শিক্ষক (ৰাছিয়ান কবিতা)

 শিক্ষক

 

(মূল ৰুছ: Schoolmaster, য়েভগেনি আলেক্সাণ্ডাৰভিচ য়েভটুশেঙ্কো

ইংৰাজী অনুবাদ: ৰবিন মিলনাৰ-গুলেণ্ড আৰু পিটাৰ লেভি

অসমীয়া অনুবাদ: এপ’লো খাটনিয়াৰ)

অনুবাদকক আপোনাৰ সহায়ৰ প্ৰয়োজনঃ

 


খিৰিকিৰে দেখা যায় শুকুলা গছকেইডাল৷

শিক্ষকজনে ইয়াৰে চাই পঠিয়াই সিহঁতলৈ,

সুদীৰ্ঘ সময় তেখেত স্থিৰ হৈ চাই থাকে

তেওঁৰ দৃষ্টি নিবদ্ধ খিৰিকিৰ বাহিৰৰ গছকেইডালত,

এহাতৰ চক-পেঞ্চিলডাল লাহেকৈ ভাঙি,

দিঘলীয়া বিভাজনৰ একমাত্ৰ নিয়মটো,

হয়, তেওঁ দিঘলীয়া বিভাজনৰ নিয়মটো পাহৰি পেলাইছিল৷

চাওঁক, দিঘলীয়া বিভাজন পাহৰি গৈছিল!

ব্লেকবৰ্ডখনত এটা ভুল, এটা ভুল৷

আমি তেখেতক আঁৰ চকুৰে মন কৰিছিলোঁ

আমাক গম লোৱাৰ কোনো সুবিধা নিদিয়াকৈ,

তেওঁৰ অন্তৰত বহু কিবাকিবি চলি আছিল৷

শিক্ষকজনৰ পত্নীগৰাকী ক’ৰবালৈ গুচি গৈছিল,

আমি নাজানিছিলোঁ তেওঁ ক’লৈ গৈছে

আমি নাজানিছিলোঁ তেওঁ কিয় গৈছে

আমি মাথোঁ জানিছিলোঁ তেওঁ গুচি গৈছে৷

 

তেওঁৰ সাজপাৰবোৰ না পুৰণি আছিল না আধুনিক;

পিন্ধি থকা সাজযোৰেৰেই  যি নতুন বা

চকুত লগা তেনেবিধৰ নাছিল

তেখেতে তলৰ সাজপাৰৰ কোঠাটোলৈ নামি গৈছিল৷

তেওঁ টিকট এটিৰ বাবে নিজৰ পকেট খেপিয়াইছিল৷

চেহ কি হ’ল বাৰু? টিকটতো ক’ত?

সম্ভৱত টিকটতো মোৰ লগত কাহানিও নাছিল৷

ক’ত বাৰু? তেওঁ কপাল মোহাৰিছিল৷

অহ, এইটো ইয়াত৷ মই বুঢ়া হৈছোঁ,

খৰিয়াল নকৰচোন বুঢ়ী, মই বুঢ়া হৈছোঁ৷

বুঢ়াহোৱাক লৈ বৰ বেছি মূৰ ঘমাবলগীয়া একো নাই৷”

আমি তেওঁৰ পিছফালে তলৰ মহলাৰ দৰ্জাখন কেৰকেৰাই উঠা শুনিছিলোঁ,

খিৰিকিখনেৰে শুকুলা গছকেইডাল দেখি থাকে৷

গছকেইডাল ওখ আৰু বিস্ময়কৰ আছিল,

কিন্তু আমি বাহিৰলৈ চোৱাৰ কাৰণ গছবোৰ নাছিল৷

আমি নিৰৱে তেওঁলৈ চাইছিলোঁ৷

তেওঁ কুজাঁ আছিল আৰু খোজবোৰ আছিল খেলি-মেলি

তেওঁ ক’তো ভৰ নিদিয়াকৈ খোজ দিছিল, খেলি-মেলিকৈ,

মই ডাঠি কৈছোঁ, তেওঁ আছিল অৱসন্ন আৰু বে-ছিজিল৷

নৈশব্দৰ মাজেৰে আলফুলে বৰফ সৰিছিল তেওঁৰ শৰীৰত

শুকুলা গছবোৰৰ তলত শুকুলা হৈ পৰিছিল তেওঁ৷

শুকুলাৰ মাজত গছবোৰৰ দৰেই শুকুলা হৈ পৰে তেওঁ৷

কিছু সময়ৰ পাছত তেওঁ আৰু শুকুলা হৈ পৰিব

আমি তেওঁক আৰু নেদেখিম শুকুলা গছবোৰৰ মাজত৷




অনুবাদকক আপোনাৰ সহায়ৰ প্ৰয়োজনঃ

Post a Comment

0 Comments