এনিশা
মূল (মণিপুৰী) : কেইশ্বম প্ৰিয়কুমাৰ
ইংৰাজী অনুবাদ : ৰবীন এছ নাংগম
অনুবাদ : ৰঞ্জনা দত্ত
কি কৰিম যদি শুই থাকোঁতে মূৰটো কিহবাৰে
থেতালি পেলায় ? বা
গম নোপোৱাকৈ মেচি দা খনেৰে কাটি পেলায় ? চিন্তা বোৰ মনলৈ অহাত ষ্টিফেন ভয়তে জোকাৰ খাই
উঠিল । টোপনিটো আহিব খোজা সময়তে হঠাতে তাৰ চকু কাণ সষ্টম হৈ পৰিল। সি কোঠাটোৰ আনটো
কোণত থকা বিচনাখনলৈ কিছুসময় একেথৰে চালে। লিংগপাওৱে তাৰ ভৰি দুখন দীঘলীয়াকৈ মেলি
শুই আছে । সি একেবাৰে লৰচৰ কৰা নাই । ষ্টিফেন স্বস্তিৰ উশাহ ল’লে । তাৰ পাছতে তাৰ মনলৈ চিন্তা আহিল-মইতো
সদায় ইয়াৰ নাকৰ গোঁজৰণি শুনা পাওঁ । এতিয়া নাকৰ শব্দ টো বাদেই মনত ভাব হৈছে সি যেন
উশাহো লোৱা নাই। সিও সাৰে আছে নেকি বাৰু? ষ্টিফেনে আৰু চকু বন্ধ কৰিব নোৱাৰিলে। বাহিৰৰ
পৰা অহা লাইটৰ ক্ষীণ পোহৰত ছয়াঁময়াঁকৈ দেখা তাৰ সৰু কোঠালিটোৰ বস্তু বোৰৰ ওপৰত সি
চকু ফুৰালে । একোণত থকা চচপেন, ষ্টভ ,কেইটামান বটল ,খৰাহী এটা , দুখনমান থাল আৰু বেৰৰ কাষত থোৱা কেইটামান
বাতি। মেচি দা খন ক'লৈ
গ’ল ? সেইখনটো
বেৰতে আঁউজাই থোৱা আছিল ? সি ভয়তে জোকাৰ খাই উঠিল । সি কেউফালে সাবধানে
চকুফুৰাই চালে। ওপৰলৈ মুখ কৰি শুই থকা লিঙ্গপাও টোপনিতে বেৰৰ ফালে মুখ কৰি একতীয়া
হৈ পৰিল। বিছনাত উঠি বহিব খোজা ষ্টিফেনে আগৰ দৰেই পৰি ৰ’ল। তাৰ মনত পৰিল মেচি দা খন সিয়ে বিচনাৰ তলত
ভৰাই থৈছিল । সি ডিঙিটো বেঁকা কৰি উলিয়াই বিচনাৰ তললৈ চালে। দা খন কিছু ভিতৰলৈ
মাটিতে থোৱা আছিল। সি স্বস্তিৰ উশাহ ল’লে।
কিন্তু তাৰ চকুৰ পতা জাঁপ নাখালে ।
ৰাতি বহুত পৰ হৈছিল। কোনোফালে ক’তো কোনো মানুহৰ মাত এটা শুনা নগৈছিল । কেৱল
ৰাস্তাৰ পৰা ৰৈ ৰৈ অহা কুকুৰৰ ভুকভুকনি শুনিবলৈ পোৱা গৈছিল । অইন দিনা হোৱা হ’লে সি ইমানপৰে টোপনিৰ পৰা দুই এবাৰমান সাৰ
পালেহেঁতেন । আজি টোপনি নাহিবই নেকি বাৰু? সি মনৰ ভিতৰত হেঁচা মাৰি ধৰা তাৰ ভয়বোৰ
আঁতৰাবলৈ চেষ্টা কৰিলে । সি তাৰ ওলোটা দিশে শুই থকা লিঙ্গপাওৰ ফালে আকৌ চাই
পঠিয়ালে । এতিয়াও সি আগৰ দৰে লৰচৰ নকৰাকৈ একে ধৰণে শুই আছে। সি সঁচাকৈয়ে শুই আছেনে
বাৰু? ষ্টিফেনে
আকৌ ভাবিলে- মই আজি ৰাতি চকুৰ টিপ নমৰাকৈ ৰাতিপুৱালৈকে এনেদৰেই থাকিব লাগিব নেকি ?
