আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০
: সমুদ্ৰ
কাজল শইকীয়া
অনুবাদ, তৰ্জমা, ভাঙনি, ভাষান্তৰ- ইংৰাজী translation শব্দৰ বিপৰীতে এই আটাইকেইটা অসমীয়া
ৰূপৰ ভিতৰত আজিকালি ‘অনুবাদ’ শব্দটোৰে প্ৰচলন বেছি। অসমীয়া কথ্যৰূপৰ সৈতে ‘ভাঙনি’টো নিভাঁজ সুৰীয়া, এটা ভাষাৰ পৰা আন এটালৈ ভাঙি অনা হয় বুলি বুজিবলৈও সহজ। তৰ্জমাৰ
মূল- পাৰস্যৰ তাৰ্জোম ترجمه, আৰবী তৰজমা تَرْجَمَة । ‘ভাষান্তৰ’টোও অত্যন্ত স্পষ্ট :
ভাষা+ অন্তৰ (স্থানান্তৰ, ৰূপান্তৰ ইত্যাদি)। ইংৰাজীত
থকা ‘trans’ কথাষাৰৰ সৈতে এই অন্তৰটো ওচৰ ছপা।
‘অনুবাদ’ক অনুবাদ কিয় বোলা হয় আৰু ইয়াৰ ব্যৱহাৰ্যতা অধিক নেকি এই এটা
প্ৰশ্ন উঠে। অনুবাদ শব্দত থকা অনু-টো সৰ্গ বা প্ৰত্যয় নে সমগ্ৰ শব্দটো এটা সমাস? ইও এটা প্ৰশ্ন। অসমীয়া প্ৰত্যয়সমূহৰ মাজত ‘অনু’ এটা উপসৰ্গ হয়। হেমকোষত
আনবোৰ অনু উপসৰ্গবিশিষ্ট শব্দৰ বিপৰীতে অনুবাদ শব্দৰ ব্যাখ্যাত ‘অনু’ শব্দৰ এটা মানে ধৰি লোৱা
আছে- (অনু, সদৃশ+ বাদ, কথা)। ইয়াত (অনু,
উপস.) বুলি
উল্লেখ নাই। কিন্তু একেসময়তে ‘অনু’ শব্দৰ কোনো সুকীয়া মানে নাই, মানে ই নিজে নিজৰ ভৰিত অকলে থিয় দি থাকিব নোৱাৰে। [অনু, উপস, (সং.) পাচ, তুল্য, ইত্যাদি: যেনে অনুগামী, অনুৰূপ ইত্যাদি,
a prefix implying after, like, along etc.]। সেয়ে অনুবাদ প্ৰত্যয়ৰো উদাহৰণ
সমাসৰো। অনুকল্প, অনুকাৰ, অনুক্ৰম, অনুগত, অনুবৰ্তী, অনুবৃত্তি- এই সকলোবোৰ
অনু-উপসৰ্গই এটা আগতীয়া অস্তিত্বৰ পৰৱৰ্তী কিম্বা তদানুৰৰূপ সমান্তৰাল ৰূপৰ আভাস দি
থাকে। অনুপ্ৰাস- কথাষাৰে বুজাৰ একে ধ্বনিৰ সমৰূপৰ পুনৰাবৃত্তি। আনকি অনুতাপ কথাষাৰতো
এটা পূৰ্ৱাপৰ কাণ্ডৰ চেতনা থাকে। এইবোৰ বিবেচনাৰ ‘অনু’ উপসৰ্গ এক সাৰ্থক প্ৰয়োগ।
আনফালে ‘বাদ’ শব্দৰো মানে বিশাল। বাদ-বিচাৰ, বাদ-বিবাদ বা বাদী [সং. ৱাদিন্, কওঁতা, গুচৰীয়া- ৱদ, কথা ক) কওঁতা, প্ৰকাশ কৰোঁতা…(দ্ৰ: হেমকোষ)] আদি শব্দৰ ধাৰণাৰে বাদ মানে এটা বক্তব্য যেনেকৈ
হয়, তেনেকৈয়ে ই ‘এটা প্ৰত্যয়৷ কোনো কাম বা প্ৰক্ৰিয়া৷ কোনো ব্যক্তি, সংগঠনৰ নিয়ম, আদৰ্শ’ (শব্দ(ডট)অৰ্গ)৷
অনুবাদ এটা জটিল প্ৰক্ৰিয়া। ‘ভাঙনি’ কথাষাৰ অতি সৰল। একেদৰেই ‘ভাষান্তৰ’ কথাষাৰো একমাত্ৰিক- কেৱল ‘এটা ভাষাৰ পৰা আন এটা ভাষালৈ’ ইমানকণেই ই ইংগিত কৰি থাকে। এনেবোৰ কাৰণতেই translation, rendering, interpretation, version, metaphrase,
rending, transfer, trek, metastasis, transference, আদি সমস্তবোৰ দিশ সাঙুৰিবলৈ হ’লে ‘অনুবাদ’ শব্দৰ ব্যাপক প্ৰচলন আচলতে সুবিধাজনক। [হীৰুদাইতো “অসম্ভৱ অনুবাদ তাৰ”
বোলা এক
বাক্যাংশৰে ইয়াৰ সম্ভাৱনা আৰু বেছি বহলাই থৈ গৈছে]। ইমানখিনি কথা ওলালেই যেতিয়া ‘বাদানুবাদ’ শব্দটোলৈকো মনত পেলাই
দিওঁ। এই শব্দটোৰ মাজতেই এটা সংঘাত আছে। অনুবাদ থাকিবলৈ হ’লে তাৰ আগতে এটা বাদ থাকিব লাগিব- এই কথা এই শব্দয়ো নিজে নিজেই
স্পষ্ট কৰে। আকৌ বাদ আৰু অনুবাদ মিলিলে যে তাত এটা সংঘাত থাকে এই কথাৰো ইংগিত এই শব্দটোৱে
দিয়ে। এইটো অত্যন্ত মজাৰ দিশ। সকলো অনুবাদেই এটা সংঘাতৰ ইংগিত বহন কৰি থাকে, সেইবাবেই কাজিয়াখোৰ মানৱে অনুবাদত ইমান মজা পায়!
আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱস ২০২০-ৰ ওলগ।

0 Comments