এটা মধ্যবিত্ত কুকুৰ
মূল: হিন্দী
লেখক: হৰিশংকৰ পৰসাই
অনুবাদ ঃ তাম্ৰলিপি ৰাজকোঁৱৰ
![]() |
| Harishankar Parsai |
বন্ধুজনৰ গাড়ী আহি তেওঁৰ ঘৰৰ সন্মুখত
ৰ'লহি৷ মই গাড়ীৰপৰা নমাৰ আগতে বন্ধুজনক কুকুৰ আছে নেকি সুধি চালো৷
"তুমি কুকুৰলৈ বৰ ভয় কৰা নেকি?"
"মানুহৰূপী কুকুৰলৈ ভয় নকৰো৷ কিন্তু আচল
কুকুৰ জীৱবিধলৈ ভয় বহুত৷"
হয়, ঠিকেই বুজিছে৷ পোহনীয়া কুকুৰ থকা মানুহৰ
ঘৰলৈ যোৱাটো মই মুঠেই পছন্দ নকৰো৷ তেনেকুৱা এখন ঘৰলৈ আলহী হৈ গ'লে গৃহস্থতকৈ আগতে কুকুৰেহে প্ৰথমে সম্ভাষণ জনায়৷ মানুহে সম্ভাষণ
জনোৱাৰ আগত কুকুৰৰ ভুক-ভুকনি আৰম্ভ হৈ যায়৷
মোৰ সেই ভু্ক-ভুকনি শুনিলে 'ঐ, ইয়ালৈ কিয় আহিছ? তোৰ বাপেৰৰ ঘৰ নেকি?" এনেকৈ গালি পৰা নিচিনা অনুভৱ হয়৷
তদুপৰি কুকুৰ ৰুষ্ট হ'লে কামুৰিবলৈ খেদি অহা
কথাটোও আছে৷ কুকুৰে লাগিলে মোক কেবাবাৰো কামোৰক, সেইটো চিন্তাৰ কাৰণ নহয়৷ কিন্তু কামোৰাৰ পিছত ল'বলগীয়া ইনজেকশ্যন কেইটাহে মোৰ ত্ৰাসৰ
কাৰণ৷
কুকুৰলৈ ভয় কৰোঁ যদিও মোৰ মতে কিছুমান মানুহ কুকুৰতকৈও বেছি ভয়ংকৰ৷ মাৰ্ক টোৱেইনে
কোৱা কথা এষাৰ মই সম্পূৰ্ণ বিশ্বাস কৰো৷ তেওঁৰ মতে তুমি যদি ভোকাতুৰ কুকুৰ এটাক খাবলৈ
দিয়া তেন্তে সি তোমাক কেতিয়াও নাকামোৰে৷ মানুহ
আৰু কুকুৰৰ মাজত এইটো বৃহৎ অন্তৰায় ৷
এবাৰ এজন বন্ধুক কুকুৰে কামুৰিলে৷ সকলোৱে তেওঁৰ খবৰ লোৱা দেখি মই ক'লো, "তেওঁ ভালে থাকিব৷ কুশল
বাৰ্তা ল'ব খোজে যদি কুকুৰটোৰহে
লওক ৷ ইনজেকশ্যনো কুকুৰকহে বেছি প্ৰয়োজন বুলি মোৰ ধাৰণা হয়৷ "
অইন চিনাকি মানুহ এজনে এবাৰ মোক তেওঁৰ
