আংকল
মূল(তামিল) : আঝাগিয়াচিঙ্গাৰ
অনুবাদ : স্বাতী কিৰণ
কেইটামান নীৰৱ মুহূৰ্ত পাৰ হৈ গ’ল৷ মোৰ পত্নীয়ে মই একাপ কফি খাম নেকি সুধিলে৷ মই একো উত্তৰ নিদিলো৷
মোৰ মুখলৈ চাই পত্নীয়ে মোৰ যে প্ৰচণ্ড খং উঠি আছে সেইটো বুজি পালে৷ পত্নীয়ে মোক বুজাবলৈ
চেষ্টা কৰিলে– “তুমি শান্ত হোৱাচোন৷ ইমান চিন্তা কিয় কৰিছা? সিহঁতে শ্যামৰ খুব ভালকৈ যত্ন ল’ব,
মৰম কৰিব৷ ”
“হ’ব পাৰে, কিন্তু মোৰ ভাব
হৈছে তুমি নিজৰ ল’ৰাটোৰ বাবে
অলপো চিন্তা নকৰা, তোমাৰ তাৰ প্ৰতি
কোনো দায়িত্ববোধ নাই৷ ”
“তুমি নুবুজা কিয়
বাৰু,
মোৰ ওচৰত কোনো বিকল্প নাছিল৷ ”
“তুমি ছুটী কিয়
নল’লা? ” মই খঙেৰে সুধিলো৷
“মোৰ সকলো ছুটী
সম্পূৰ্ণ শেষ হ’ল বুলি তুমি জানাই
দেখোন৷ চাবা সিহঁতে মোতকৈ বেছি ভালকৈহে শ্যামৰ যত্ন ল’ব৷ ”
“নিজৰ ল’ৰাটোৰ প্ৰতি তোমাৰ অন্তৰত দয়া-মমতা একো নাই নেকি? ” মই তাইক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰিলো৷
পত্নীয়ে কোনো উত্তৰ নিদিলে৷ পত্নীৰ
নীৰৱতাই পিছে মোৰ মনৰ ভিতৰৰ ধুমুহাজাক শান্ত কৰিব নোৱাৰিলে৷ মোৰ মনৰ মাজত উত্তৰবিহীন
প্ৰশ্ন– ‘নিজৰ পুত্ৰক ইমান দীঘলীয়া সময়ৰ বাবে তাই কেনেকৈ লোকৰ হাতত এৰি
আহিব পাৰিলে? ’
মাতৃ হিচাপে তাইৰতো পুত্ৰৰ সৈতে
আত্মীয়তা মোতকৈয়ো অধিক হ’ব লাগিছিল৷
মোৰ ভাব হ’ল এই মুহূৰ্ততে যদি কোনোবাই – ‘কোনে সন্তানক বেছি মৰম কৰে মাকে নে দেউতাকে? ’ এনেধৰণৰ বিষয়ত মত বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰে তেন্তে মোৰ
পত্নীয়ে একে আষাৰেই উত্তৰ দিব ‘দেউতাকে’৷ পৰিস্থিতিটো কল্পনা কৰিয়েই মই শ্বাসৰুদ্ধ অনুভৱ
কৰিলোঁ৷
দ্ৰুতবেগী ৰে’লৰ গতি আৰু মোৰ কল্পনাৰ গতি মিলি গ’ল৷ মোৰ কাষতে বহি থকা পত্নীক মোৰ তেনেই অচিনাকি যেন লাগিল৷ মই
চৰম অস্বস্তি অনুভৱ কৰিলো৷ মোৰ মনৰ আকাশ কলীয়া ডাৱৰেৰে ভৰি পৰিল৷
কেইঘন্টামানৰ আগৰ কথা৷ মোৰ মনত পৰিল৷ শ্যামে খিৰিকীৰ গ্ৰীলত ধৰি ৰাস্তালৈ
চাই আছিল আৰু মই লুকাই লুকাই আঁতৰৰপৰা শ্যামকেই চাই আছিলো৷ ইতিমধ্যে শাহু আৰু জেশাহুৱে
