"হ'লোকাষ্ট": হিটলাৰৰ ইহুদী নিধন যজ্ঞৰ গেছ চেম্বাৰৰ
সমান্তৰালকৈ বন্দী ইহুদীসকলৰ, মূলত: কেঁচুৱাৰ পৰা দহ বাৰ বছৰীয়া শিশু সকলৰ শৰীৰত
জীৱন্তে ৰাসায়নিক পৰীক্ষা কৰা হৈছিল ৷৷ এই পৰীক্ষাত বেছিভাগ শিশুৰে কোমল শৰীৰে
ৰাসায়নিক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ভৰ সহিব নোৱাৰি খুউব কৰুণ ভাবে মৃত্যুক সাৱতি লৈছিল
৷ মানৱ সভ্যতাৰ আটাইতকৈ ঘৃণনীয় এই পৰীক্ষাক হ'লোকাষ্ট বোলা হৈছিল ৷৷ দ্বিতীয়
বিশ্বযুদ্ধত হিটলাৰৰ নাজিবাহিনী পৰাস্ত হোৱাৰ পিছত গেছচেম্বাৰৰ হলোকাষ্টৰ পৰা
জীৱিত অৱস্থাত উদ্ধাৰ হোৱা শিশু সকলে পৰবৰ্তী সময়ত স্কুললৈ যোৱাৰ পিছত প্ৰতিখন স্কুলৰ
শিক্ষকলৈ এখন চিঠি লিখিছিল ••••
অনুবাদ - বাপুকণ চৌধুৰী
“প্রিয় শিক্ষক,
মই কনচেন্ট্ৰচন কেম্পৰ পৰা জীৱিত অৱস্থাত ঘূৰি অহা সকলৰ মাজৰ এজন ৷৷
মই সকলো ঘটনা নিজ চকুৰে দেখিছো যিবোৰ কোনো মানুহেই জীৱনত কেতিয়াও চাবলৈ নিবিছাৰিব
৷৷
মই দেখিছিলো তাতে শিক্ষিত প্ৰযুক্তিবিদ সকলে গেছ চেম্বাৰ বনাইছিল৷৷
শিশুসকলৰ শৰীৰত বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰিছিল দক্ষ চিকিৎসক সকলে ৷৷ শিশুসকলক হত্যা
কৰিছিল কৰ্মৰত আৰু মানবসেৱাত উৎসৰ্গিত ধাত্ৰী সকলে ৷৷ নাৰী আৰু শিশুসকলক জীৱন্তে
জ্বলাই অথবা গুলি কৰি মাৰিছিল স্নাতক ডিগ্ৰীধাৰী সকলে ৷৷ মই দেখিছো শিক্ষিত মানুহৰ
নৃশংসতা, তেওঁলোকৰ ভয়ংকৰ অমানবীয় ৰূপ ৷৷ এই সকলো ঘটনা পৰিঘটনাই মোক সন্দিহান কৰি
তুলিছে শিক্ষাৰ গুৰুত্বৰ ওপৰত ৷৷ আপোনালৈ মোৰ অনুৰোধ, আপুনি আপোনাৰ ছাত্ৰ ছাত্ৰী
সকলক মানুহ হ'বলৈ সহায় কৰক ৷৷ আপোনাৰ মহান ত্যাগৰ ফলত কোনো শিক্ষিত দানব, দক্ষ
চাইকোপ্যেথ অথবা শিক্ষিত Otto Adolf Eichmann (হল'কাষ্ট আৰু কনচেন্ট্ৰেচন কেম্পৰ
জন্মদাতা) সৃষ্টি নহয় যাতে ৷৷
পঢ়া লিখা অথবা বীজগনিতৰ জ্ঞানৰ কি মূল্য আছে যদিহে মানৱতাৰ পাঠ
শিকোৱা নহ'য় "

0 Comments