দীঘলীয়া অফিচঘৰ টোৰ একেবাৰে এমূৰত থকা সৰু কোঠালিটোত সিহঁত
একেলগে থকা চাৰিবছৰৰ বেছি হ’ল।
কিন্তু তাৰ মনৰ চিন্তাবোৰ আজিৰ দৰে কেতিয়াও ইমান বিষাক্ত হৈ উঠা নাছিল ।
-“ তোমালোকে এতিয়াও একেলগে থাকিবলৈ ইচ্ছা কৰানে?”
সেইদিনা ৰাতিপুৱাই অফিচৰ মুৰব্বী জনে দুয়োকে একেলগে মাতি নি
শুধিছিল । আগতে কেতিয়াও নোসোধা প্ৰশ্নটোৰ সিহঁতি একো উত্তৰ দিব পৰা নাছিল । সিহঁতক
যে এনেদৰে প্ৰশ্ন কৰিব পাৰে সেই ভাবটো এবাৰলৈও সিহঁতৰ মনলৈ অহা নাছিল । কেইচেকেন্ড
মানৰ মূৰত ইটোৱে সিটোৰ চকুলৈ চাইছিলা । যান্ত্ৰিক ভাবে । মাত্ৰ কেই ছেকেণ্ড মানৰ
বাবে । তাৰ পাছত তললৈ মূৰ কৰি দুয়োটা বহি পৰিছিল।
-“ তোমালোকৰ মাজত তেনেকুৱা একো নহয় , কিন্তু
কোনে জানে ? যদি
বেয়া কিবা এটা হয় .... তেতিয়া আমাকো মাজত সুমুৱাব ।
সিহঁত দুয়োটায়ে মনে মনে কথাবোৰ শুনি আছিল । অফিচাৰ জনে আকৌ
আৰম্ভ কৰিলে
-“ তেতিয়া চকীদাৰ আৰু চাফাই কৰা দুয়োটা কাম
একেজনেই কৰিব লাগিব । যিহেতু আমি তোমালোকক বেলেগেকৈ এটা ঘৰ দিব নোৱাৰো কোনোবা এজন
ভাৰাঘৰলৈ যাব লাগিব । তোমালোকে কি ঠিক কৰা কাইলৈৰ ভিতৰত জনাবা।
এইবাৰো সিহঁতে একো উত্তৰ দিয়া নিদিলে । সিহঁতে ৰূমটোৰ পৰা
নিঃশব্দে ওলাই আহিল। বন্ধু হিচাপে ইমান দিন একেলগে থকাৰ পিচত এনে লাগিবলৈ আৰম্ভ
কৰিছে যেন হঠাতে সিহঁত ইটোৱে সিটোৰ পৰা একেবাৰে আঁতৰি পৰিছে । সিহঁতি ইটোৱে সিটোৰ
মূখলৈ চাই কথা পাতিব নোৱাৰা হ’ল।
-“ যদি এজন কুকী আৰু এজন নগা একেখন চাদৰ তলত
একেলগে থাকি ৰাতি ইজনে সিজনক হত্যা কৰে ,এই অফিচটোৰ এটা বেয়া নাম নহ’বনে?”
