হেমিংৱেৰ
জীৱনৰ যৱনিকা (Final Hours of Ernest
Hemingway)
মূলঃ Ray Setterfield
অনুবাদঃ
ধ্ৰুৱ শইকীয়া
![]() |
| আৰ্নেষ্ট হেমিংৱে |
অ’ল্ড
মেন এণ্ড দা চী উপন্যাস-খ্যাত আর্ণেষ্ট হেমিংৱেই ১৯৬১ চনৰ দুই জুলাইত আত্মহত্যা
কৰাৰ পিচত একবিংশ শতিকাতো এই নোবেল বটা বিজয়ী সাহিত্যিকজনৰ এনে সিদ্ধান্তৰ ৰহস্য
উদঘাটনৰ প্ৰচেষ্টাৰ ওৰ পৰা নাই৷ হেমিংৱেৰ জীৱনৰ অন্তিম সময়ৰ বর্ণণাৰে লিখা এক
প্ৰবন্ধত ৰে চেটাৰফিল্দে কয় যে Nobel
Prize-winning author, adventurer, war correspondent, bullfighter, drinker and
all-round macho manজনৰ চতুর্থ পত্নী মেৰিৰ মতে এই মৃত্যু আছিল এক দুর্ঘটনা, তেওঁৰ
স্বামীয়ে দুনলীয়া শ্বটগানটো চাফা কৰি থকাৰ সময়ত অকস্মাৎ মৃত্যুমুখত পৰে৷
পিচে
মেৰিৰ ব্যাখ্যা একে আষাৰে মানি নলৈ ভালেমান গৱেষক, লেখক
আৰু মনস্তাত্বিকে হেমিংৱেৰ মৃত্যুৰ বিষয়ে অধ্যয়ন চলাই আহিছে৷ ২০০৬ চনত আমেৰিকাৰ
মনস্তত্ববিদ ক্ৰিষ্টোফাৰ ডি মার্টিনে কয় যে জীৱনৰ অন্তিম পর্যায়ত তেওঁ কেইবাটাও
কাৰণত এক জটিল পৰিস্থিতিৰ কবলত পৰিছিল আৰু এই কাৰণসমূহৰ ভিতৰত আছিল bipolar mood disorder, হতাশা,
সুৰাসক্তি, মগজুৰ
একাধিক গুৰুতৰ আঘাত আৰু চাইকচিচৰ সূত্ৰপাত৷
আন
বহুতৰ মতে ১৯২৮ চনত হেমিংৱেৰ দেউতাকে মূৰত গুলিয়াই আত্মহত্যা কৰাৰে পৰা হেমিংৱেই
হতাশাত ভূগি আহিছিল৷ হেমিংৱেৰ ককাক,
ভায়েক, ভনীয়েক
আৰু নাতিনীয়েকেও আত্মহত্যা কৰিছিল৷ আত্মহত্যাৰ প্ৰৱণতাৰ উপৰিও হেমিংৱেৰ পৰিয়ালৰ এক
বংশানুক্ৰমিক ব্যাধি আছিল hemochromatosis৷
চুইজাৰলেণ্ডৰ
বিজ্ঞানী চেবাষ্টিয়ান ডাইগুজে (Sebastian
Dieguez) ২০১০
চনত প্ৰকাশ কৰে যে হেমিংৱেৰ আচৰণ আৰু লক্ষণৰ ব্যাখ্যা ভুলকৈ কৰা হৈছিল, তেওঁৰ
মৃত্যু দুর্ঘটনাৰ পৰিবর্তে চিকিৎসা নোহোৱা অসুখৰ ফলত কৰিব লগা হোৱা আত্মহত্যাহে
আছিল৷
হেম’ক্লমাটচিচ
হৈছে আইৰণৰ আধিক্যৰ ফলত হোৱা এক বিসংগতি,
যি শৰীৰৰ একাধিক অংগ আৰু
জোৰা বিকল কৰে, পৰিণতিত দেখা দিয়ে
ডায়েবেটিচ, লিভাৰ চিৰ’চিচ, হৃদৰোগ
আৰু হতাশগ্ৰস্ততাই৷ হেমিংৱেৰ দৰে অত্যাধিক সুৰাপায়ীৰ বাবে ই অধিক বিপদজনক৷ এই
ৰোগৰ আন এটা নাম চেলটিক কার্জ আৰু ইয়াৰ চিকিৎসা নহলে হয় অসহ্য বিষ, কষ্ট
আৰু অৱশেষত মৃত্যু৷
জন
ৱালশ্ব নামৰ এজন ইংৰাজ লেখক-গৱেষকে কয় যে ১৯৬০ চনত হেমিংৱেই উপলব্ধি কৰে যে তেওঁ
লিখিব নোৱাৰা হৈ পৰিছে, মনলৈ কোনো শব্দ নাহে, তাৰ
সলনি আহে কেৱল গভীৰ হতাশা৷
১৯৬১
চনত ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ সোঁৱৰণত মাথো এটা বাক্য লিখি দিবলৈ হেমিংৱেক
অনুৰোধ কৰা হৈছিল. কিন্ত তেওঁ নোৱাৰিলে৷ সেই সময়ত হেমিংৱেই উচুপি উঠি বন্ধু
হটচনাৰক কেৱল কৈছিল-"It just won't come any
more."
ৱালশ্বে
কয় যে হেমিংৱেই অবিচলিত সাহস আৰু দৃঢ়তাৰে তেওঁৰ ‘Hemingway the Man's Man’ ভাৱমূর্তি গঢ়ি তুলিছিল, তাক
বর্তায়ো ৰাখিছিল: কিন্তু এদিন যেতিয়া দেখিলে যে তেওঁ লিখাৰ সামর্থ্যকে হেৰুৱাই
পেলাইছে, সেইদিনা বুজিলে তেওঁৰ বাবে নিজৰ দেউতাকৰ দৰে আত্মহত্যাই
একমাত্ৰ পথ৷

0 Comments