শ্যামক সাত মাহৰ বাবে নিজৰ লগত ৰাখিব বুলি ঘোষণা কৰিছিল৷ মই এই কথাৰ তীব্ৰ বিৰোধিতা
কৰিছিলো কিন্তু শাহু আৰু জেশাহু দুয়ো আছিল নিজৰ সিদ্ধান্তত অলৰ-অচৰ৷ মোৰ নিঃসন্তান
জেশাহুৱে মোক তেওঁলোকৰ প্ৰস্তাৱটো নাকচ কৰাৰ কোনো সুযোগেই নিদিলে৷ জেশাহু অতি জেদী
আৰু আঁকোৰগোজ স্বভাৱৰ৷
মোৰ একমাত্ৰ সন্তান শ্যামৰ সৈতে
মোৰ সম্ভাৱ্য বিচ্চেদে মোৰ মনত তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰিছিল৷ এটা তিনিবছৰীয়া ল’ৰা... ইমান সুদীৰ্ঘ দিন নিজ পিতৃ-মাতৃৰপৰা আঁতৰত ৰখাটো কেনেকুৱা
সিদ্ধান্ত! অথচ মই আছিলো অসহায়৷ মই বাৰম্বাৰ নিজকে পতীয়ন নিয়াবলৈ চেষ্টা কৰিলো যে শাহু
আৰু জেশাহুৱে আমাতৰৈ বেছি ভালকৈ শ্যামক চোৱাচিতা কৰিব, যত্ন ল’ব৷ কিন্তু মোৰ মনে কোনোপধ্যেই এয়া মানি ল’ব খোজা নাছিল৷
এটা অতিনাটকীয় দৃশ্যৰ অৱতাৰণা কৰিব খোজা নাছিলো বাবেই মই নীৰৱে
জেশাহুৰ ঘৰ এৰি আহিছিলো৷ অথচ মোৰ বুকুৰ মাজত তেতিয়া ক্ষোভৰ জুই জ্বলি আছিল৷ বাঙ্গালোৰ
ষ্টেছন পোৱাৰ লগে লগে শ্যামৰ চিন্তাই মোক ব্যাকুল কৰি তুলিছিল৷ মই যে নিজৰ মনৰ ভাব
মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰিলো এই কথাটোৱে মোক ভিতৰি ভিতৰি দহিবলৈ আৰম্ভ কৰিছিল৷ মই
যিমানে ভাবিছিলো সিমানে মোৰ খং বাঢ়ি গৈছিল৷
ৰে’লখন তীব্ৰগতিত
বাঙ্গালোৰৰপৰা চেন্নাই অভিমুখে গৈ আছিল৷ এসময়ত আমি চেন্নাই পালোহি৷ পত্নী আৰু মই সম্পূৰ্ণ
অচিনাকি মানুহৰ দৰে ৰে’লৰপৰা নামিলো৷
মই বাছষ্টেণ্ড অভিমুখে খোজ দিলো৷ পত্নীয়ে মুখেৰে এটাও শব্দ উচ্ছাৰণ নকৰাকৈ ছাঁ এটাৰ
দৰে মোক অনুসৰণ কৰিলে৷ বাছষ্টেণ্ডত অপেক্ষা কৰি থকাৰ সময়তো মই তেওঁৰ সৈতে একো কথা নাপাতিলো৷
অভিমান আৰু খঙৰ বাবে আমাৰ মাজত এখন অদৃশ্য দেৱালৰ সৃষ্টি হৈছিল৷ মোৰ মনৰ মাজত এনে যন্ত্ৰণা
হৈছিল যে বাছষ্টেণ্ডৰ কাষতে থকা চিকিৎসালয়খনৰ বগা সাজ পিন্ধা নাৰ্চসকলক দেখি এনে লাগিল
যেন তেওঁলোক মানুহ নহয় বৰঞ্চ ভাবলেশহীন মুখমণ্ডলৰ সৈতে যন্ত্ৰচালিত পুতলাহে৷