কাষৰ কোঠাটোৰ পৰা কথাবোৰ ভাঁহি আহিছিল । হেড ক্লাৰ্ক
কুলবিধুৱে অফিচৰ বাকী সহকৰ্মী বোৰক কি কৈ আছে ষ্টিফেনে স্পষ্টকৈ শুনিবলৈ পালে।
লিঙ্গপাওৱেও যে কথাবোৰ শুনিছে ষ্টিফেন নিশ্চিত আছিল । আগতে এনেধৰণৰ কথা ওলোৱা হ’লে সি কথাবোৰত কোনো গুৰুত্ব নিদিলে হেতেঁন ।
যদিও এই কেইবছৰত যথেষ্ট লোকৰ মৃত্যু হৈছে সাধাৰণ মানুহক বাদ দি অকল নেতা আৰু
উগ্ৰপন্থীকে এইবোৰ কামত দোষাৰোপ কৰা হৈছিল। ষ্টিফেন সদায় এইবোৰ কথা বতৰাৰ পৰা পৰা
আঁতৰত থাকে । কিন্তু আজি সিহঁতি কোনো ধৰণৰ পাতলীয়া ধেমেলীয়া কথা পাতিবলৈ অপাৰগ ।
সিহঁতৰ দুৰৰ ক'ৰবালৈ
পলাই গুছি যাবলৈ ইচ্ছা গৈছে
-“ লিঙ্গপাও, তোমাৰ গাওঁ খনৰ নাম পাছং বুলি কোৱা নাছিলা
জানো? চোৱা
আজিৰ কাগজত দিছে চঙ্খোপাও চংলয় নামৰ লোক এজন, তেওঁৰ পত্নী আৰু তিনি বছৰীয়া ছোৱালী জনীক
ইহাং নদীৰ ওচৰত গুলীয়াই হত্যা কৰিছে “।
টাইপিষ্ট টম্বিয়ে একেলগে কাকতখন পঢ়ি কথা কৈ কৈ বাতৰিতো
দেখুৱাই আছিল । ষ্টিফেনে যেন জীৱনৰ আটাইতকৈ ডাঙৰ আঘাত টো পাইছিল । লিঙ্গপাওৱে কাগজ
খন থাপ মাৰি লৈ জোৰত খামোচ মাৰি ধৰি একে উশাহতে খবৰটো পঢ়িছিল। তাৰ হাত দুখন অসম্ভৱ
কঁপিবলৈ আৰম্ভ কৰিছিল। তাৰ চকুদুটাও ৰঙা হৈ পৰিছিল । তাৰ পিছত সি পিছলৈ ঘূৰি কাকত
খন দলিয়াই থৈ কাকো একো নোকোৱাকৈ বাহিৰলৈ ওলাই গৈছিল । ষ্টিফেন এটা খুটাৰ দৰে অলৰ
অচৰ হৈ পৰিছিল । ই তাৰ বাবেও এটা ভয়ঙ্কৰ দুঃস্বপ্নৰ দৰে আছিল । সি ভালদৰেই জানিছিল
যে চঙ্খোপাও লিঙ্গপাওৰ সৰু ভায়েক।
“তোমালোকৰ এই হত্যা ,আক্ৰমণ,আৰু ইটোৱে
সিটোৰ ঘৰত কৰা অগ্নি সংযোগ বোৰ …. এনেদৰে
নহয় । আৰু বহুত মৰিব । কেইদিনমান আগতে মলনমত টাংখুল বোৰক কৰা হত্যাকান্ডৰ এইটো এটা
প্ৰতিশোধ । বাৰু ..লিঙ্গপাও একো নোকোৱাকৈ কিয় ওলাই গ’ল?”
টম্বিয়ে ষ্টিফেনৰ ফালে ঘুৰি চাই শুধিলে।
“মই নাজানো “
ষ্টিফেনে আৰু একো নকলে। তাৰ বেলেগ সম্প্ৰদায়ৰ মানুহ এজনৰ
লগত এইবিষয়ে কথা পাতিবলৈ মন নাছিল । সি এইবোৰ কথা ঠাট্টা মস্কৰাৰ কথাৰ দৰে কবলৈ
বিচৰা নাছিল । ষ্টিফেনো কোঠালীটোৰ পৰা ওলাই গ’ল
। সি চিধা গেটখনৰ ফালে আগুৱাই গ'ল ।
ষ্টিফেনে আকৌ লিঙ্গপাওলৈ মন দি চালে । আগৰ দৰেই লিঙ্গপাও
