মূলঃ পূৰ্ণেন্দু পত্ৰী
অসমীয়া ভাঙনিঃ অৱনী বুঢ়াগোহাঁই
 |
| পূৰ্ণেন্দু পত্ৰী |
কথোপকথন- ১০
- কালি ঘৰলৈ ঘূৰি
আহি কি কৰিলা ?
- কান্দিলোঁ ।
তুমি ?
-- লিখিলোঁ ।
- কবিতা ? ক'তা,
চাওঁ ।
- লিখি শেষ
কৰিয়েই ,
টুকুৰাটুকুৰ ।
- কিয় ?
- মোৰ আনন্দৰ
ভিতৰত অনৰ্গল কথা
কৈছিল এটা আৰ্তনাদে ।
আৰ্তনাদৰ ভিতৰত গুণগুণকৈ কথা
সাজিছিল এক অদ্ভুত এক শান্তিয়ে ।
আৰু শান্তিৰ ভিতৰত সাগৰৰ সোঁ -সোঁৱণি।
ধুমুহা।
যিবোৰ আখৰ লিখোতেই ৰঙা হৈ
পৰিব লাগে, সেইবোৰ হৈছিল শুধ
বগা ।
যিবোৰ শব্দ কঁহুৱা হৈ নাচিব লাগে,
সিহঁতক এনে লাগিছিল,যেন উৰিফুৰা
শুকান ঝাঁওবনৰ পাত।
গম পালো, সেই ভাষা মোৰ অজ্ঞাত
যাৰ দাপোনত নিজৰ মুখ চাব
ভালপোৱাই।
- মাত্ৰ সেইবাবেই
চিৰিলাচিৰিল কৰিলা ?
- বতাহৰ পৰা এটা
অট্টহাস্যই জপিয়াই
ওলাই আহি কলে,
চাকিৰ শলিতা হৈ আৰু কিছুমান দিন
পুৰি ছাই হ।
পুৰি ছাই হ।
কথোপকথন : ১
-- কি কৰিছা ?
-- ছবি আঁকিছোঁ ।
-- এইটো তো এটা বিন্দু !
-- তুমি চুই দিলেই বৃত্ত হ'ব । কেন্দ্ৰ হ'বা তুমি । মই হ'ম পৰিধি ।
-- কিন্তু মই যে বৃত্তৰ মাজত আৱদ্ধ হ'ব বিচৰা নাই ।
মই বিচাৰো অসীমৰ অধিকাৰ ।
-- অলপ ৰ'বা । ……. এতিয়া চোঁৱা ।
-- এইটো কি ? এটুকুৰা মেঘ ।
-- তুমি চুই দিলে আকাশ হ'ব । তুমি হ'বা সীমাহীন দিগন্ত আৰু মই হ'ম দিগবলয় ।
-- কিন্তু সেয়া তো অন্ধকাৰ নমাৰ লগে লগে নাইকিয়া হৈ যাব । মই চিৰন্তন হ'ব বিচাৰো ।
-- আচ্ছা,
এইবাৰ চোঁৱা ।
-- উৱা,
এইখিনি তো পানী !
-- তুমি চুই দিলেই সাগৰ হ'ব । তিনিভাগ পানীৰ তুমি হ'বা জলকুঁৱৰী । আৰু মই হ'ম জলাধাৰ ।
-- মোৰ খণ্ডিত বস্তুৰ ওপৰত বিশ্বাস নাই । মোৰ দাবী সমগ্ৰৰ ।
-- অলপ পৰ ৰ'বা । ওঁ, এতিয়া চকু মেলা
।
-- সেয়া কি আঁকিলা ? সেইখন তো এখন হৃদয় !
-- অঁ। এখন হৃদয় । য'ত তুমি আছা । অসীম মৰমেৰে, চিৰন্তন ভালপোৱাৰে । এতিয়া কোঁৱা, কি বিচাৰা তুমি
?
