মূল
কাহিনী : বুকছ
ফৰ
‘এট
লীষ্ট
ৱান
লাইব্রেৰী’
মূল লিখক : সুধা মূৰ্তি
কমেও এটা পুথিভঁৰালৰ বাবে কিতাপ
অনুবাদ : অনুৰাধা বৰুৱা
| সুধা মূৰ্তি |
মধ্যবিত্ত শিক্ষক পৰিয়াল এটাৰ সদস্য হিচাবে মই অনুভৱ কৰিছিলোঁ যে আন বহুতো শিক্ষক পৰিয়ালৰ দৰেই আমাৰ পৰিয়ালতো ধন সম্পত্তিতকৈ গ্রন্থ আৰু জ্ঞানৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হৈছিল ৷
আমাৰ গাঁৱত মোৰ ককাদেউতাক সকলোৱে কেনেধৰণে সন্মান কৰিছিল সেই কথা মোৰ এতিয়াও মনত আছে ৷ তেখেত কিন্তু চহকী ব্যক্তি নাছিল ৷ আমাৰ ঘৰৰ সন্মুখৰপিনে থকা আঁহত গছজোপাৰ তলত কঠ এখন পাৰি লৈ তাতেই ককাদেউতা বহিছিল ৷ সেই সময়ত তেখেতৰ হাতত থাকিছিল একোখন কিতাপ ৷ সন্ধিয়াবোৰত ককাদেউতাৰপৰা পৰামৰ্শ বিচাৰি গাঁৱৰ লোকসকল সেই ঠাইতে সমবেত হৈছিল ৷ গাঁৱৰ আটাইতকৈ চহকী মানুহজনেও ককাদেউতাৰ আগেৰে পাৰ হৈ যাওতে তেখেতৰ প্রতি সন্মান প্রদৰ্শন কৰিহে গৈছিল ৷ মই এবাৰ ককাদেউতাক সুধিছিলোঁ, “শিক্ষকসকলক কিয় সন্মান কৰিব লাগে ?”
উত্তৰত ককাদেউতাই হাঁহি মাৰি সাধুকথা এটা ক’বলৈ ধৰিলে ৷ “এবাৰ মহাভাৰতৰ প্রখ্যাত ধনুৰ্ধৰ অৰ্জূনক তেঁওৰ কেইজনমান বন্ধুয়ে সুধিছিল, কিয় অৰ্জূনে গুৰু দ্রোণাচাৰ্য্যক ইমান বেছি সন্মান কৰে ৷ বৃদ্ধ নিৰ্ধনী দ্রোণাচাৰ্য্য কোনো দেশৰ অধিপতিও নহয়, তেনে ক্ষেত্রত অৰ্জূনে দ্রোণাচাৰ্য্যক ইমান সন্মান কৰাৰ কাৰণ কি ? অৰ্জূনে উত্তৰ দিলে যে এই বিশ্বৰ সকলো বস্তু, ধন সম্পত্তি, হীৰা মুকুতা, সোণ ৰূপ, মাটি বাৰী সকলবোৰ সময়ৰ গতিত লোপ পায় ৷ নজহা নপমাকৈ অথবা কোনো ক্ষয় ক্ষতি নোহোৱাকৈ একমাত্র জ্ঞানহে চিৰকাল থাকি যায় ৷ যিমানেই তুমি জ্ঞান বিলাই দিবা সিমানেই মহান হ’বা ৷ এগৰাকী শিক্ষকে তেঁওৰ ছাত্র ছাত্রীসকলক জ্ঞান বিলায়, সেয়ে মই শিক্ষককে আটাইতকৈ চহকী বুলি ভাবোঁ ৷ এই বাবেই এগৰাকী শিক্ষকক ধন সম্পত্তিৰ কাৰণে নহয়, জ্ঞানৰ উৎস হিচাবেহে তেখেতক সন্মান কৰা হয় ৷”