ঘৰলৈ মাতিছিল৷ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ ঘৰৰ গেটৰ সন্মুখত উপস্থিত হৈও ভিতৰ নোসোমোৱাকৈয়ে উভতিলো,
কাৰণ গেটত ফলক এখনত ডাঙৰ ডাঙৰ হৰফত লিখা আছিল "কুকুৰপৰা
সাৱধান৷"
কেইদিনমান পাছত সেইজনক পুনৰ লগ পালোঁ।
তেওঁ চাহৰ নিমন্ত্ৰণ ৰক্ষা নকৰাৰ বাবে আক্ষেপ কৰাত মই ক'লো, "ক্ষমা কৰিব৷, মই সেইদিনা আপোনাৰ ঘৰলৈ
সময়মতেই গৈ পাইছিলো কিন্তু নাম ফলকত
লিখা কথাখিনিয়ে মোক ঘৰত প্ৰবেশ কৰাত বাধা দিলে৷ মই ভাবিছিলো ঘৰখনত মানুহ
থাকে৷ কিন্তু ফলকখনত কুকুৰৰ কথাহে লিখা আছিল৷ "
বহুদিনৰ মূৰত আমি দুজন বন্ধুৱে লগৰ এটাৰ
ঘৰলৈ থকাকৈ যোৱাৰ নিমন্ত্ৰণ পালোঁ। কলিং বেল
টিপাৰ লগে লগে ভৌ ভৌ শব্দহে উফৰি আহিল৷ গৃহস্থই
টাইগাৰ,
টাইগাৰ বুলি চিঞৰি তাৰ মাত বন্ধ কৰিলতহে ৰক্ষা৷ সেই মুহূৰ্তটোত
মোৰ এনে ভাব হ'ল
লগৰটোৱে কৈছে , "টাইগাৰ, টাইগাৰ, মনে মনে থাক৷ ইমানকৈ
চিঞৰাৰ প্ৰয়োজন নাই৷ এয়া কোনো চোৰ, ডকাইত নহয়৷ তই ইমান বিশ্বস্ত হৈ নেদেখুৱালেও হ'ব।"
কুকুৰটো শিকলিৰে বান্ধ খাই আছিল৷ মালিকে সাদৰেৰে ঘৰৰ ভিতৰলৈ মাতি নিয়া দেখিও সি
ভুকিয়ে থাকিল৷ মই তাৰপৰা পাৰ্যমানে দূৰত্ব বজাই ৰাখি দৌৰি ভিতৰ সোমালোগৈ৷ কুকুৰটোৰ
গঢ় গতি ভালদৰে পৰ্যবেক্ষণ কৰি মই বুজিলো যে ই এক উচ্চবৰ্গীয় কুকুৰ৷ এইখিনিতে কৈ থওঁ,
"উচ্চবৰ্গ শ্ৰেণীটোৰ প্ৰতি মোৰ যথেষ্ট ভাল ভাব আছে৷ সেয়া কুকুৰেই নহওক লাগিলে!"
কিন্তু তাৰ ঘৰত কুকুৰটোৱে মোৰ ফালে এনে এক হীন দৃষ্টিৰে চালে যে মোৰ মনতো অহমিকাবোধৰ সৃষ্টি
হ'ল৷ সি যেন যেন কৈছে - "ক'ত তই এটা নিঃকিন মানুহ
আৰু ক'ত মই এটা উচ্চ বৰ্গীয় কুকুৰ!