-- সমগ্ৰ জীৱনটো যেন তাতেই থাকিবলৈ পাওঁ।
কথোপকথন - ৪
-- যেই কোনো এটা ফুলৰ নাম কোঁৱা ?
- দুখ ।
- যেই কোনো এখন নদীৰ নাম কোঁৱা ?
- বেদনা ।
- যেই কোনো এজোপা গছৰ নাম কোঁৱা?
- হুমুনিয়াহ ।
- যেই কোনো এটা তৰাৰ নাম কোঁৱা ?
- অশ্ৰু ।
- এতিয়া মই তোমাৰ ভবিষ্যত কৈ দিব পাৰিম
।
- কোঁৱা ।
- খুব সুখী হ'বা জীৱনত ।
বগা মাৰ্বলৰ ওপৰত তোমাৰ ভৰি ।
সোণৰ পালেঙত দেহবল্লৰী ।
আগবাঢ়িলেও তাজমহল, পাচপৰিলেও তাজমহল,
নিজৰাৰ তলত স্নান ।
ফোঁৱাৰাৰ পানীৰে কুলকুলি ।
তুমি ক'বা, সাজিম… ।
বাগিচাত মালিনীয়ে মালা গাঁথিব,
ঘৰৰ ভিতৰত লিগিৰীয়ে চন্দন বটিব।
তুমি ক'বা, মই শুম ।
লগত ওলমি থাকিব গছে গছে পাখোৱাজ, চেতাৰ।
লগে লগে নাচি থাকিব জোনাকৰ মাজে মাজে
এক লাখ নৰ্তকী ।
আনন্দমেলাৰ ঘূৰ্ণিখেলাত এনেকৈয়ে বহুদিন।
তাৰপাচত, বুকুৰ সোঁফালে কামিহাড়ত গাঁত খান্দি খান্দি,
তেজৰঙী ৰঙামাটিৰ পথেৰে সুৰঙ্গ কাটি কাটি ,
এটা সাপ,
ভৰিত বৰণীয়া চানেকিৰ নক্সা,
নদীৰ বুকুত হাওলি পৰা হেঙুল গধূলি হেন যাৰ চকু
বিয়াঘৰৰ ব্যাকুল সংগীতৰ ঐক্যতান তাৰ হাঁহি,
দাঁতত মুকুতাৰ টুকুৰাৰ দৰে বিষ,
সুবিধা চাই ঘনে ঘনে সাৱটি ধৰিব সি তোমাক,
যেন আঁহতৰ শিপাৰ ঠেঙুলি, মাটিৰ মাজেদি সোমায়
যায়,
যাৰ আলিঙ্গন ।
লাহে লাহে তোমাৰ সমস্ত হাঁহিৰ ৰঙ হয় পাণ্ডুৰ
লাহে লাহে তোমাৰ সমস্ত গহনাৰ ওপৰত পৰে
শেলুৱৈ,
লাহে লাহে তোমাৰ মখমলী বিচনাত,
টোপ টোপ বৰষুণ, টোপ টোপ বৰষুণত বগা
।
- সেই সাপটো হ'বলা তুমি ?
- ওঁহো,
নহয় ।
- তেন্তে ?
