দেউতাৰ সহায়
মূলঃ Father's Help
মূল গল্পকাৰঃ আৰ.কে.নাৰায়ন
অসমীয়া অনুবাদঃ মিণ্টুল হাজৰিকা
বিচনাত শুই শুই ছোয়ামীয়ে হঠাৎ গম
পালে যে আজি সোমবাৰ৷ যদিও অলপ আগতে তাৰ মনত
ধাৰণা হৈছিল যে শুক্ৰবাৰৰ শেষ প্ৰহৰটি চলি আছে৷ কিন্তু ইতিমধ্যে সোমবাৰ আহি হাজিৰ৷
সি ভাবিলে এইমাত্ৰ এটা ভূমিকম্প আহি স্কুলৰ অট্টালিকাটো ধূলিসাৎ কৰি পেলায়৷কিন্তু আলবাৰ্ট
মিছনেৰী স্কুলৰ সেই মজবুত আট্টালিকাটো এনেকুৱা
প্ৰাৰ্থনা উপেক্ষা কৰি প্ৰায় একৈছ বছৰৰ পৰা মূৰ দাঙি থিয় হৈ আছে৷
নটা বজা দেখি ছোয়ামীনাথনে আৰ্তনাদ কৰি উঠিল, "মোৰ মূৰৰ বিষ৷"
তাইৰ মাকে ক’লে, ঘোঁৰা গাড়ীত উঠি গুচি যাবা ?"
"ৰাষ্টাৰ সেই মূৰত গৈ মই মৰো আৰু ন?" তুমি জানা নে ঘোঁৰা গাড়ীত
ঠেকেঁচা খাই কেনে লাগে?"
" তোমাৰ বাৰু আজি কিবা জৰুৰী পঢ়িব লগা আছে?"
"বিশেষ জৰুৰী নাই! ভূগোলৰ ছাৰে এক বছৰৰ পৰাই একেবোৰকেই পঢ়াই আছে৷ আৰু
অংকৰ ক্লাছ আছে,তাৰ মানে সম্পূৰ্ণ পিৰিয়ডটোতে ছাৰৰ চেকনিৰ কোব খাব লাগিব৷...জৰুৰী পঢ়া!"
আৰু তেতিয়া মাকে উদাৰ হৈ ছোয়ামীক স্কুললৈ নোযোৱাৰ পৰামৰ্শ দিলে৷
ছাৰে ন বজাত, যিসময়ত ছোয়ামীয়ে স্কুলৰ ফিল্ডত চিঞৰ বাখৰ কৰাৰ প্ৰয়োজন আছিল
সেইসময়ত সি তাৰ মাকৰ বিছনাত শুই আছে৷
তাৰ দেউতাকে সুধিলে," "স্কুল নাই আজি?"
"মূৰৰ বিষ৷" ছোয়ামীয়ে উত্তৰ দিলে৷
" মিছা কথা! ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱা৷''
"মূৰৰ বিষ৷"
" সেইকাৰণে ৰবিবাৰে ইফালে সিফালে অলপ কমকৈ ফুৰা চকা কৰিলেই সোমবাৰে
মূৰৰ বিষৰ অজুহাতৰ প্ৰয়োজন নহয়৷"
ছোয়ামীয়ে জানে যে তাৰ দেউতাকে তাৰ কৌশলটোকে বৰবাদ কৰি পেলালে৷ "মই
ইমান পলমকৈ স্কুললৈ যাব নোৱাৰোঁ৷"
"স্কুললৈতো তুমি যাবই লাগিব সোণ কাৰণ,এইটো তোমাৰ নিজৰেই দোষ৷ নোযোৱা
বুলি ভবাৰ আগতে তুমি মোক এবাৰ সুধিব লাগিছিল৷"
"কিন্তু মই ইমান পলমকৈ গ’লে ছাৰে কি ভাবিব?"
