চলচিত্ৰ পৰিচালক আব্বাছ কিয়াৰ’স্তামিৰ সাক্ষাৎকাৰ
সাক্ষাৎগ্ৰহণ: বেনেই’ট পাভান
অনুবাদ: ইন্দ্ৰনীল গায়ন
প্ৰশ্ন: এগৰাকী যুৱ পৰিচালক হিচাপে আপুনি নিজক কেনে
পৰ্যায়ৰ পৰিচালক বুলি ভাবিছিল ?
উত্তৰ: মই এই প্ৰশ্নৰ উত্তৰটো অতি সহজভাৱে বা সাধাৰণভাৱে দিবলৈহে ভালপাম৷ আচলতে
মই মোৰ জীৱনটোৰ পাৰ কৰি অহা সময়খিনিৰ পৰা যদি বৰ্তমানটো চাওঁ তেন্তে ক’ম একেবাৰে
সাধাৰণ আৰু মই নিজক এতিয়াও এজন তৰুণ চলচ্চিত্ৰ পৰিচালক বুলিয়ে ভাবো৷ কাৰণ শিকাৰ কোনো
শেষ নাই৷ মই কেতিয়াও চিনেমা বিষয় হিচাপে পঢ়া নাছিলো বা চিনেমাক কেতিয়াও আজৰি সময়ৰ
আহিলা হিচাপেও চোৱা নাছিলো৷ মই পেইটিং বিষয় হিচাপে পঢ়িছিলো যদিও চিত্ৰকৰ হ’ব নোৱাৰিলো৷
সেয়ে মই ভাবো চিনেমা আছিল মোৰ বাবে নিজক আৱিস্কাৰ কৰাৰ এক সুযোগ৷
প্ৰশ্ন: আপোনাৰ কেমেৰাৰ আঁৰৰ
প্ৰথম স্মৰণীয় অভিজ্ঞতাৰ বিষয়ে অলপ ক’বচোন?
উত্তৰ: প্ৰথম চিনেমাখন নিৰ্মাণ
কৰাটো মোৰ বাবে এক কষ্টকৰ কাম আছিল যদিও সেই কষ্টক মই জয় কৰিবলৈ চেষ্টা কৰিছিলো আৰু
ঠিক এইখিনিৰ পৰাই মোৰ যাত্ৰা আৰম্ভ হৈছিল৷ প্ৰথমখন চিনেমাই ভবাতকৈও বহুপৰিমানে সমাদৰ
আৰু প্ৰশংসা লাভ কৰিছিল আৰু মোক এটি পৰিচয় দিছিল৷ কিন্তু মই নিজক কেতিয়াও এজন ভাল চলচ্চিত্ৰ
নিৰ্মাতা বা পৰিচালক হিচাপে ভবা নাছিলো৷ আচলতে মোৰ বাবে এইছোৱা সময় আছিল ভাললগা আৰু
মই নিজেও পিছত ভাবিছিলো যে চিনেমা নিৰ্মাণ কৰাতো মোৰ বাবে পেছা নে নিছা? বিশেষকৈ মোৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা
প্ৰদৰ্শন হোৱাৰ পিছত মই দুইধৰণৰ চলচ্চিত্ৰ সমালোচক পাইছিলো৷ আৰু খুব কমসংখ্যক সমালোচকহে
চিনেমাখন ভাল বুলি মন্তব্য দি উৎসাহ দিছিল৷ আৰু আন এচাম সমালোচকে চিনেমাখন বেয়া বুলি
মন্তব্য দি খুবেই নিৰুৎসাহ
কৰিছিল৷ কিন্তু বৰ্তমান সময়ত মই তেওঁলোকে কোৱা কথাখিনিক সঁচা বুলি বিশ্বাস কৰো৷
প্ৰশ্ন: কেনেধৰণৰ সমল থাকিলে
এখন চিনেমাক সফল বুলি ক’ব পাৰি?
উত্তৰ: মই নিজকে পতিয়ান
যোৱাবলৈ এইকথাষাৰকেই ক’ব খোজো যে মোৰ প্ৰথমখন চুটি ছবিয়ে বিশেষভাৱে বিভিন্ন চলচ্চিত্ৰ
মহোৎসৱত সমাদৰ লাভ কৰি শ্ৰেষ্ঠ চুটি ছবিৰ পুৰস্কাৰো লাভ কৰিছিল৷ কিন্তু মই কেতিয়াও
পুৰস্কাৰ পোৱা প্ৰতিখন চিনেমাই ভাল বুলি নাভাবো৷ আৰু আমি সদায় ভাল চিনেমা চাবলৈহে আগ্ৰহী৷
প্ৰশ্ন: এগৰাকী চলচ্চিত্ৰ
নিৰ্মাতাৰ কেৰিয়াৰত চুটি ছবিৰ প্ৰয়োজনীয়তা বা গুৰুত্ব কিমান?