একেধৰণে লৰচৰ নকৰাকৈ শুই আছে। সিও তাৰ দৰে শুব পৰা নাই নেকি? নিশ্চয়
সিও শুব পৰা নাই । কিন্তু সি শুব কেনেকৈ? যেতিয়া সি গম পাইছে যে তাৰ ৩০ বছৰীয়া একমাত্ৰ
ভায়েক , তাৰ
পত্নী আৰু একমাত্ৰ সন্তানটোক হত্যা কৰা হৈছে । সি মদৰ নিচাত সম্পূৰ্ণ ডুব গৈ
টিকটিকিয়া ৰঙা চকুৰে ৰাতি বহুত দেৰিকৈ ঘূৰি আহিছিল । কাপোৰ কানি একো নোখোলাকৈয়ে
চিধা বিছনাত বাগৰি পৰিছিলগৈ। ৰাতি খোৱা বোৱাও একো নকৰিলে। ষ্টিফেনৰ তাৰ লগত কথা
পাতিবলৈ সাহস হোৱা নাছিল । তাক খাবলৈও একো দিব নোৱাৰিলে । লিঙ্গপাওৱে তাক এটা
শব্দও কোৱা নাছিল । যিহেতু ৰাতি বহু দেৰিলৈকে সি ঘূৰি অহা নাছিল, ষ্টিফেনে
ধৰি লৈছিল লিঙ্গপাও ইতিমধ্যে নিশ্চয় পাছঙলৈ গ'লগৈ। সি সুধিব বিচাৰিছিল। সি চঙ্খোপাওৰ
মৃত্যুৰ বাবে সমবেদনা জনাই কথা পাতিব বিচাৰিছিল। কিন্তু লিঙ্গপাওৰ অৱস্থাটো দেখি
সাহস গোটাব নোৱাৰিলে ,
কথা পতাটো দুৰৈৰে কথা । ৰাতিৰ নিঃশব্দ গভীৰতা বাঢ়ি অহাৰ লগে
লগে ক্ৰমান্বয়ে তাৰ বুকুৰ ভিতৰ খন এটা অদ্ভুত ভয়ে গ্ৰাস কৰি আনিছে। ষ্টিফেনে আকৌ
বিছনাত পিঠিখন দি ওপৰৰ চিলিং খনৰ ফালে মুখ কৰি পৰি থাকিল। মাজে মাজে ফাটি থকা
চিলিংৰ কাপোৰখন এন্ধাৰত সি দেখা পোৱা নাছিল। তাৰ মনৰ চকুত পাহাৰৰ একেবাৰে তলত ইহাং
নদীৰ পাৰত থকা সিহঁতৰ চানাকেইথেল গাওখন ভাঁহি আছিল । আৰু তাৰ নাতিদুৰৈত থকা কুকী
গাওঁ পাছং খনো।
চানাকেইথেল গাঁৱৰ সৰু বজাৰ খনলৈ পাছং গাঁৱৰ মানুহ কিছুমানে
নিজৰ খেতিৰ ওপজাত সামগ্ৰী বোৰ বিক্ৰী কৰিবলৈ আনে। তেওঁলোকে বজাৰৰ পৰা বস্তু কিনে
আৰু লগত লৈ অনা বোৰ বিক্ৰী কৰে । ইহাংৰ দুয়ো পাৰে থকা বহল মাটিবোৰ দুয়োখন গাঁৱৰে।
সিহঁতে একেলগে ধানৰ খেতি কৰে। সিহঁতে একেলগে ইহাং নদীত মাছ মাৰে। আৰু এতিয়া ? হাতত
অস্ত্ৰ শস্ত্ৰ লৈ সিহঁতে এতিয়া নিজৰ গাওঁ পহৰা দিব লগীয়া হৈছে । নিজৰ গাঁৱৰ পৰা
এতিয়া মানুহে অকলে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰা হৈছে । ষ্টিফেনে হঠাতে এটা দীঘলকৈ
উশাহ ল’লে।
চঙ্খোপাওৱে চানাকেইথেলত মাংস বিক্ৰী কৰিছিল । যিহেতু
ষ্টিফেন তাৰ ডাঙৰ ককায়েকৰ বন্ধু আছিল চঙ্খোপাওৱে প্ৰায়ে গাঁৱলৈ ঘূৰি যোৱাৰ আগেয়ে
