সৰু ল’ৰাটো আৰু বুঢ়া মানুহজন ( The Little Boy and The Old Man)
কবি : চেল চিলভাৰ্চষ্টেইন (Shel Silverstein)
সৰু ল’ৰাটোৱে ক’লে,
"কেতিয়াবা মোৰ চামুচখন পৰি যায়৷"
বুঢ়া মানুহজনে ক’লে, "মোৰো পৰি যায়৷"
"মই কাপোৰ তিয়াওঁ নহয়," সৰু ল’ৰাটোৱে ক’লে কাণে-কাণে৷
"ময়োতো তিয়াওঁ," হাঁহিলে সৰু বুঢ়া মানুহজনে৷
সৰু ল’ৰাটোৱে ক’লে, "মই কান্দি থাকো প্ৰায়ে৷"
"ময়ো জানানে?", বুঢ়া মানুহজনে মূৰ দুপিয়ায়৷
"এনে লাগে ডাঙৰ মানুহবোৰে মোক অকণো গুৰুত্ব নিদিয়ে৷ আটাইতকৈ সেইটোৱে দুখলগা কথা৷"
এই বুলি কওঁতেই ল’ৰাটোক চুলে
উমেৰে ভৰা আৰু সোঁতোৰা পৰা
পুৰণি হাত এখনে৷
"তোমাৰ সকলোবোৰ কথাই মই বুজি পাওঁ৷"
এই বুলি ক’লে সৰু বুঢ়া মানুহজনে৷
কবি পৰিচিতি ঃ ১৯৩০ চনত জন্মগ্ৰহণ কৰা চেল চিলভাৰ্চষ্টেইন (Shel Silverstein) এজন আমেৰিকান লেখক। তেওঁ কাৰ্টুন, গান আৰু শিশু সাহিত্যৰ বাবে বিখ্যাত। ১৯৯৯ চনত তেখেতৰ মৃত্যু হয়।

0 Comments