ভীমৰাও অম্বেদকাৰৰ চিঠি
অনুবাদঃ পৰিনীতা দেৱী
প্ৰতি
উলিয়াম এডগাৰ বোৰ্গহাৰ্থ
ইউনিভাৰ্চিটি অৱ এটলানন্টা
ৰাজগড়, হিন্দু কলনি
ৰাজগড়, হিন্দু কলনি
বোম্বে - ১৪
যদিও মই আপোনাক ব্যাক্তিগতভাৱে লগ পোৱা নাই মই আপোনাক জানো। যেনেকৈ প্ৰত্যেকেই জানে এজন নিৰ্যাতিত মানুহৰ স্বাধীনতাৰ হকে কাম কৰি যোৱা ব্যক্তি হিচাপে মই হলো ভাৰতৰ অস্পৃশ্য জাতিৰ এজন, আনহাতে আপুনিও মোৰ নাম জানিব লাগে। মই হলো এজন ‘‘নিগ্ৰো সমস্যা”ৰ ছাত্ৰ আৰু আপোনাৰ লিখনিসমূহ পঢ়ো। ভাৰতৰ অস্পৃশ্য মানুহ আৰু আমেৰিকাৰ নিগ্ৰো জাতিৰ স্থানৰ বহুখিনি মিল আছে আৰু তাৰ ওপৰত অধ্যয়ন স্বাভাৱিকেই নহয় প্ৰয়োজনীয়ও। আমেৰিকাৰ নিগ্ৰোসকলে ইউ.এন.ও ত আবেদন কৰা বুলি পঢ়িবলৈ
পাই মই বহুত আগ্ৰহী হৈছোঁ। ভাৰতৰো অস্পৃশ্য সকলৰ পৰাও এনেকুৱা মোকৰ্দম্মা এটাৰ কথা চিন্তা কৰা হৈছে। আপুনি নিগ্ৰোসকলৰ বিবৃতিটোৰ দুই বা তিনিটা প্ৰতিলিপি কৰি মোৰ ঠিকনাত পঠাই দিয়ে যেন ।যিহেতু মোৰ কাৰণে আপুনিয়েই হ’ল নিশ্চিতভাৱে উপযুক্ত ব্যাক্তি। এইক্ষেত্ৰত আপোনাৰ হ’বলগা কষ্টৰ কাৰণে মই আন্তৰিক কৃতজ্ঞতা জনালো।
ইতি
ভীমৰাও অম্বেদকাৰ
ভীমৰাও অম্বেদকাৰ

0 Comments