ক’ৰোনা বিষয়ক এটা চীনা কবিতা
লি উৱেনলিয়াঙৰ স্মৃতিত শোকগাথা
মূল কবি : ইউ ছিউহুৱা (চীনা)
অসমীয়া ভাঙনি : জগত বৰা
জিৰণি লোৱা এইবাৰ
অৱৰুদ্ধ বাক-স্বাধীনতাতকৈও বিপজ্জনক
নাই কোনো ভাইৰাছ,
যি পৃথিৱীত সত্যৰ লগত মিলি আছে মিথ্যা
তাতকৈ নাই কদৰ্য কোনো বিশ্ব
নাই কোনো সন্ত্ৰাস
জিৰণি লোৱা এইবাৰ
ইয়াংমী নদীৰ বোৱঁতী পানীত ভাহে নাও
ভাহে ডুবন্ত জাহাজ,
পীত নদীৰ তৰংগত দোলে ফেৰীযাত্ৰীসকল
পিন্ধনত প্ৰেতৰ সাজ
জিৰণি লোৱা এইবাৰ
মোক ধাৰণ কৰিবলৈ দিয়া
লজ্জাকৰ এই জীৱনৰ উপকণ্ঠত
গাবলৈ দিয়া অন্ত্যেষ্টিক্ৰিয়াৰ সংগীত
আতংকিত নহওঁ আমি স্বাভাবিক মৃত্যুৰ
সম্ভাৱনাত
তথাপি নিৰ্ধাৰিত সময়ৰ আগতে জীৱনৰ
সমাপ্তি
যেন জীৱন্তেই পৰি গৈছোঁ কবৰৰ গাঁতত
দেহ-মনত এই আতংক লৈয়েই কৰিছোঁ দিন
যাপন,
স্বৰ্গতো যদি আছে অস্তিত্ব এই জীৱাণুৰ
তাতো যদি তুমি কথা কোৱা
বজোৱা বাক-স্বাধীনতাৰ সপ্তসুৰ
তেনেহ'লে তুমি যাবা ক' লৈ
কি হ'ব তোমাৰ গন্তব্য স্থান
য'লৈ লৈ যাব তোমাক তাৰ পিছত
তোমাক আগুৰি থাকে যেন মানুহে,
চীনা সংস্কৃতি হয় যেন তোমাৰ ভৱিতব্য
সেই মহালোকত নাবান্ধা কিয় তোমাৰ ঘৰ।
অনুবাদকৰ টোকা : ২০১৯
চনৰ ডিচেম্বৰ মাহত চীনৰ য়ুহান প্ৰদেশতে প্ৰথম ক’ৰোনা
(ক’ভিড ১৯)
![]() |
| লি উৱেনলিয়াঙ |
সূত্ৰ : চাইনা ডিজিটেল টাইমছ্ (প্ৰকাশ : ২৫ এপ্ৰিল, ২০২০)

0 Comments