অনূদিত শিশু কবিতা
প্ৰথমটি টোপাল
মূল(হিন্দী) - পহলী বুন্দ।
কবি - গোপাল কৃষ্ণ কৌল।
অনুবাদ - গায়ত্ৰী দেৱী
বৰঠাকুৰ ।
বৰ্ষাৰ প্ৰথমটি দিন ।
বৰষুণৰ প্ৰথম টোপালটি ধৰাত পৰিল।।
নৱ-জীৱনৰ এঙামূৰিৰে।
পৃথিৱী গজালিৰে ভৰিল ।।
পৃথিৱীৰ শুকান অধৰত,
বৰষুণৰ অমিয় টোপাল পৰিল
আহি ।
বসুন্ধৰাৰ ৰোমাৱলী সদৃশ
সেউজী দুৱৰিৰ আনন্দৰ
মিচিকীয়া হাঁহি ।
আকাশত উৰি- ফুৰে সাগৰে।
যেন বিজুলীৰ সোণালী আভাৰে
মৃদঙ্গ ('নগাড়া' )বজাই সঞ্জীৱিত কৰে মেঘে
পৃথিৱীক চপলতাৰে।
নীল-নয়ন সদৃশ এই আকাশ ,
চকুৰ ক'লা মণি সদৃশ এই মেঘ।
কৰুণা-বিগলিত অশ্ৰুৰে
নিৰ্বাপিত কৰিলে পিয়াঁহ এই পৃথিৱীৰে ।।
প্ৰাচীনা পৃথিৱী হ'বলৈ
আকৌ এবাৰ শস্য -শ্যামলা ।
প্ৰাণত সঞ্চাৰিত হ'ল সৃষ্টিৰ লালসা।।

0 Comments