"তেওঁক ক’বা যে তোমাৰ মূৰ বিষাই আছিলে সেইবাবে পলম হ’ল৷
" এই কথা ক’লে তেওঁ মোক ধৰি পিটিব৷"
"হয় নেকি? চাওঁ,তেওঁৰ নামটো কি?"
"চেমুৱেল৷"
"তেওঁ ল’ৰাবোৰক মাৰে?"
" তেওঁ বৰ হিংস্ৰ ,বিশেষকৈ পলমকৈ অহা ল’ৰাবোৰৰ প্ৰতি৷ কিছুদিন আগতে
এজন ল’ৰাই পলমকৈ অহাত সি গোটেই পিৰিয়াডটোতে কাণত ধৰি তলমূৰকৈ থাকিব লগা হৈছিল৷ মই চেমুৱেলৰ
ক্লাছত পলমকৈ যাব নিবিচাৰোঁ৷"
" তেওঁ যদি ইমানেই হিংস্ৰ হয়,তেনেহ’লে তোমালোকে এই বিষয়ে হেডমাষ্টৰক
কিয় কোৱা নাই?"
"সকলোৱে কয় যে হেডমাষ্টৰেও চেমুৱেলকক ভয় কৰে৷তেওঁ ইমানেই হিংস্ৰ৷"
তাৰ পিছত ছোয়ামীয়ে চেমুৱেলৰ এটা ভয়ংকৰ বৰ্ণনা দিলে৷ কেনেদৰে তেওঁ এবাৰ কাৰোবাক
পিটিবলৈ আৰম্ভ কৰিলে তাৰ হাতত তেজ নেদেখালৈকে নেৰে;তাৰপিছত ল’ৰাটোক তেওঁ তেজৰ ফোঁট
কঁপালত আঁকি ল’বলৈ বাধ্য কৰে৷
ছোয়ামীয়ে আশা কৰিলে যে তাৰ দেউতাকে হয়তো বুজি পাব যে সি পলমকৈ স্কুললৈ যাব
নোৱাৰিব৷ কিন্তু তাৰ দেউতাকৰ ব্যৱহাৰত অপ্ৰত্যাশিতভাৱে পৰিৱৰ্তন আহিল৷তেওঁ উত্তেজিত
হৈ পৰিল৷
"তেওঁলোকে আমাৰ ল’ৰাহঁতক পিটি কি বুজাবলৈ বিছাৰে? তেওঁলোকক চাকৰীৰ
পৰা বৰ্খাস্ত কৰা উচিত৷মই চাই ল’ম...৷"
পৰিণতি এনে হ’ল যে , তেওঁ ছোয়ামীক স্কুললৈ পঠোৱাটোকে চ্যালেঞ্জ হিচাপে ল’লে৷
তেওঁ ছোয়ামীৰ হাত প্ৰধান শিক্ষকলৈ এখন চিঠি দি পঠাব বুলি ঠিৰাং কৰিলে৷ছোয়ামীৰ হেজাৰ
আপত্তিও কাম নিদিলে৷ তাৰ স্কুললৈ যাব লগা হ’লেই৷
ছোয়ামীয়ে স্কুললৈ যোৱাৰ বাবে সাজু হৈ থাকোঁতেই তাৰ দেউতাকে চিঠি এখন লিখি
খামত ভৰাই মোহৰ মাৰি দিলে৷
" তুমি ইয়াতে কি লিখিছা দেউতা?" ছোয়ামীয়ে শংকিত হৈ প্ৰশ্ন কৰিলে৷
"তোমাৰ বাবে একো নাই৷ এইটো হেডমাষ্টৰক দি তুমি ক্লাছলৈ যাবা৷"
" তুমি আমাৰ চেমুৱেল ছাৰৰ বিষয়ে কিবা লিখিছা?"
" তেওঁৰ বিষয়ে বহু কথাই লিখিছোঁ৷ তোমাৰ হেডমাষ্টৰে যেতিয়া পঢ়িব তেতিয়া
তেওঁ সম্ভৱত চেমুৱেলক বৰ্খাস্ত কৰিব আৰু পুলিচক গটাই দিব৷"
"সেয়া দেউতাই কি কৰিলে?"
