কিয় নিলিখো জর্জ ফ্লয়ডৰ কথা (Why I don’t write about George Floyd)
মূলঃ টই ডেৰিকট্টে (Toi Derricotte)
অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া
কাৰণ কব লগা বহুত কথা আছে
কাৰণ কবলৈ একো নাই মোৰ
কাৰণ মই নাজানো কিনো ক’ম
কাৰণ সকলো কথা দেখোন কোৱা হ’লেই
কাৰণ ক’বলৈ যোৱাটো
বেদনাদায়ক ভীষণ
মই নো কি কব পাৰো, কি কব পাৰো মই
কিবা এটা ডিঙিত সোপা মাৰি ধৰে
কিবা এটা আপেলৰ নিচিনা
কিবা এটা লাগি ধৰিছে চুৰী এখনৰ দৰে
কিবা এটা ফুলি উঠিছে যেন এটা ভৰি
কিবা এটা ফুলি উঠিছে যেন গোটেই দেহাটো

0 Comments