মূল : ৰামদৰশ মিশ্ৰ (হিন্দী)
অসমীয়া ভাঙনি : ৰুবুল দাস
অপেক্ষা
প্ৰতিটো চকতে
দুৰ্ঘটনাগ্ৰস্ত
হৈ কেঁকাই আছে এখন দেশ
আৰু আমি
ডাক্তৰৰ সলনি
অপেক্ষা কৰি
আছোঁ পুলিচৰ |
ঠিকনা
চাৰিওফালে কাঁইটৰ
জংঘল
আৰু ভিতৰৰ ক'ৰবাত
এডালি ভীত লতা
|
যোৱা, গুচি যোৱা
এইটোৱে তেওঁৰ
ঘৰৰ ঠিকনা |
কবি পৰিচিতি : 'দিন এক নদী বন গয়া ', 'কন্ধে পৰ সূৰজ ','আমকে পত্তে ','আগ কুছ নহী বলতা " আদিকে ধৰি কেইবাখনো কবিতা পুথি ৰচনা কৰি হিন্দী কাব্য-জগতক চহকী কৰা এগৰাকী প্ৰতিষ্ঠিত কবি হ'ল - ৰামদৰশ মিশ্ৰ | ১৯২৪ চনৰ ১৫ আগষ্টত জন্ম গ্ৰহণ কৰা এইগৰাকী কবিৰ ঘৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত | ২০১৫ চনত "আগ কী হঁসী " কাব্যগ্ৰন্থখনিৰ বাবে তেওঁক 'সাহিত্য অকাডেমী' বঁটাৰে সন্মানিত কৰা হয় |

0 Comments