" তেওঁ যি যি কৰিছে তাৰ সমস্ত কথাৰ বিৱৰণ ইয়াত আছে৷ তুমি তোমাৰ হেডমাষ্টৰক
দি ক্লাছলৈ যাবা৷ তেওঁৰ মতামত লৈহে আবেলি তুমি ঘৰলৈ উভতিবা৷"
স্কুললৈ গৈ থাকোঁতে ছোয়ামীয়ে ভাবিলে যে সি পৃথিৱীৰ সকলোতকৈ বেয়া মিছলীয়া৷
তাৰ নৈতিকতাবোধে তাক মনোকষ্ট দিবলৈ ধৰিলে৷সি নাজানে যে চেমুৱেল সম্পৰ্কে তাৰ দিয়া সমস্ত
বৰ্ণনা এটাও সঠিক নাছিল৷ তাৰ কোৱা কথাৰ কিমানখিনি বাস্তৱ আৰু কিমানখিনি কল্পিত আছিল
সেই সম্বন্ধে সি নিশ্চিত হ’ব পৰা নাছিল৷
চেমুৱেল সম্পৰ্কে তাৰ ধাৰণাবিলাক স্থিৰ কৰাৰ বাবে সি ৰাষ্টাৰ কাষত কিছুসময়ৰ
কাৰণে থিয় হৈ ৰ’ল৷ তেওঁ মানুহ হিচাপে সিমান বেয়া নহয়৷ ব্যক্তি হিচাপে তেওঁ আনতকৈ অমায়িক৷
মাজে মাজে তেওঁ ছোয়ামীৰ এলেহুৱা ভাৱটোক কেন্দ্ৰ কৰি দুই এবাৰ ঠাট্টা কৰিছে আৰু ছোয়ামীয়ে সেইটোকে তাৰ
প্ৰতি চেমুয়েলৰ ব্যক্তিগত বিবেচনা হিচাপে ভাবে৷কিন্তু ইয়াত কোনো সন্দেহ নাই যে চেমুৱেল
মানুহৰ লগত বেয়া ব্যৱহাৰ কৰে বা তেওঁৰ চেকনিয়ে মানুহৰ হাতৰ ছাল চেলাই দিয়ে৷
ছোয়ামীয়ে এনেবোৰ ঘটনাৰ উদাহৰণ মনত পেলোৱাৰ চেষ্টা কৰিবলৈ ধৰিলে৷ কিন্তু
সি জনাত এনে কোনো ঘটনাৰ দৃষ্টান্ত নাই৷
বহু বছৰ আগতে প্ৰথম শ্ৰেণীৰ এজন ল’ৰাৰ আঙুলিৰ গাঁঠিৰ ছাল এৰুৱাই পেলোৱাৰ কাহিনী বিখ্যাত হৈছিল৷
প্ৰকৃতপক্ষত এই ঘটনা কোনেও দেখা নাছিল৷কিন্তু বছৰ বছৰ ধৰি গল্পটো ছাত্ৰসকলৰ মাজত প্ৰচলিত আছিল৷
চেমুৱেলৰ চৰিত্ৰ প্ৰকৃততে ভাল নে বেয়া, তেওঁ প্ৰকৃততে চিঠিত লিখা অভিযোগবিলাকৰ
বাবে যোগ্য হয় নে নহয়-- এই বিভ্ৰান্তিতে ছোয়ামীৰ মূৰ ঘুৰাবলৈ ধৰিলে৷ তাৰ মন গ’ল সি
যেন ঘৰলৈ দৌৰি গৈ দেউতাকক চিঠিখন ঘূৰাই নিবলৈ অনুৰোধ কৰিব৷ কিন্তু তাৰ দেউতাক আছিল
