মই বহুক্ষণ ধৰি
মূল(বাংলা) : বিনয়
মজুমদাৰ
ভাষান্তৰ : অপৰাজ
বহুক্ষণ ধৰি সফল কলগছৰ কথা ভাবিলোঁ
অতি মনোযোগেৰে , কল বাগানৰ মাজত আৰু বাস কৰা নকৰোঁ
ভাৰতৰ মানচিত্ৰ যত্নসহকাৰে মই ৰাখিছোঁ পিতাৰ চুটকেচত
এতিয়া সকলো বিষয়তে মোৰ সুহৃদ , বন্ধু, ভাৰতৰ মানচিত্ৰখন,
ফলত কলবাগানৰ মাজত বাস কৰা নাই মই বৰ্তমান
আমি মানুহবোৰেতো গোফহীন পুৱাবেলা পঢ়া শুনা কৰোঁ
সৰস দুপৰীয়া কাম কৰো, তাৰপিছত পকাচুলীয়া আবেলি
খেলা-ধূলা কৰোঁ- এয়ে আমাৰ দিনৰ হিচাব।

0 Comments