উত্তৰ: মোৰ বাবে সমানেই
গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়৷ কাৰণ মই মোৰ চলচ্চিত্ৰ জীৱন চুটি ছবিৰেহে আৰম্ভ কৰিছিলো৷
আৰু চুটি ছবিত নতুন ধৰণৰ পৰীক্ষা নিৰীক্ষা আদি কৰাত বেছি সুবিধা থাকে৷ কিন্তু এখন পূৰ্ণ
দৈৰ্ঘ্যৰ চিনেমাত প্ৰযোজকে ধৰি আন আন দিশসমূহৰ লগতে আৰ্থিক কথাবোৰো আহি পৰে৷ সেয়ে মই
ভাবো চুটি ছবিৰ প্ৰয়োজনীয়তা বা গুৰুত্ব সদায় আছে আৰু থাকিব৷
প্ৰশ্ন: বৰ্তমান সময়ত ইৰানৰ
চলচ্চিত্ৰৰ পৰিৱেশৰ বিষয়ে অলপ জনাবচোন ?
উত্তৰ: একোটা স্নেপশ্বটৰ দৰে অহা যোৱা কৰি থাকে৷
তেতিয়াৰ সময় আৰু এতিয়াৰ সময়ৰ মাজত তফাৎ আছে৷ বৰ্তমান সময়ত উন্নত আধুনিক প্ৰযুক্তিৰ
কেমেৰাই কামবোৰ খৰতকীয়া আৰু সহজ কৰি পেলাইছে৷ আৰু এইকথাবোৰ আমাৰ বাবে আশাব্যঞ্জক কিয়নো
নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীবোৰ এই কলাৰ প্ৰতি অধিক আগ্ৰহী আৰু
উৎসাহী হৈ পৰিছে৷
প্ৰশ্ন: বৰ্তমান সময়ত ইৰানৰ
চলচ্চিত্ৰত নতুনত্ব বা পৰীক্ষা নিৰীক্ষা আদি কেনেধৰণৰ পৰ্যায়ত চলি আছে?
উত্তৰ: এইটো প্ৰশ্ন মোতকৈ
নতুন প্ৰজন্মৰ কোনো এজন পৰিচালকক সুধিলেহে সঠিক উত্তৰ পোৱা যাব বুলি ভাব হয়৷ কাৰণ আমি
এতিয়া অতীত আৰু তেওঁলোক হৈছে বৰ্তমান৷ আমাৰ চিন্তাৰ প্ৰভেদ থাকিব৷ তথাপি মই ক’ম নতুনখিনিয়ে
নতুনধৰণে চিন্তা কৰিবলৈ শিকা নাই৷
প্ৰশ্ন: আপুনি বৰ্তমান সময়ত
চিনেমাৰ পৰা কি আশা কৰে?
উত্তৰ: মোৰ আৰু বিশেষ একো
বিচাৰিব লগীয়া নাই৷ যিখিনি পালো সেইখিনিক লৈ মই সুখী৷ মই এতিয়া নতুনখিনিৰ পৰাহে আশা
কৰো৷ তথাপি মই একো আশা নকৰাকৈয়ে এতিয়াও কাম কৰি আছো আৰু কৰি যাম৷ মোৰ বাবে চিনেমা হৈছে
ফ্ৰেমত সজাই থোৱা একোখন পোহৰ ছবি৷ মই সপোনতো প্ৰায়ে চিনেমাৰ পোহৰ ছবি দেখো৷ যেতিয়াই
নতুন চিনেমাৰ কথা ভাবো তেতিয়া বহুৰাতিলৈকে মোৰ মনলৈ কেৱল পোহৰ ছবিবোৰ আহি থাকে৷ আৰু
কেতিয়াবা এনে লাগে যেন মই এজন মাছমৰীয়া যি সদায় জালত নতুন মাছ লাগিব বুলি আশাত বন্দী
হৈ থাকে৷

টোকাঃ এই সাক্ষাৎকাৰটো আব্বাছ কিয়াৰ'স্তামিৰ কান দ্য ফেষ্টিভেলৰ উৎসত প্ৰকাশিত।
0 Comments