একেবাৰে আকোঁৰগোজ ধৰণৰ৷
স্কুলৰ হালধীয়া ৰং কৰা অট্টালিকাটোৰ ওচৰলৈ আহি মনতে ভাবিলে সি যেন নিজকে
মিছা কথা কৈছে আৰু তাৰ শিক্ষাগুৰুৰ ক্ষতি কৰিছে৷ হেডমাষ্টৰে সম্ভৱত চেমুৱেলক বৰ্খাস্ত
কৰিব আৰু তাৰপিছত পুলিচে তেওঁক জেলত ভৰাই থ’ব৷তেওঁৰ এই অসন্মান ,অপমান আৰু দুৰ্দশাৰ
কাৰণে কোনে দায়ী হ’ব? ছোয়ামীৰ গা কঁপি উঠিল৷যিমানে সি চেমুৱেলৰ কথা চিন্তা কৰিবলৈ ধৰিলে
সিমানে সি মনোকষ্ট পাবলৈ ধৰিলে৷ তাৰ ক’লা পৰি যাব ধৰা চেহেৰা , সৰু হৈ পৰা ৰঙা চকুহাল,
সূক্ষ্ম গোঁফৰ ৰেখা, কমনীয় গাল আৰু থুতুৰি,হালধীয়া বৰণৰ কোট এইসকলো চিন্তাই ছোয়ামীক
চিন্তিত কৰি তুলিলে৷ যেতিয়াই সি তাৰ পকেটৰ ভিতৰত খামটোৰ অস্তিত্ব অনুভৱ কৰিছিল,তেতিয়াই
তাৰ মনত পৰিছিল সি এজন জল্লাদ৷ এক মূহুৰ্তৰ কাৰণে সি নিজৰ দেউতাকৰ ওপৰত খং খাই উঠিল
আৰু ভাবিলে এনেকুৱা যুক্তিহীন আৰু জেদী এজন মানুহৰ চিঠি সি ছিঙি পেলোৱা নাই কিয়৷
সি যেতিয়া স্কুলৰ গেটৰ ভিতৰত সোমাল,তাৰ মূৰত এটা বুদ্ধি খেলালে ৷ সি এতিয়াই
হেডমাষ্টৰক চিঠিখন নিদিয়ে৷ দেউতাকৰ অবাধ্য হৈ আৰু নিজৰ স্বাধীনতাৰ প্ৰয়োগ কৰি দিনৰ
শেষত চিঠিখন দিব৷ এনে কৰিলে বিশেষ একো নহয় আৰু দেউতাকেও গম নাপায়৷ তদুপৰি সি যদি দিনৰ শেষত চিঠিখন দিয়ে তেতিয়াহ’লে
চেমুৱেলে এনেকুৱা কিবা কাম কৰি পেলাব পাৰে যাতে চিঠিৰ সত্যতা প্ৰমাণিত কৰাৰ সুযোগটো
আহে৷
ছোয়ামীয়ে ক্লাছৰ দুৱাৰমুখত থিয় দি থাকিল৷চেমুৱেলে তেতিয়া গণিত শিকাই আছিল৷
তেওঁ কিছুসময় ছোয়ামীৰ পিনে চাই থাকিল৷ ছোয়ামীয়ে ভাবিছিল চেমুৱেলে তাৰ ওপৰত জঁপিয়াই
পৰিব আৰু তাৰ ছাল এৰুৱাই দিব৷ কিন্তু তেওঁ কেৱলমাত্ৰ সুধিলে,"তুমি এতিয়া ক্লাছলৈ
আহিলা যে?"