শিশু অৱস্থাত মই মোৰ ককাদেউতাৰ লগত গাঁৱৰ পুথিভঁৰালটোলৈ গৈছিলোঁ ৷ এটা দুমহলীয়া ঘৰত পুথিভঁৰালটো আছিল ৷ তলৰ মহলাত আছিল এখন দোকান আৰু ওপৰ মহলাত পুথিভঁৰালটো ৷ ওচৰতে আছিল এজোপা বৃহৎ আঁহত গছ ৷ তাৰ তলত এখন পকী মঞ্চ ৷ সন্ধিয়া গাঁৱৰ বয়স্ক লোকসকল গোটখাই তাতেই বহি নানা কথা আলোচনা কৰিছিল ৷ মোৰ ককাদেউতাও আছিল তাৰ মাজৰে এজন ৷ ককাদেউতাই মোক পুথিভঁৰালত থৈ নিজে সেই মেলত বহিছিলগৈ ৷
মই যোৱা পুথিভঁৰালসমূহৰ ভিতৰত গাঁৱৰ সেই পুথিভঁৰালটো আছিল মোৰ জীৱনৰ প্রথম পুথিভঁৰাল ৷ পুথিভঁৰালৰ কিতাপৰ আলমিৰাবোৰত চিচাৰ দুৱাৰ লগোৱা আছিল বাবে কিতাপৰ নামবোৰ সহজে পঢ়িব পৰা গৈছিল ৷ বাতৰি কাকত আলোচনী সমূহো সুন্দৰকৈ শৃংখলাবদ্ধভাৱে ৰখা হৈছিল ৷ পুথিভঁৰালটোত সম্পূৰ্ণ নিৰ্জনতা বিৰাজ কৰিছিল ৷ শিশুৰ বাবে থকা কিতাপবোৰ মই তাতেই পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ ৷
সময়বোৰ বাগৰি গৈ থাকিল ৷ ময়ো ডাঙৰ হৈ ১২ বছৰীয়া কিশোৰী এজনীলৈ পৰিণত হ’লোঁ ৷ সেই সময়লৈকে গাঁৱৰ পুথিভঁৰালটোৰ আটাইবোৰ কিতাপেই মোৰ পঢ়া হৈ গৈছিল ৷ নতুন কিতাপ নথকা বাবে পুথিভঁৰালটোলৈ যাবলৈ মোৰ ভাল নলগা হ’ল ৷ তথাপিও মই ককাদেউতাৰ সৈতে যাবলৈ এৰা নাছিলোঁ ৷
তেনেবোৰ সময়তে এটি সন্ধিয়া আমি ঘৰলৈ উভতি গৈ আছিলোঁ ৷ সেইদিনা পুথিভঁৰাললৈ গৈ মোৰ বৰ বেছি আমনি লাগিছিল ৷ বাটৰ লাইটবোৰ ঢিমিক ঢামাককৈ জ্বলি থকা বাবে বাটত পোহৰ একেবাৰে কম আছিল ৷ ককাদেউতাই ভালকৈ দেখা নাপায় বাবে মই তেঁওৰ হাতত ধৰি লৈ গৈ আছিলোঁ ৷ হঠাতে ককাদেউতাই মোক কলে, “মই এটা কবিতাৰ আধাখিনি মাতিম, তুমি পিছৰখিনি মাতিবানে ? কবিতাটো সকলোৱে জনা” ৷
মই চেষ্টা কৰিম বুলি কলোঁ ৷ এই খেলটো আমি আগতেও খেলিছো ৷ এনেকৈ মই কেইবাটাও কবিতা শিকিছো ৷ তেঁও ক’লে, “মোৰ যদি দুখন ডেউকা থাকিলহেঁতেন....” মই তৎক্ষণাত উত্তৰ দিলোঁ, “মই ওচৰৰ গাঁৱৰ পুথিভঁৰাললৈ গলোঁহেঁতেন আৰু বহুত কিতাপ পঢ়িলোঁহেঁতেন ৷”
ককাদেউতা আচৰিত হৈ গ’ল আৰু মোক পুণৰাই শাৰীটো মাতিবলৈ ক’লে ৷ ময়ো একেধৰণেই শাৰীটো দোহাৰিলোঁ, “মই ওচৰৰ গাঁৱৰ পুথিভঁৰাললৈ গলোঁহেঁতেন আৰু বহুত কিতাপ পঢ়িলোঁহেঁতেন ৷”
তেঁও হাঁহিলে আৰু ক’লে, “কবিতাটো তুমি ব্যতিক্রম ভাৱে সম্পূৰ্ণ কৰিলা ৷ বাৰু পকৃত কবিতাটো তুমি জানানে নাই ?”