এদিন সন্ধিয়া আমি তিনি বন্ধুৱে মিলি চোতালত বহি আড্ডা দি আছিলো৷ বনকৰা ল'ৰাটোৱে কুকুৰটোক লৈ চোতালৰ সিটো মূৰত ব্যস্ত আছিল৷ তেনেতে
বাটৰ কুকুৰ দুটামানে আহি গেটৰ ওচৰত ৰ'ল৷ মই সিহঁতলৈ চাওঁতে মন কৰিলো সিহঁতে সেইডোখৰ ঠাইতে ইফাল সিফাল
কৰি থকাৰ মাজে মাজে উচ্চবৰ্গীয় কুকুৰটোলৈ চাই
আছে৷ সিহঁতে তাক দেখি ভুকিবলৈ চেষ্টা কৰা নাই৷ বৰঞ্চ উচ্চবৰ্গীয় কুকুৰটোৱেহে সিহঁতক
দেখি ভুকি আছে৷
মোক তেনেকৈ চাই থকা দেখি বন্ধুৱে ক'লে,। এইবোৰ নিত্য নৈমিত্তিক
ঘটনা৷ এনেদৰে সদায় বাটৰ কুকুৰকেইটাই মোৰ কুকুৰটো বাহিৰলৈ অহাৰ লগে লগে ইয়ালৈ আহি তালৈ চাই ইফাল সিফাল কৰি থাকে৷ আৰু সিহঁতক
দেখিলেই ই ভুকিবলৈ আৰম্ভ কৰে৷"
তেতিয়া মই ক'লো, " সিহঁতক দেখি ইয়াৰ ভুকিবলৈ
কি দৰকাৰনো? ই শিকলিবদ্ধ সুবিধাবাদী কুকুৰ৷ সিহঁত
ভোকাতুৰ আৰু অঘৰী কুকুৰ৷ গতিকে ইয়াত প্ৰত্যাহ্বান দিয়াৰ প্ৰশ্নই নুঠে৷"
ৰাতি আমি খাই বৈ শুব ললো৷ কুকুৰটোও আমাৰ
বিছনাৰ কাষতে তাৰ কাৰণে থোৱা দলিচাখনত শুই পৰিল৷ মাজনিশা তাৰ ভুক-ভুকনি শুনি সাৰ পালোঁ।
মই মন কৰিলো, যেতিয়াই বাটৰ কুকুৰকেইটাই ভুকিবলৈ আৰম্ভ
কৰে সিও ভুকিবলৈ ধৰে৷ সিহঁতে ভুকিবলৈ এৰিলে ই মনে মনে ৰয়৷ সিহঁতৰ সমান্তৰালভাৱে চিঞৰি
সি যেন আশ্বাস দি ক'ব বিচাৰে ময়ো আছোঁ
তোমালোকৰ সৈতে।
কুকুৰটোৰ শ্ৰেণীটোক লৈ মোৰ সন্দেহ উপজিল৷
ই উচ্চ বৰ্গীয় কুকুৰ হ'বই নোৱাৰে৷ কাৰণ মোৰ
চুবুৰীত থকা বন্ধুজনৰ দুটাকৈ উচ্চবৰ্গীয় কুকুৰ আছে৷ সিহঁতে কেতিয়াও বাটৰ কুকুৰক দেখি
নুভুকে৷ পিছফালৰপৰা আহি গাতো নালাগেহি৷ যিয়ে সন্মুখেদি পাৰ হৈ নাযাওক, মুকলিকৈ থাকিলেও বা বন্দী হৈ থাকিলেও , বিশেষ প্ৰতিক্ৰিয়া নিদিয়ে৷ সিহঁত নিজতেই মগন, অহংকাৰী কুকুৰ৷
কিন্তু নিজকে উচ্চবৰ্গীয় বুলি ভবা এই
কুকুৰটোৱে সৰ্বহাৰা কুকুৰবিলাকক দেখিও ভুকে
আৰু সমানেই চিঞৰে৷ এইবঝৰ মধ্যবিত্তৰ স্বভাৱ৷
গতিকে নিশ্চিতভাৱে ই মধ্যবিত্ত কুকুৰ৷ মধ্যবিত্ত শ্ৰেণীৰ দৰে ই উচ্চবৰ্গীয় মিছা আভিজাত্যৰ
ভেমো দেখায় আকৌ বিপদত পৰা সৰ্বহাৰাৰ বাবে মাতো মাতে ।
সেইদিনা অকণমান বাহিৰলৈ ফুৰিবলৈ ওলাই গৈছিলো৷ আহি দেখো কুকুৰটো দলিচাখনত পৰি
আছে৷ আমাক দেখিও সি উঠিবলৈ চেষ্টা নকৰিলে৷ মূৰটো তুলি সৰুকৈ গেঙনি এটা মাৰিলে , তাৰপিছতেই আকৌ মূৰটো
পেলাই শুই পৰিল৷ বাটৰ কুকুৰকেইটাই ভুকাৰ শব্দ শুনিও সি কোনো প্ৰত্যুত্তৰ নিদিলে৷ মই
বন্ধুজনক সুধিলো, আজি ই বহুত শান্ত হৈ আছেচোন? কথা কি?