অৱশেষত আমি অপেক্ষা কৰি থকা বাছখন আহিল৷ একমুহূৰ্তৰ বাবে মোৰ
ভাব হ’ল পত্নীয়ে মই উঠা বাছখনত নুঠিব আৰু মোৰ জীৱনৰপৰা আঁতৰি
ভীৰৰ মাজত হেৰাই যাব৷ পিছে মোৰ সেই অদ্ভুত বাসনা পূৰণ নহ’ল৷ অত্যন্ত স্বাভাৱিকভাৱে পত্নী মই উঠা বাছখনতেই উঠিল৷
মই বাছৰ ছীট এটা অধিকাৰ কৰি দন্দুৰা মানুহৰ দৰে মুখ ওন্দোলাই
বাছযাত্ৰা আৰম্ভ কৰিলো৷ মই থনথন মদন গোপাল হৈ বহি থাকোঁতেই কোনোবাই মোৰ পকেট মাৰিলে৷
বাছৰ পৰিচালকজনে টিকট চাব খোজোতেহে মই পকেটত হাত দি গম পালো পাৰ্চটো নাই৷ মই মোৰ খং
নিয়ন্ত্ৰণ কৰাৰ অসমৰ্থতা আৰু ভাব জগতত নিমগ্ন হৈ অহাৰ উপযুক্ত শাস্তি পালো৷
এদিন-দুদিনকৈ সময়বোৰ পাৰ হৈ গ’ল৷ মোৰ খং লাহে লাহে কমি আহিল৷ পত্নী আৰু মোৰ সম্পৰ্কটো আকৌ
আগৰ দৰে স্বাভাৱিক হৈ পৰিল৷ দাম্পত্য জীৱনলৈ পূৰ্বৰ মাদকতা ঘূৰি আহিল৷
দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজতেই সাতটা মাহ ক’ব নোৱাৰাকৈয়ে পাৰ হৈ গ’ল৷ এই সাতটা মাহত শ্যামৰ অনুপস্থিতি পত্নী আৰু মই বাৰুকৈয়ে অনুভৱ কৰিছিলো৷ বিচ্চেদ
পৰ্বৰ অন্ত পেলাবৰ বাবে আমি দুয়ো শ্যামক আনিবলৈ বাঙ্গালোৰলৈ ৰাওনা হ’লো৷
আগৰবাৰৰ তিক্ততাৰ বিপৰীতে এইবাৰৰ ৰে’লযাত্ৰা আছিল অতিশয় সুখপ্ৰদ৷ পত্নীৰ সান্নিধ্যত মই গৰ্ব আৰু
পুলক অনুভৱ কৰিছিলো৷ সমগ্ৰ যাত্ৰাকালত পত্নীয়ে মোৰ বাহুত এনেদৰে মূৰ থৈ আহিল যেন তেওঁ
নিজৰ অধিকাৰহে সাব্যস্ত কৰিছে৷ এই অধিকাৰ তাই উপভোগ কৰিলে৷ লগতে ময়ো৷
বাঙ্গালোৰত ট্ৰেইনৰপৰা নামি দুয়ো নৱদম্পতীৰ দৰে হাতত ধৰাধৰিকৈ
জেশাহুৰ ঘৰলৈ খোজ ল’লো৷
জেশাহুৰ ঘৰত প্ৰৱেশ কৰিয়েই পত্নীয়ে শ্যামক কোলাত তুলি লৈ তাক
মৰমৰ চুমাৰে উপচাই পেলালে৷ মই শ্যামক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিলোঁ৷ মোৰ এনে লাগিল শ্যাম
যেন ক্ষীণাইছে৷ মোৰ মনৰ ভাৱ বুজিব পাৰি জেশাহুৱে জনালে কিছুদিনৰ আগতে শ্যামৰ জ্বৰ হৈছিল৷
মই শ্যামক চুবলৈ হাত মেলিলো৷ সি আঁতৰি গ’ল৷ মাকক দেখি আনন্দত আত্মহাৰা হোৱা শ্যামে কিন্তু মোক অপৰিচিতৰ