"হয় ছাৰ৷"
"ঠিক আছে, বহা৷"
ছোয়ামীয়ে বহিলে আৰু ভাবিবলৈ ধৰিলে চেমুৱেলৰ হৈছে কি৷ ক্লাছ শেষ হৈ গ’ল আৰু
ছোয়ামীয়ে বৰ নিৰানন্দ বোধ কৰিবলৈ ধৰিলে৷
সেইদিনা শেষৰ ক্লাছটো আকৌ চেমুৱেলে ল’লে৷ ক্লাছ ৩:৪৫ বজাত আৰম্ভ হ’ল আৰু
৪:৩০ বজাত শেষ হোৱাৰ কথা আছিল৷ তেওঁ এইবাৰ 'ভাৰতীয় ইতিহাস' পঢ়াবলৈ আৰম্ভ কৰিলে৷
ইয়াৰ আগৰ পিৰিয়ডবোৰত ছোয়ামীয়ে গভীৰ চিন্তাত মগ্ন আছিল৷ কিন্তু চেমুৱেলক
খং তোলাৰ বা উত্তেজিত কৰাৰ কোনো পৰিকল্পনাই সি কৰিব পৰা নাছিল৷ ঘড়ীত চাৰি বজাৰৰ লগে
লগে ছোয়ামীয়ে হয় মৰিম নহয় মাৰিম ভাবেৰে সাজু হ’ল৷ আৰু মাত্ৰ আধাঘণ্টা সময় আছে৷ চেমুৱেলে
এখন কিতাপ পঢ়ি আছিলে য’ত ভাস্কো ডা গামাই ভাৰতলৈ অহাৰ কথা বৰ্ণনা আছে৷ ছাত্ৰসকলে মন
দি শুনি আছিল৷ ছোয়ামীয়ে চিঞৰি ক’লে,"কিয় কলম্বাছে ভাৰতলৈ অহা নাই নেকি ছাৰ?"
" তেওঁ বাট হেৰুৱাই পেলাইছিল৷"
" মই বিশ্বাস কৰিব পৰা নাই,এইটো মিছা কথা ছাৰ৷"
"কিয়?"
" ইমান মহান মানুহ;তেওঁ কি ৰাষ্টা চিনি নাপায়?"
" চিঞৰি নাথাকিবা মই তোমাৰ কথা ভালদৰেই শুনিবলৈ পাইছোঁ৷"
"মই চিঞৰা নাই,ছাৰ, এইটো মোৰ স্বাভাৱিক মাত যিটো ভগবানৰ দান৷মইনো কি
কৰিব পাৰিম?"
" তুমি চুপ হৈ বহি থাকা৷''
ছোয়ামীনাথনে বহিল৷ নিজৰ সাফল্যতাত সি কিছুপৰিমানে আনন্দিত হ’ল৷
শিক্ষকজনে কিছুসময় তধা তথা সন্দেহভাবেৰে তাৰ পিনে চালে আৰু পুনৰ পঢ়াবলৈ
আৰম্ভ কৰিলে৷
ইয়াৰ পিছত সুযোগ আহিল যেতিয়া প্ৰথম বেঞ্চত বহা শংকৰে সুধিলে," ছাৰ,
ভাস্কো-ডা-গামা ভাৰতলৈ অহা প্ৰথমজন ব্যক্তি আছিল নে?"
শিক্ষকে উত্তৰ দিয়াৰ আগতে পিছফালৰ বেঞ্চৰ পৰা ছোয়ামীয়ে চিঞৰি উঠিল,"সকলোৱেতো
তাকেই কয়৷"
শিক্ষক আৰু আটাইবোৰ ল’ৰাই তাৰ পিনে চালে৷ ছোয়ামীৰ আজিৰ অবাঞ্ছিত ব্যৱহাৰত
চেমুৱেল অবাক হৈ পৰিছিল৷" ছোয়ামীনাথন,আকৌ চিঞৰিছা তুমি?"
