আফগানিস্তানৰ কবি 'নাদিয়া অঞ্জুমন'ৰ চাৰিটা কবিতা
মূল: নাদিয়া অঞ্জুমন
অসমীয়া ভাঙনি: ৰুবুল দাস
(১)
মোৰ হৃদয়ৰ ক্ৰন্দন
মোৰ
হৃদয়ৰ ক্ৰন্দন
জিলিকে
কোনোবা তৰাৰ দৰে ।
আৰু
মোৰ উৰণৰ পখীয়ে
চুৱে
আকাশক ।
(২)
কোন ডকাইতে
এয়া
কোন ডকাইতে
তোমাৰ সপোনৰ
বিশুদ্ধ
সোনৰ মূৰ্তিটোক
এই
ভীষণ ধুমুহাত
লুটি নিলে ?
(৩)
মই কপাহ নহওঁ
মই কোনো
কপাহৰ
ঠুনুকা গছ নহওঁ
যে যিকোনো বতাহতে
হাউলি পৰিম ।
মই এগৰাকী
আফগান নাৰী
যাৰ অৰ্থ মাথোঁ
বুজা যায়
চিৎকাৰতহে ।
(৪)
ক'ৰবাৰপৰা
স্মৃতিবোৰ লৈ আহা
ক'ৰবাৰপৰা
স্মৃতিবোৰ লৈ আহা
স্বচ্ছ পানীৰ ।
বিস্মৃতিৰ
এই নদীত,
মোৰ আত্মা লুতুৰি-পুতুৰি হৈ পৰি আছে
বালিত ।
কবি পৰিচয় : নাদিয়া
অঞ্জুমন এগৰাকী আফগান কবি। 1980 চনৰ 27 ডিচেম্বৰ তাৰিখে আফাগানিস্তানৰ হেৰাট চহৰত তেওঁ জন্মগ্ৰহণ
কৰে। এই গৰাকী সাহসী আৰু
প্ৰৱল প্ৰতিভাসম্পন্ন কবিৰ খুব কম বয়সতে মৃত্যু হয়। 2005 চনৰ 4 নৱেম্বৰ তাৰিখে তেওঁ এই পৃথিৱীৰ মায়া এৰি গুচি যায়। তেওঁৰ কবিতাবোৰত নাৰীমনৰ মৰ্মবেদনাৰ
সমান্তৰালভাৱে সাহসী কন্ঠস্বৰ এটাৰ অনুৰণন দেখা যায়।
.

0 Comments