- স্মৃতি ।
- নতুন ঘৰ সোমোৱাৰ সময়ত যাক এৰি আহিছিলা, জ্বলি থকা ধূপৰ কাষত ।
কথোপকথন-২
- ইমান পলম কৰিলা কিয়? সেই কেতিয়াবাৰ পৰাই ৰৈয়ে আছো৷
- কি কৰিম কোৱা মে’ম? টিউচন শেষ কৰি দেখোঁ বাহিৰত দোপালপিটা বৰষুণ৷ মোৰ
বাবেতো আৰু গে’টৰ বাহিৰত মাৰ্ছিডিজখন ৰৈ নাথাকে যে ড্ৰাইভাৰৰ চালাম লৈ লৈ ঘপ্ কৰে সোমাই
পৰিম৷ সেয়ে ঝেপঝেপিয়া বৰষুণ মুৰত লৈ, বোকা পানী খচকি, দুখীয়াৰ গাড়ী অৰ্থাৎ ভৰি দুটাৰ
ওপৰত ভৰষা কৰি আহিবলগা হৈছে আপোনাৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে৷ কিন্তু আজি ৰিস্কাত আহিছোঁ
বুলিহে, নহলে একেবাৰে জুৰুলিজুপুৰি হৈ গলোঁহেতেন৷ ৰিস্কা বিচাৰোতে যিকণ দেৰী হ’ল আৰু৷
- ইচ্৷ ভালকৈয়ে তিতিলা দেখিছোঁ৷ ওচৰলৈ আহাঁচোন, ৰুমাল এখনেৰে মছি দিওঁ৷
- অ’ হো, মই আক’ ভাবিছিলো তোমাৰ চাদৰৰ আঁচলেৰে মছি দিবা৷ ঠিক আছে, ৰুমালেৰেই
হওক বাৰু৷
- এতিয়া নেলাগে মিষ্টাৰ, সেইটো ভবিষ্যতৰ বাবে জমা থাকক৷ যেতিয়া তোমাৰ পত্নী
হ’ম তেতিয়া বাৰু তোমাৰ ইচ্ছাটো পূৰণ কৰিম৷
- আচ্ছা, যদি সেয়াই নোহোৱা, তেতিয়া মই বুঢ়া বয়সত তামোল চোবাই চোবাই কোনো
এক ডাৱৰীয়া বতৰত বহি বহি ৰোমন্থন কৰিম, এই ৰুমালি ভালপোৱাৰে ভৰা সময়খিনিক৷ নাতিপুতিক
তেতিয়া প্ৰথম প্ৰেমিকা আৰু এই ৰুমালখনৰ সাধু শুনাম৷
- প্লিজ, এনেকে নক’বা৷ মই কিয় তোমাক নাপাম? তুমি জানো মোক নিবিচাৰা? মোক
ভাল নোপোৱা?
- উত্তৰটো প্ৰকৃততে অলপ কঠিন৷ তোমাক বিচাৰো আৰু নিবিচাৰোও৷ ভালোপাওঁ আৰু
ভাল নাপাৱোঁ৷
- সাঁথৰ এৰা৷ মই স্পষ্টকৈ জানিব বিচাৰিছোঁ৷
- তেন্তে শুনা৷ মোৰ প্ৰতিদিনৰ জীৱন সংগ্ৰামৰ নিৰ্মম বাস্তবতা তুমি নাজানা৷
তেনে জীৱনৰ সতে তুমি কোনোদিনে অভ্যস্ত হবও নোৱাৰিবা৷ তোমাক এটা কথা সোধো?
- সোধা৷
- অক’মান আগেয়ে এখন দোকানৰ ছাউনিত গাটো বচাই লৈ ৰিস্কা এখন বিচাৰিছিলোঁ৷
গাটো খুব জাৰ জাৰ লাগিছিল৷ তেতিয়া চাহ একাপ খাইছিলো এটা ভঙা কাপত৷ ভালকৈ নোধোৱা সেই
কাপটোত লাগি আছিল বহু মেহনতি মানুহৰ ওঁঠৰ পৰশ, লাগি আছিল হয়তো থুইও, যিখিনি মোৰ ওঁঠতো
লাগি আছে৷ তুমি জানো পাৰিবা, এই ওঁঠটোত চুমা খাবলে’৷
কথোপকথন-১১
- তুমি আজিকালি বেছিকৈ চিগাৰেট খাবলৈ
লৈছা, শুভঙ্কৰ !
- এতিয়াই দলিয়াই দিছো বাৰু...… কিন্তু তাৰ সলনি ??
- লুভীয়াটো । যেন কোনোদিন খাবলে' পোৱাহে নাই !