মই চিঞৰা নাই ছাৰ৷ ভগবানে দিয়া কণ্ঠ মইনো কি কৰিব পাৰোঁ?" স্কুলৰ ঘঁড়ীটোৱে
সোঁৱৰাই দিলে যে এক ঘণ্টা শেষ হ’ল; আৰু পোন্ধৰ মিনিট৷ ছোয়ামীয়ে ভাবিলে যে এই পোন্ধৰ
মিনিটতে তাৰ সাংঘাতিক কিবা এটা কৰিব লাগিব৷ চেমুৱেলে কেইবাবাৰো তাচ্ছিল্য আৰু তিৰস্কাৰো
কৰিলে কিন্তু এইখিনিয়েই যথেষ্ট নহয়৷ছোয়ামীয়ে ভাবিলে যে আৰু অলপ চেষ্টা কৰিলেই চেমুৱেলক
বৰ্খাস্ত আৰু কাৰাৰুদ্ধ কৰিব পৰা যাব পাৰে৷ চেমুৱেলে কিতাপৰ এটা অংশ শেষ কৰি ৰৈ গ’ল৷ তেওঁ ক’লে যে তেওঁ
বাকী সময়খিনি ছাত্ৰসকলক প্ৰশ্ন সুধিব৷
তেওঁ ক্লাছৰ সকলোকে কিতাপ আঁতৰাই ৰাখিবলৈ নিৰ্দেশ দিলে আৰু দ্বিতীয় শাৰীত
বহা এজনক সুধিলে,"ভাস্কো ডা গামাই ভাৰতলৈ অহাৰ তাৰিখ কিমান?"
ছোয়ামীয়ে হঠাৎ কৰ্কশ মাতেৰে ক’লে,"১৬৪৮,ডিচেম্বৰ ২০৷"
" তুমি চিঞৰাৰ প্ৰয়োজন নাই," চেমুৱেলে ক’লে৷
তেওঁ সুধিলে ," তোমাৰ মূৰৰ বিষে তোমাৰ মূৰটোকে বেয়া কৰি দিছে?"
"মোৰ এতিয়া মূৰৰ বিষ নাই ছাৰ৷", সি বজ্ৰধ্বনিৰ দৰে উত্তৰ দিলে৷
"বহা,মূৰ্খ ক’ৰবাৰ৷" ছোয়ামীক মূৰ্খ বুলি কোৱাত সি ৰোমাঞ্চিত হৈ
পৰিল৷
"আকৌ যদি তুমি থিয় হোৱা তেতিয়াহ’লে তোমাক চেকনিৰে কোবাম৷" শিক্ষকে
ক’লে৷ ছোয়ামীয়ে এই প্ৰতিশ্ৰুতিৰ কথা শুনি আনন্দ মনেৰে বহিল৷
শিক্ষকজনে তেতিয়া ক’লে," মই মোগলৰ সময় সম্পৰ্কে কিছু প্ৰশ্ন কৰিম৷
মোগল ৰজাসকলৰ ভিতৰত কোনজনক তোমালোকে সকলোতকৈ মহান,কোনজনক সকলোতকৈ শক্তিশালী আৰু কাক
সকলোতকৈ ধৰ্মপৰায়ণ বুলি ক’বা?"
ছোয়ামীয়ে থিয় হ’ল৷ তাক দেখা মাত্ৰকে শিক্ষকজনে ধমক দি ক’লে,"বহা"৷
" মই উত্তৰ দিব বিচাৰোঁ ছাৰ৷"
" বহা৷"
" নহয়,ছাৰ,মই উত্তৰ দিব বিচাৰোঁ৷"
" তুমি আকৌ উঠিলে মই কি কৰিম বুলি কৈছিলোঁ?"
" আপুনি কৈছিলে যে আপুনি মোক চেকনিৰে কোবাব আৰু মোৰ আঙুলিৰ ছাল এৰুৱাই
দিব আৰু সেইটো মোৰ কঁপালত লগাবলৈ বাধ্য কৰাব৷"
" ঠিক আছে,এইফালে আহা৷"
ছোয়ামীনাথনে আনন্দ মনেৰে বহা ঠাইৰ পৰা উঠি সন্মুখত গৈ থিয় হ’ল৷ চেমুৱেলে
ড্ৰয়াৰৰ পৰা চেকনি উলিয়াই খঙত অগ্নিশৰ্মা হৈ চিঞৰি উঠিল, "হাত দিয়া,বদমাছ ক’ৰবাৰ৷"
দুয়োখন হাততে তিনিবাৰকৈ কোবালে৷ছোয়ামী সংকুচিত নহৈ কোববোৰ গ্ৰহণ কৰিলে৷
আধা ডজন কোবোৱাৰ পিছত তেওঁ সুধিলে,"ইমানখিনিয়ে যথেষ্ট নে আৰু লাগিব?"
