মাইকেল ষ্টিভেনৰ কবিতা
ইংৰাজী : জেক ৰ'জ
অসমীয়া : দ্বিজেন কুমাৰ দাস
এক. The Excelsior Cafe
কাউন্টাৰত বহা ছোৱালীজনীৰ
হাতৰ তলুৱাৰ উষ্ণতাই
ঈঙ্গিতৰ কোমলতাই
মোৰ পৰা দুটা মুদ্ৰা লৈছে
প্ৰতিদানৰ!
দুই. Raven Books
বিপণীৰ খিৰিকিৰে দেখোঁ
গাড়ীত ৰৈ থকা প্ৰেমিক যুগল
মূৰ দুপিয়াইছে
চুম্বনত!
তিনি. Dented Moon
ঘূৰি ফুৰি হেৰাই যোৱা
জোনটোৰ
বাটটো হৈ পৰে
দিগন্তৰ এডাল ৰঙা ফিটা
আকাশ আৰু সাগৰক
দুভাগ কৰা!
কবি পৰিচিতিঃ পেচাত উদ্যোগ ক্ষেত্ৰৰ ইলেক্ট্ৰিচিয়ান মাইকেল ষ্টিভেনৰ জন্ম 1977 চনত । অকলেণ্ডত। নিউজিলেণ্ডৰ সৰু ঠাই আৰু আধুনিক মননক
সংবেদনশীলতাৰে উপস্থাপন কৰা ষ্টিভেনৰ কবিতা যথেষ্ট সমাদৃত। তেওঁৰ উল্লেখযোগ্য কবিতাপুথি - Daybook
Fragments .

0 Comments