- খাইছোঁ ।
কিন্তু মোৰ ভোকৰ আগত সেইবোৰ ধূলি ।
গোটেই মহানগৰখনক এগৰাহতে চোবাই খাব
পাৰোঁ,
আকাশখনক অ'মলেটৰ দৰে টুকুৰা-টুকুৰ কৰি,
তৰাবোৰক ভজাবাদামৰ দৰে মচ মচ শব্দ তুলি,
পাহাৰবোৰক পাপৰ ভজাৰ দৰে কুৰুম কুৰুম
শব্দেৰে ,
আৰু বিশাল নদীখনক ?
সেয়া তো এগিলাচ চৰবত খোৱাৰ দৰে ।
- থোঁৱা । বৰ বীৰপুৰুষজন !
- সঁচাইতো ।
পৃথিবীৰ ওচৰত মই এইধৰণৰ ভয়ঙ্কৰ বিষ্ফোৰণ
মাত্ৰ তোমাৰ ওচৰতহে ওঁঠ চেপিলে গাখীৰ
ওলোৱা ল'ৰা,
মাত্ৰ তোমাৰ ওচৰ চাপিলেই ফুটপাথৰ সম্বলহীন
ভিখাৰী ,
এপইচা, আধাপইচা বা এটুকুৰা পাওৰুটীৰ বেছি আৰু একো কাঢ়ি নিব নোৱাৰো ।
- মিছলীয়া ।
- কিয় ?
- সেইদিনা মোৰ গাৰ শাড়ীখন এৰুৱাবলৈ
টান মৰা নাছিলা ?
- হ'ব পাৰে ।
ভিখাৰীবোৰৰ কেতিয়াবা হলেও ডকাইত হবলৈ
মন নাযাব নেকি ?
কথোপকথন
- ৬
কালি নাহিলা, আজি গুচি গ'ল দিন
এতিয়া মেঘৰ নাচোন, অদূৰত বৰষুণৰ চিন
ভয়াল বাৰিষা ডুবি যাব
যেন আমাৰ চহৰ
এতিয়াও কি বিচাৰিয়ে
আছা তোমাৰ নে'লপলিচ !
শাড়ী পিন্ধিছিলা কালি ? তেনে নাহিলা কিয় ?
জোতা চিগিছিল ? জোতা চিগা জানো
হয়?
কাজল নাছিল ? কি হ'ব কাজল লগাই,
তোমাৰ চকুৰ হৰিণাক মোৰ মনে চিনিয়েই পায় ।
কালি নাহিলা, আজি গুচি গ'ল দিন
এতিয়া সন্ধিয়া , এতিয়া বোৰখা
পিন্ধি
চহৰ ডুবি যাব হিমেল গলিত
এতিয়াও কি বিচাৰিয়ে আছা তোমাৰ চেফটিপিন !
কথোপকথন- ২৩
কালি তোমাক ভাবিছো বহুবাৰ,
কালি মোৰ আছিল জন্মদিন
পিন্ধিছিলো তুমি দিয়া সোণৰ মালাধাৰ ।
সেই হাৰদাল কি মোতকৈও ডাঙৰ কিবা ?
বালীক তুমি বিলালা আলিঙ্গন, কিন্তু
সাগৰক যে খেৰ-কূটা এগছো নিদিলা !
মোৰ দোষনো ক'ত ! ডায়েল কৰি মুৰৰ সৰালো ঘাম,
কিন্তু এনেহে তোমাৰ টেলিফ'নটো যিটো শ্মশানৰ মৰা । আপদটোৰ নাই একো উমঘাম ।
বতাহ আছিল, বতাহত আছিল পখী
আকাশ আছিল, আকাশত আছিল জোন
সিহঁতক কোৱাহলেও, খবৰ দিলেহেতেনচোন,
সখী !
উফ্ , মোৰ ঈশ্বৰ, সিহঁতকো হৈছিল কোৱা,
কলে এইমাত্ৰ লোডশ্বেডিং হৈছে লৰিব নোৱাৰো
এখোজো,
অলপ বাহিৰ ওলাই চোৱা ।
0 Comments