দৰে ব্যৱহাৰ কৰিলে৷ মই তাক হহুৱাবলৈ চেষ্টা কৰিলো৷ মোৰ ধেমেলীয়া অঙ্গী-ভঙ্গী দেখি সি
হাঁহিলে৷ পিছে আঁতৰতে থাকিল৷ মই তাক সাবটি ল’ব খোজোতে সি ভয় খোৱাৰ দৰে চিৎকাৰ কৰি উঠিল৷ মই মোৰ পত্নীলৈ খঙেৰে চালো৷ তেওঁ বুজাবলৈ
চেষ্টা কৰিলে৷
শাহুৱে ক’লে,
“সি আচলতে তোমাক বহুদিনৰ মূৰত দেখাৰ বাবে এনেকুৱা কৰিছে৷ ” পিছে তেওঁৰ ওঁঠৰ কোণত লাগি থকা হাঁহিটোৱে মোক বিদ্ৰূপ কৰা যেন
লাগিল৷ গোটেই পৰিৱেশটো মোৰ বাবে অসহ্যকৰ হৈ পৰিল৷ জেশাহুৰ ঘৰৰপৰা মোৰ সেই মুহূৰ্ততে
ওলাই আহিবলৈ মন গ’ল৷ পিছে
তেনেকুৱা কৰিলে শাহু আৰু জেশাহুৱে ভাবিব মই তেওঁলোকক অপমান কৰিছো৷ তাতে যোৱা সাতমাহে
তেওঁলোকে শ্যামৰ ইমান যত্ন লোৱাৰ পিছত এনে কৰাটো হ’ব অতি অভদ্ৰামি৷
ঘড়ীৰ কাঁটা আগুৱাই গ’ল৷ শ্যামে মোৰ প্ৰতি কোনো আগ্ৰহ প্ৰদৰ্শন নকৰিলে৷ শাহু, জেশাহু, পত্নী সকলোৱে শ্যামক
বিভিন্ন ধৰণেৰে ফুচুলাই মোৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিলে৷ কিন্তু তেওঁলোকে মুখ টিপি টিপি
হাঁহি থকা দেখি বুজিব পাৰিলো শ্যাম যে মোৰপৰা আঁতৰি আছে এই কথাটোত তেওঁলোকে এক বিশেষ
তৃপ্তি লাভ কৰিছে৷
অৱশেষত সকলোৰে বুজনিত চুচুক-চামাককৈ শ্যাম মোৰ ওচৰলৈ আহিল আৰু
সংকোচ বিজড়িত কন্ঠেৰে লাজ-লাজকৈ মাত
দিলে– “আংকল”৷
লেখক পৰিচিতি:
নৱীনাৱিৰুৎচম সাহিত্য পত্ৰিকাৰ সম্পাদক আঝাগিয়াচিঙ্গাৰ তামিল সাহিত্য জগতৰ এজন জনপ্ৰিয় লেখক৷ তেখেত একাধাৰে কবি, গল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতে ‘ত্ৰিপুৰ তামিল মঙ্গম’ পুৰস্কাৰ লাভ কৰিছে৷ নৱীনাৱিৰুৎচম সাহিত্য পত্ৰিকাৰ এপ্ৰিল-জুন ১৯৯৭ সংখ্যাত প্ৰকাশিত এই আংকল গল্পটোৰ বাবে তেখেতে ১৯৯৮ চনত ‘কথা বঁটা’ লাভ কৰিছিল৷ এই বঁটাৰ নিৰ্বাচকমণ্ডলীৰমতে আংকল গল্পটোত মানৱীয় সম্পৰ্কৰ মাজৰ গোপন সত্যক সংবেদনশীল ভাষাৰে প্ৰকাশ কৰা হৈছে৷
[অনুবাদকৰ একাষাৰঃ মূল তামিল গল্পৰ শীৰ্ষক অসমীয়াত একে ৰখা হৈছে]

1 Comments
Dhanyobad
ReplyDelete