চিলিয়াৰ কাৰণে এটা গান
মূল : বেন জনচন ( ১৫৭২- ১৬৩৭ )
অসমীয়া ভাঙনি ঃ প্ৰণয় ফুকন
মোক পান কৰা তোমাৰ দুচকুৰে
ময়ো বন্ধক ৰাখিম মোৰ দুচকু
অথবা মদিৰা পাত্ৰত থৈ যোৱা এটা চুম্বন
মই আন কোনো পানীয়ৰ প্ৰতি মুখ নুঘূৰাও
যদিও সেইবোৰ জোঙৰ মধুৰ ভৃংগাৰ হৈ উঠে
নোৱাৰো বিনিময় কৰিব সেইবোৰ
তোমাৰ চকুৰ স’তে, তোমাৰ দৃষ্টিৰ স’তে
বহুদিনৰ পাছত তোমাক দিলোঁ
এধাৰি গোলাপৰ মালা
সেয়া কেৱল সন্মান বা উপহাৰ নহয়
মোৰ আছে এক গোপন আশা
সেই ফুলৰ সুগন্ধৰেই
উৰি আহিব তোমাৰ নিশ্বাসৰ সুবাস
শপত খাই কৈছোঁ
গোলাপবোৰ ফুলিবৰ পৰাই তোমাৰ আছিল ।

0 Comments