বন্ধুৱে ক'লে," কথা বিষম৷ সন্ধিয়া বনকৰা
ল'ৰাটোৱে ইয়াক বাগিচাত
ফুৰাই আছিল৷ গেটখনো খোলা আছিল৷ কেনেকৈনো সি শিকলিডাল চিঙি গেটৰ বাহিৰ হ'ল! তাতে সদায় ৰৈ থকা বাটৰ কুকুৰ কেইটাতো আছিলেই৷ তাক দেখাৰ লগে
লগে তাৰ ওপৰত জঁপিয়াই পৰিল৷ কামুৰি আঁচুৰি অৱস্থা নাইকিয়া কৰিলে৷ বনকৰা ল'ৰাটোৱে যেনেতেনে বচালে গৈ।
সেইকাৰণে এতিয়া এনেকৈ লেবেজান হৈ পৰি আছে৷ কাইলৈ ইনজেকশ্যন দিয়াব লাগিব৷
মই কুকুৰটোলৈ চালোঁ। গোটেইটো ক্ষত বিক্ষত
হৈ পৰি আছে৷ মই বন্ধুৱে কোৱা কথাখিনি মানিবলৈ টান পালো৷ মোৰ মতে ঘটনাটো হয়তো এনেদৰে
সংঘটিত হৈছিল- শিকলিডাল কোনোমতে চিঙি সি বাহিৰ ওলাল৷ তাৰপিছত বাটৰ কুকুৰকেইটাক দেখি সি হয়তো
ভুকিবলৈ আৰম্ভ কৰিলে৷ তাৰ ভুক-ভুকনি শুনি ইহঁতকেইটাই তাক চাগে ভালকৈ কথা শুনালে৷
" উচ্চবৰ্গৰ ভেম দেখুওৱা ভণ্ড কুকুৰ৷
ভুকিবলৈ আহিছ৷ আমাক দেখিলেও ভুকিবি আৰু বিপদ দেখিলে আমাৰ লগত সমানে ভুকিলেও আহিবি৷
কোনো স্থিতি নথকা কুকুৰ৷ বাহাদুৰি দেখুওৱা কুকুৰ৷ আৰামত শুবলৈ, খাবলৈ পোৱা কুকুৰ৷ ডিঙিত
বেল্ট,
শিকলি বন্ধা কুকুৰ৷ তই যদি আমাৰদৰে একেই তেন্তে সেই শিকলি, বেল্ট চিঙি আমাৰ মাজলৈ ওলাই আহ৷ ৰাস্তাত পৰি থকা খাদ্য খা৷ চুৰ
কৰি খা৷ গাত ধূলি লগাই আমাৰ দৰে ঘূৰি ফুৰিবলৈকে ওলাই আহ৷"
উচ্চবৰ্গীয়
কুকুৰটোৱে চাগে সিমানতো ভুকিবলৈ বন্ধ কৰা নাছিল৷ তাকে দেখি বাটৰ কুকুৰকেইটাই মনে মনে ভাবিলে, ৰহ আজি তোক শিক্ষা দিম, তোৰ অহংকাৰ ভাঙি চূৰমাৰ কৰিম। এইবুলি কৈ তাৰ ওপৰত জঁপিয়াই পৰিল
আৰু তাৰ অৱস্থা এনেকুৱা কৰিলে৷ আৰু এতিয়া ই নিজৰ জাত কি সেয়া ভাবি এনেকৈ অৱশ হৈ পৰি
আছে৷

0 Comments