ফিডেল কাষ্ট্ৰ’লৈ চে'ৰ বিদায় পত্র
ফিডেল,
এইখিনি সময়ত মোৰ বহু কথাই মনলৈ আহিছে, যেতিয়া মই মাৰিয়া এন্টনিৰ ঘৰত আপোনাক
লগ পাইছিলো। আপুনি মোক প্ৰস্তাৱ দিছিল আৰু মই আপোনাৰ লগত থিয় হৈছিলোঁ। সমস্ত উত্তেজনা
জড়িত হৈ আছিল ইয়াৰ প্ৰস্তুতিৰ লগত।
এদিনাখন সিহঁত আহিছিল আৰু সুধিছিল মৃত্যুৰ ক্ষেত্রত কাক সুচিত কৰা উচিত,
আৰু ইয়াৰ বাস্তৱিক সম্ভাৱনাই আমাক সকলোকে আঘাত সানিছিল। পিছলৈ আমি বুজি উঠিছিলোঁ, যে
কোনো এটা বিপ্লৱত কোনোবা হয় জিকিব অথবা মৰিব (যদিহে এয়া এক প্ৰকৃতভাবে হয়)। বহু কমৰেড
জয়ৰ পথতেই বাগৰি পৰিল।
আজি সকলোৰে সুৰবোৰ কম নাটকীয়, কাৰণ আমি আগতকৈ বেছি পৰিপক্ক, কিন্তু ঘটনাবোৰৰ
পুনৰাবৃত্তি হয়। মোৰ এনেকুৱা অনুভৱ যে মই মোৰ কৰ্তব্যখিনি পূৰণ কৰিব পাৰিছো, যিয়ে মোক
কিউবা বিপ্লৱৰ এই ক্ষেত্রখনৰ লগত বান্ধি ৰাখিছে, আৰু মই আপোনাক, কমৰেড সকলক, আপোনাৰ
মানুহবোৰক, যিসকল এতিয়া মোৰ হয়, সকলোকে বিদায় জনালো।
মই আনুষ্ঠানিকভাৱে দলৰ নেতৃত্ব, মন্ত্রী হিচাপে মোৰ পদ, মোৰ কামাণ্ডাৰ পদ,
আৰু মোৰ কিউৱাৰ নাগৰিকত্বৰ স্থান ত্যাগ কৰিলো। কোনো আইনে মোক কিউবাৰ লগত বান্ধি ৰাখিব
নোৱাৰে। কেৱল অন্য ৰূপেহে বান্ধিব পাৰে - সেইবোৰে যাক পদৰ নিযুক্তিৰ দৰে ভাঙিব পৰা
নাযায়।
মোৰ অতীত জীৱন পৰ্য্যালোচনা কৰি, মই বিশ্বাস কৰো যে বিপ্লৱী বিজয়ক সুদৃঢ়
কৰিবৰ কাৰণে মই যথেষ্ট সততা আৰু নিষ্ঠাৰ সৈতে কাম কৰিছো। মোৰ একমাত্র গুৰুতৰ ব্যৰ্থতাটো
হৈছে সিয়েৰা মায়েস্ট্ৰাৰ প্ৰথম মূহূৰ্তৰ পৰাই আপোনাৰ ওপৰত বেছি ভৰসা নথকাটো, আৰু এজন
নেতা আৰু বিপ্লৱী হিচাপে আপোনাৰ গুণবোৰক শীঘ্ৰে বুজি নোপোৱাটো।
মই বিস্তীৰ্ণ দিন পাৰ কৰিছো, আৰু আপোনাৰ পক্ষত মই কেৰিবীয় সংকটৰ উজ্জ্বল অথচ দুখজনক দিনবোৰত আমাৰ মানুহবোৰক অন্তৰ্ভুক্ত কৰাৰ গৰ্ব অনুভৱ কৰিছো। সেই দিনবোৰত আপুনি যেনেকুৱা আছিল, কদাচিতহে এজন ৰাজনেতা বোধহয় ইমান প্ৰতিভাশালী হয়। মই বিনা দ্বিধাই আপোনাক অনুকৰণ কৰি আপোনাৰ চিন্তা কৰা ধৰণৰ লগত পৰিচিত হৈ আৰু বিপদ আৰু নীতিবোৰ দেখাৰ আৰু মূল্যায়ন কৰাৰ বাবেও গৰ্বিত।
পৃথিৱীৰ অন্য ৰাষ্ট্ৰবোৰে মোৰ সহায়ৰ সাধাৰণ প্ৰচেষ্টাক তলবৎ কৰিছে। মই সেইটো কৰিব পাৰো যিটো কিউবাৰ প্ৰধান হিচাপে, আপোনাৰ দ্বায়িত্বৰ বাবে আপোনাক অস্বীকাৰ কৰা হৈছে, আৰু আমাৰ বাবে সময় আহি পৰিছে ভাগ ল'বলৈ।
আপুনি জনা উচিত যে মই ফূৰ্তি আৰু দুখৰ মিশ্ৰণৰ সৈতে এনেকুৱা কৰোঁ। মই সেই
সকলোতকৈ প্ৰিয় মানুহবোৰক এৰিলো আৰু মই সেই এজন মানুহক এৰিলো যিয়ে মোক এজন পুত্র হিচাপে
গ্ৰহণ কৰিছিল। মোৰ আত্মাৰ এটা অংশত সেইটোৱে আঘাট কৰে। মই নতুন যুদ্ধ ক্ষেত্রলৈ লৈ গৈ
আছোঁ। বিশ্বাস, যি আপুনি শিকাইছিল, মোৰ মানুহবোৰৰ বিপ্লৱীসত্বা, কৰ্তব্যৰ সম্পাদন কৰাৰ
ভাৱনা : সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজিবলৈ, এয়া য'তেই নহওঁক কিয়। এইটো এটা শক্তিৰ উৎস,
আৰু গভীৰতম ঘাঁবোৰৰ নিৰাময়তকৈও বেছি।
মই সদায় আমাৰ বিপ্লৱৰ বৈদেশিক নীতিৰ দ্বাৰা চিহ্নিত হৈছো, আৰু মই এইটো বজাই ৰাখিছো। মই য'তেই নাথাকো কিয়, মই কিউবাৰ বিপ্লৱী হোৱাৰ দ্বায়িত্ব অনুভৱ কৰিম, আৰু মই এনেকুৱা ব্যৱহাৰ কৰিম। মই দুঃখিত নহয় যে মই নিজৰ পত্নী আৰু ল'ৰা ছোৱালীৰ কাৰণে একো বস্তু এৰা নাই, মই এনেকৈয়ে সুখী। মই তেওঁলোকৰ কাৰণে একো নোখোজো, কাৰণ ৰাজ্যই সিহঁতক জীয়াই থকাৰ কাৰণে আৰু শিক্ষা প্ৰাপ্তিৰ কাৰণে পৰ্যাপ্ত পৰিমাণে দিব।
মোৰ আপোনাক আৰু আমাৰ মানুহবোৰক ক'বলৈ বহু কথা থাকিব পাৰে, কিন্তু মই ভাবো সেইবোৰ অপ্ৰয়োজনীয়। শব্দত ব্যক্ত কৰিব নোৱাৰিম যে মই তেওঁলোকৰ কি পচন্দ কৰিম, আৰু পৃষ্ঠাবোৰ লেপাথেপাকৈ লিখি থকাৰ কোনো কাৰণ নাই।
ইতি
আৰ্নেষ্ট’ চে গুৱেভাৰা

0 Comments