ৰুটি আৰু সংসদ
মুল(হিন্দী) : ধুমিল
অনুবাদ-ড. মঞ্জুমণি শইকীয়া
এজন মানুহে
ৰুটি বেলিছে
আন এজনে ৰুটি খাইছে
তৃতীয় এজন ব্যক্তিও আছে
যিজনে ৰুটি বেলাও নাই, ৰুটি খোৱাও নাই ।
কেবলমাত্র ৰুটিৰে খেলিছে
মই সুধিছো –
‘‘এই তিনি নম্বৰৰ মানুহজন কোন ?’’
মোৰ
দেশৰ সংসদ মৌন

0 Comments