বন্দী-শিৱিৰৰ পৰা (বন্দী শিবিৰ থেকে)
মূলঃ শামসুৰ
ৰাহমান
অসমীয়া অনুবাদঃ খগেশ সেন ডেকা
ঈৰ্ষাতুৰ নহওঁ, তথাপি মোৰ
তোমালোকলৈ আজি বৰ ঈৰ্ষা হৈছে৷ তোমালোকে সুন্দৰ সুন্দৰ কাপোৰ-কানি পৰিধান কৰা, পাৰ্কৰ বেঞ্চত বহি আলাপত মচগুল হোৱা
সেই বাবে কেতিয়াও নহয়৷ ভাল বস্তু খোৱা বোৱা কৰা
ফূৰ্তি কৰা সবান্ধৱে, সেই কাৰণেও নহয়৷
বন্ধুসকল তোমালোক যিসকল কবি,
স্বাধীন দেশৰ কবি, তেওঁলোকৰ সৌভাগ্য
দেখি
মই বৰ ঈৰ্ষান্বিত আজি৷
যেতিয়াই যি ইচ্ছা
মন-পচন্দৰ শব্দ কিমান যে সহজে কৰা ব্যৱহাৰ
তোমালোক সকলোৱে৷
যেতিয়া যি শব্দ বিচৰা, পাই গ'লেই তাক ৰূপ দিয়া পয়াৰৰ,
কেতিয়াবা অমিত্ৰাক্ষৰত, ক্ষীপ্ৰ মাত্ৰাবৃত্তত
কেতিয়াবা৷
সেই আটাইবোৰ কবিতা, যেন ৰাজহাঁহ,
দৃপ্ত ভংগীমাৰে মানুহৰ
নিচেই কাষ চাপি যায়, আদৰ বিচাৰি৷
অথচ এই দেশত মোৰ আজি দমবন্ধ
এই বন্দী শিৱিৰত
মূৰ আফালি মৰিলেও নোৱাৰো কৰিব উচ্চাৰণ
মন-পচন্দৰ কোনো শব্দ৷
মনে বিচৰা সকলো কবিতা লেখাৰ
অধিকাৰ সিহঁতে
কৰিছে হৰণ৷
প্ৰকাশ্য পথত যদি তাৰ সলনি ফুল চৰাই জোন
এনেকি নাৰী ইত্যাদি শব্দাৱলী
কৰোঁ উচ্চাৰণ, কোনেও নকৰে বাৰণ
কেতিয়াও
কিন্তু কিছু কিছু শব্দক কৰিছে
বেআইনী সিহঁতে
ভয়ানক বিস্ফোৰক ভাবি৷
স্বাধীনতা বোলা শব্দটো
ভৰা কণ্ঠেৰে দীপ্ত উচ্চাৰণ কৰি বাৰে বাৰে
তৃপ্তি পাবলৈ বিচাৰোঁ৷ চহৰৰ ওচৰে পাজৰে
প্ৰতিটো ৰাস্তাত
অলিয়ে গলিয়ে
ৰঙীন চাইনব'ৰ্ডত, প্ৰতিখন ঘৰত
স্বাধীনতা নামৰ শব্দটো
লিখি দিব বিচাৰোঁ
বৰ বৰ হৰফেৰে৷
স্বাধীনতা শব্দটো ইমান যে প্ৰিয় মোৰ
কেতিয়াও জনা নাছিলো আগে৷ বন্দুক উঠাই
স্বাধীনতা, বাংলাদেশ—এইবোৰ শব্দৰ পৰা সিহঁতে
মোক বিচ্ছিন্ন কৰি ৰাখিছে সৰ্বদা৷
অথচ নাজানে সিহঁত কোনেও
গছৰ পাতত, ফুটপাথত
চৰাইৰ পাখিত অথবা নাৰীৰ দুচকুত
পথৰ ধূলিত
গৰীবৰ চুবুৰীৰ দুৰন্ত ল'ৰাটিৰ
হাতৰ মুঠিত
সদায়ে দেখোঁ—জ্বলি থাকে
স্বাধীনতা নামৰ শব্দটি৷

0 Comments