ছোয়ামীয়ে আকৌ হাতখন আগবঢ়াই দিলে আৰু দুকোব খালে; সেইসময়তে ঘণ্টাৰ ধ্বনি শুনা গ’ল৷
ছোয়ামীয়ে বেজাৰ মনেৰে তাৰ পৰা জঁপিয়াই নামিলে,তথাপিও তাৰ হাতত সি হুল ফুটাৰ
দৰে দুখ অনুভৱ কৰিলে৷সি নিজৰ কিতাপবোৰ ল’লে, পকেটৰ পৰা চিঠিখন উলিয়ালে আৰু হেডমাষ্টৰৰ
কোঠাৰ পিনে দৌৰিলে৷সি পিয়নজনক সুধিলে," হেডমাষ্টৰ কোনফালে?"
" তেওঁক তোমাৰ কিয় দৰকাৰ?"
" আমাৰ দেউতাই তেওঁৰ বাবে এখন চিঠি দিছে৷"
তেওঁচোন আজি দুপৰীয়াই ছুটি লৈছে,আগন্তুক দুসপ্তাহ তেওঁ আৰু নাহে৷ তুমি এছিচটেণ্ট
হেডমাষ্টৰক চিঠিখন দিব পাৰা৷"
" তেওঁ কোন ?"
" তোমালোকৰ ছাৰ চেমুৱেল৷ কেই চেকেণ্ডমান পিছতে তেওঁ আহিব৷"
" ছোয়ামীনাথন তাৰ পৰা গুছি গ’ল৷ চিঠিসহ সি যেতিয়া ঘৰ সোমাল তাৰ দেউতাকে
মন্তব্য কৰিলে," মই জানো তুমি চিঠিখন দিব নোৱাৰিলা, ভয়াতুৰ ক’ৰবাৰ৷"
"মই শপত খাইছোঁ,আমাৰ হেডমাষ্টৰ ছুটিত আছে৷" ছোয়ামীয়ে আৰম্ভ কৰিলে৷
দেউতাকে ক’লে,"তোমাৰ ভীৰুতাক ঢাকিবলৈ মিছা কোৱাৰ প্ৰয়োজন নাই৷"
ছোয়ামীয়ে খামটো দেখুৱাই ক’লে," হেডমাষ্টৰ উভতি আহিলে মই এইটো তেওঁক
দিম৷"
দেউতাকে তাৰ হাতৰ পৰা চিঠিখন কাঢ়ি নি ছিঙি পেলালে আৰু টেবুলৰ তলত থোৱা ডাচবিনটোত
পেলাই দিলে৷ তেওঁ বিৰবিৰাই ক’লে," ইয়াৰ পিছত চেমুৱেলে তোমাৰ ডিঙি চেপি ধৰিলেও
মোৰ ওচৰত নাহিবা৷ তুমি তোমাৰ চেমুৱেলৰেই যোগ্য৷"
গল্পকাৰৰ পৰিচয়ঃ ভাৰতীয় ঔপন্যাসিক আৰ কে নাৰায়ণ
ৰ জন্ম ১৯০৬ চনত মাদ্ৰাজত (বৰ্তমান চেন্নাই)
৷ তেওঁৰ প্ৰথম উপন্যাস swami and friends ১৯৩৫ চনত প্ৰকাশ হৈছিল ৷ “দ্যা গাইড” নামৰ
গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছে ৷ ভাৰতৰ তৃতীয় আৰু দ্বিতীয়
সর্বোচ্চ অসামৰিক সন্মান যথাক্রমে পদ্মভূষণ আৰু পদ্মবিভূষণ লাভ কৰিছে ৷

1 Comments
Thank you so much minthul
ReplyDelete