ষ্টিফেনক কেইটুকুৰা মান মাংস দিছিল। কেতিয়াবা সি ৰাতি খোৱা বোৱা কৰি চানাকেইথেল
গাঁৱতেই থাকি গৈছিল । প্ৰায়বোৰ টাংখুল ল'ৰাই তাৰ বন্ধু আছিল । এদিন গধুলি একেলগে বহি
থাকোঁতে ষ্টিফেনে চঙ্খোপাওক কৈছিল
“চঙ্খোপাও, মই
শুনিবলৈ পাইছো সিহঁতে আমাৰ নদীখনৰ ওপৰত এটা বান্ধ সাজিব । সিহঁতি চকীদাৰ আৰু
খালাছিৰ বাবে গাঁৱৰ মানুহক চাকৰি দিব বুলি শুনিছোঁ । তইও কৰিব পাৰ দেখোঁন ।
চঙ্খোপাওৱে সাধাৰণ ভাবে উত্তৰ দিছিল
“ মোৰ মন নাই । মই চৰকাৰী চাকৰি কৰিব নোৱাৰিম।
মোৰ দৰে এটা অশিক্ষিতই কি কাম কৰিব? তাতকৈ মই হাবিত চিকাৰ কৰিম। মই নদীত মাছ
মাৰিম আৰু মই হাবিত খৰি কাটিম”
“ঠিক আছে। গোটেই গাত তেজৰ
চিটিকনি বোৰ পেলাই মাংসকে বিক্ৰী কৰি থাক”
ষ্টিফেনে হাঁহি হাঁহি কৈছিল ।
“মই গাঁৱতেই থাকিম । কেইদিনমান
পিছত সিহঁতে মোক ইম্ফলত থাকিবলৈ ক’ব।
মই সেইটো নিবিছাৰোঁ ।“
জোনাকৰ পোহৰত চোতালত বহি দুয়োটাই হাঁহিছিল। উখৰুলৰ পাহাৰৰ
শাৰীবোৰ ,সৰু
সৰু গাঁৱৰ ঘৰবোৰ ,অকণ
অকণ জোপোহাৰে সুন্দৰ ঘাঁহনিবোৰ জোনাকৰ পোহৰত সুন্দৰ কৈ দেখা যায় । গীৰ্জাৰ পৰা
প্ৰাৰ্থনাৰ শব্দ ভাঁহি আহে। আৰম্ভণিতে মাতবোৰ বেছি ডাঙৰকৈ নাহে। লাহে লাহে শব্দ
বোৰ ডাঙৰ হ’বলৈ আৰম্ভ
কৰে আৰু পাহাৰত ঠেকা খাই প্ৰতিধ্বনিত হয়। সিহঁতি গীতবোৰ স্পষ্টকৈ শুনিবলৈ পাইছিল।
“ব’ল গীৰ্জালৈ যাওঁ “।
খুব মন দি শুনি শুনি চঙ্খোপাওৱে ক'লে
“তইও যাবি ?”
“ অঁ ব'ল ময়ো যাম । মোৰ জীৱ জন্তু মৰা পাপবোৰ কটা
যাব । কোনো কথা নাই ,
মইও টাংখুল ভাষাত প্ৰাৰ্থনা গীত গাম”
ষ্টিফেনৰ মনত পৰিল- কেনেকৈ চঙ্খোপাওৱে হৃদয়ৰ সমস্ত আবেগ
ঢালি গাঁৱৰ গীৰ্জা ঘৰত প্ৰাৰ্থনা সংগীত গাইছিল। এনেকুৱা লাগিছে যেন এতিয়াও সি
চঙ্খোপাওৰ গীতবোৰ শুনি আছে। গম নোপোৱাকৈ স্টিফেনৰ দুচকুৰে চকুলো ওলাই আহিল। সি
মুচিবলৈ কোনো চেষ্টা নকৰিলে ।
কিমান নিঃশব্দ আছিল ৰাতিটো । ইমান সময় তাক হেঁচা মাৰি থকা
ভয়টো লাহে লাহে কমিবলৈ আৰম্ভ কৰিছিল। সি লিঙ্গপাওৰ নাকৰ শব্দ শুনিবলৈ পালে। চিলিংৰ
ফালে চাই থকা তাৰ চকুহালি লাহে লাহে জাঁপ খাই আহিল ।
-“ৰাতিপুৱা হ’বলৈ আৰু কিমান পৰ আছে?”
