ তুমি মহান; আজি আমি মুক্তিক কৰিছোঁ বৰণ”।
অনুবাদকৰ টোকা : অনুবাদ কাৰ্যত ইংৰাজী শব্দসমূহক যথাসম্ভৱ উচিতৰূপে প্ৰতিনিধিত্ব কৰিব পৰা অসমীয়া শব্দৰ প্ৰয়োগ কৰা হৈছে। উদাহৰণস্বৰূপে- ইংৰাজী creative suffering শব্দযুগলৰ বাবে অসমীয়া সহিষ্ণুতা শব্দটিৰ প্ৰয়োগ কৰা হৈছে। একেদৰে nation শব্দটোৰ বাবে ঠাইভেদে জাতি আৰু ৰাষ্ট্ৰ আৰু freedomৰ বাবে মুক্তি আৰু স্বাধীনতা উভয়ৰ প্ৰয়োগ কৰা হৈছে।

0 Comments