“হয়, মই জানো ৷”
“মোৰ যদি দুখন ডেউকা থাকিলহেঁতেন....
মই নীল আকাশত উৰি ফুৰিলোঁহেঁতেন
মই সুন্দৰ ঠাইবোৰ চালোঁহেঁতেন
মই মহান ব্যক্তিসকলক লগ পালোঁহেঁতেন
মই গুপ্ত সম্পদৰ সন্ধান কৰিলোঁহেঁতেন”
ককাদেউতা মনে মনে থাকিল ৷ ঘৰ পোৱাৰ পাছত তেঁও কঠখনত বহিল আৰু মোকো কাষলৈ মাতিলে ৷ তেখেতক ভাগৰুৱা দেখাইছিল যদিও সুখী যেন লাগিছিল ৷ তেঁও মোৰ সৰু সৰু হাত দুখন নিজৰ হাতৰ মাজত লৈ ক’লে, “তুমি জানানে, আমেৰিকা যুক্তৰাষ্ট্রত এন্দ্রিউ কাৰ্ণেগী নামৰ এজন মহান ব্যক্তি আছিল ৷ তেখেতে নিজৰ আটাইবোৰ সম্পত্তি নিজৰ সতি সন্ততিক দিয়াৰ সলনি গাঁৱে গাঁৱে গ্রাম্য পুথিভঁৰাল প্রতিষ্ঠা কৰাত খৰচ কৰাৰ বাবে উইল কৰি থৈ গৈছে ৷ মই আমেৰিকা দেখা নাই, কিন্তু যিমানবোৰ গ্রাম্য পুথিভঁৰাল তুমি দেখিবা, সকলোতে এন্দ্রিউ কাৰ্ণেগীৰ অৱদান আছে”৷
“ নাজানো কিমান দিনলৈ মই জীয়াই থাকিম, কিন্তু তুমি আজি কবিতাটো সম্পূৰ্ণ কৰিবলৈ গোৱা শাৰীটোৰ জৰিয়তে মই বুজি পালোঁ তুমি কিতাপ পঢ়ি কিমান ভাল পোৱা ৷ আজি তুমি মোক এটা প্রতিশ্রুতি দিয়া, ভৱিষ্যতে তুমি যদি তোমাৰ প্রয়োজনতকৈ অধিক উপাৰ্জন কৰিব পাৰা , তেন্তে কমেও এটা পুথিভঁৰালৰ বাবে তুমি কিতাপ কিনি দিবা ৷”
জাৰকালিৰ সেই সন্ধিয়াটিত মোৰ হাতত ককাদেউতাৰ খহতা হাতৰ উত্তাপ মই আজিও অনুভৱ কৰোঁ ৷ মোৰ শিক্ষক ককাদেউতাই ব্লেকবোৰ্ডত চক পেঞ্চিলেৰে প্রতিদিনে লিখোঁতে লিখোঁতে ৰুক্ষ হৈ পৰা হাতেৰে মোৰ ককাদেউতা আছিল জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ এজন বৃদ্ধ ৷
পাছলৈ মোৰ জীৱনত যথেষ্ট টকা পইছা আহিল ৷ তাহানিতে ককাদেউতাক দিয়া প্রতিশ্রুতি মই পূৰণ কৰিলোঁ ৷ ইনফচিচ ফাউণ্ডেছনৰ তৰফৰপৰা আমি তেনে ধৰণৰ দহ হাজাৰ পুথিভঁৰাললৈ কিতাপ কিনি আগবঢ়াইছোঁ ৷
উৎস গ্ৰন্থ : হাউ আই ট’ট মাই গ্রেণ্ডমাডাৰ টু ৰীড এণ্ড আদাৰ ষ্টৰীজ
0 Comments