শৃঙ্খল-বিশৃঙ্খল
মূল কবি : সলিল চৌধুৰী
অসমীয়া ভাঙনি : চাণক্য
চিৰাং
![]() |
| সলিল চৌধুৰী |
শৃঙ্খল কথাটোৰ মাজত এটা তলসুৰীয়া আছে
শব্দ৷
চাৰিওফালে বন্ধ এটা কোঠাৰ বমিৰ যেন অঁহীয়া
অঁহীয়া দুৰ্গন্ধ৷
তপামূৰীয়া এজন সংস্কৃত পণ্ডিতৰ চাবুকৰ
আস্ফালন৷
মন্ত্ৰীবৃন্দৰ ৰেডিঅ’ৰ ভাষণ, ভৰিত ভৰি থৈ সৈনিকৰ
মাৰ্চ৷
শৃঙ্খলা কথাটিৰ মাজতো আছে এটা চাতুৰী৷
কথাটো সমতল বাকৰিত থিয় হৈ কব নোৱাৰি,
ওখ প্লেটফৰ্মত উঠি অনায়াসে কব পাৰি৷
শ্ৰোতাসকল সৰ্বকালীন তল খাপৰ আৰু বক্তাই
উপদেষ্টা৷
বিশৃঙ্খলা কথাটোও পিচে শৃঙ্খলাৰ ঠিক বিপৰীত
নহয়৷
শৃঙ্খলাৰ পৰা সম্পূৰ্ণ উন্মুক্ত নহয়, ইয়াৰ মাজতো শৃঙ্খলাৰ এটা খলকনি থাকে
অবশ্যে সেয়া বাজি উঠে বেতালিয়া ভাবে৷
তাৰ মাজতেই এটা ইচ্ছাকৃত অনিচ্ছা বিদ্যমান৷
এক অনৰ্থক বেপৰোৱা গোন্ধ৷
সেয়া যদি স্বতঃস্ফূৰ্ত হ’লহেঁতেন,
তেনেহলে তাৰ মাজতেই সেউজীয়াৰ সম্ভাৱনা
থাকিলহেঁতেন৷
মোৰ মাতৃয়ে সজোৱা সেই সৰু চাংঘৰটোৰ মাজত
কিন্তু
শৃঙ্খলা - বিশৃঙ্খলা দুয়োটাই নাছিল৷
ভৰি মোচা কেথা খনো আঁতৰাবলৈ হলে ভাব হৈছিল
ঘৰখনৰ সমস্ত ভাৰসাম্য বিনষ্ট হ’ল৷
ঘৰখনৰ আনন্দ কিন্তু এই ধৰণৰ আছিল যে
ভৰি টিপি টিপি অতি সাবধানে ইফাল সিফাল
ঘূৰাৰ কথা কেতিয়াও মনলৈ অহা নাছিল৷
ঘৰৰ সকলো বস্তু বাহানি ব্যৱহাৰৰ বাবে
অপৰিপাটিকৈ যেন প্ৰতীক্ষা কৰিছিল৷
আশা কৰিছিল পুনৰ কেতিয়া মাতৃৰ হাতৰ পৰশ
পাই সুখী হব৷
মা’ৰ গালি শপনি সিহঁতে শুনিব, তাৰ পিচত দুৰন্ত পুত্ৰৰ
দৰে নিজৰ নিজৰ বিছনাত গৈ শুই থাকিব৷
দেউতাৰ মৃত্যুৰ পিছত ঘৰখন বৰ পৰিপাটিকৈ
সজাই ৰাখিছিল৷
দেউতাকৰ ফটা - ছিঙা কাগজ পত্ৰ, চিগাৰেটৰ টুকুৰা মজিয়াত আৰু পৰি নাথাকিছিল৷
পঢ়াৰ টেবুলত ব্ৰেকফাষ্টৰ থাল,
খোৱাৰ টেবুলত কিতাপ পত্ৰ,
এখন কামিজ উলিওৱাৰ পিচত আলমাৰিৰ কাপোৰে
তোলপাৰ লগোৱা বে-মিছিল
এনে কিছু কামেই আৰু ঘটা নাছিল৷
মা’ৰ,
যেন কোনো কামেই নাছিল৷
মোৰ ভাব হৈছিল, মা’ৰ লগে লগে ঘৰৰ সকলো
বস্তু বাহানি
ব্যৱহাৰৰ বাৱে অ’ত ত’ত পৰি থাকি মুক্তি পোৱাৰ
বাবে অনশন কৰিছিল৷
মই আকৌ বৰ বৰ বহুত ঘৰ সজোৱা দেখিছোঁ৷
সজোৱা কিন্তু ঠিক পৰিপাটি নহয়৷
সেয়া ইংৰাজীত কোৱা ধৰণে টিপটপ৷
সেইবিলাকৰ মাজত মাহে দৰ্মহা পোৱা লগুৱা
লিগচৌৰ হাতৰ অনাদৰ স্পৰ্শ আছে৷
কিন্তু পৰিপাটিকৈ ৰখাৰ ক্ষেত্ৰত ভালপোৱা
নিহিত থাকে,
শৃঙ্খলাৰ মাজত সেয়া নাই৷
অপৰিপাটিৰ মাজতো প্ৰত্যাশা আছে,
বিশৃঙ্খলাৰ মাজত কিন্তু সেয়া নাই৷
শৃঙ্খলা কথাটি পুৰুষ
পৰিপাটি মানেই নাৰী৷

0 Comments