যোৱাকালি ৰাতিপুৱাৰ পৰাই সি লিঙ্গপাওৰ মুখত এইটো প্ৰথম শব্দ
শুনিলে । ষ্টিফেন হঠাতে সাৰ পাই গ’ল
। সি বিচনাৰ কাষতে থকা খিড়িকী খন খুলি বাহিৰলৈ চাই পঠিয়ালে । বাহিৰত তেতিয়াও
অন্ধকাৰ । লামফেল এলেকাটোৰ সিহঁতৰ কাষৰীয়া অফিচঘৰ বোৰ ,গছ গছনি , বিল ,পুখুৰী
আদি সকলোবোৰ তেতিয়াও গাঢ় নীলা অন্ধকাৰত বুৰ গৈ আছিল। সি খিড়িকী খন বন্ধ কৰি দিলে।
-“কিছু সময় বাকী আছে । টোপনি
অহা নাই ?
“ কেনেকৈনো আহিব”
কেবল এইকেইটা শব্দ । কেৱল এই দুটা শব্দৰ মাজেৰে তাৰ অন্তৰত
জ্বলি থকা জুইকুৰা যেন ওলাই আহিল ।
-“তই আজি গাঁৱলৈ যাবি নেকি?”
কিছু সময় মনে মনে থাকি ষ্টিফেনে শুধিলে ।
-“মই নাজানো । মই এচকৰ্ট পামনে
নাপাম নেজানো”
আৰ্মি এচকৰ্ট নোহোৱাকৈ ইম্ফলৰ পৰা সেইখন গাঁৱলৈ বহুদিন বাছ
চলাচল বন্ধ হৈ আছে ।
“ সিহঁতি যোৱাকালিও কোনো এচকৰ্ট নিদিলে নেকি?
“ নাই । ভাবিছোঁ আজি মই যিকোনো উপায়েৰে যামেই ।
মই শেষ কৃত্যৰ আগতে যেনে তেনে এবাৰ চঙ্খোপাও, মোৰ ভাই বোৱাৰী আৰু ভতিজী জনীক চাব বিচাৰোঁ ।
অহাকালি সিহঁতৰ শৱ কেইটা কবৰ দিব”
সি আৰু একো নক’লে
। শোৱাৰ পৰা উঠি কোণত আঁউজাই থোৱা ঝাড়ুটো লৈ দৰজাখন খুলি বাহিৰলৈ ওলাই গ’ল। কাষৰ কোঠাবোৰৰ তলা খোলাৰ শব্দ শুনিবলৈ
পোৱা গ’ল।
চকুহালি জপাই ষ্টিফেনে আকৌ শুবলৈ চেষ্টা কৰিলে । হঠাতে সি বিচনাৰ পৰা জাঁপ মাৰি
উঠি বিচনাৰ তলত থোৱা মেচি দা খন উলিয়াই সদায় থকা দৰে বেৰত আউজাই থৈ দিলে। -
লাইটৰ পোহৰ পৰি সেইখন যেন বেচিকৈ উজলি উঠিছিল । ৰাতিটোৰ
বাকি থকা সময় খিনি ভালদৰে শোওঁ বুলি সি চকুহল জপাই দিলে।
গল্পকাৰ পৰিচিতি -- কেইশ্বম
প্ৰিয়কুমাৰ মনিপুৰৰ এজন বিখ্যাত চুটি গল্প লেখক । তেখেতৰ মনিপুৰী ভাষাত লিখা ৫ খন
চুটি গল্প সংকলন কিতাপ আকাৰে প্ৰকাশ হৈছে । তেওঁক ১৯৯৮ চনত সাহিত্য অকাডেমী বঁটা
প্ৰদান কৰা হয় । ইয়াৰ বাহিৰেও তেখেতৰ তৃতীয় গল্প সংকলন ‘Nongdi Tarakhidare(1995)ৰ বাবে তেখেতক কেইবাটাও
সাহিত্য পুৰস্কাৰেৰে সন্মানিত কৰা হয়। পেশাত এজন চিভিল ইঞ্জিনিয়াৰ যদিও তেওঁ
কেইবাখনো সাহিত্য সম্বন্ধীয় আলোচনীৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰি আহিছে ।
তেখেতৰ লিখনি সমূহৰ বিষয়বস্তু সাধাৰণতে মণিপুৰত সঘনাই হৈ থকা সন্ত্ৰাসবাদী
কাৰ্যকলাপ আৰু গোষ্ঠীগত সংঘাট আদিত কেন্দ্ৰীভূত।

0 Comments