ইতিহাস (History)মূলঃ ৰ’ৱান ৰিকাৰ্ডো ফিলিপ্ছ
(Rowan Ricardo Phillips)অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া
অসমীয়া ভাঙনিঃ ধ্ৰুৱ শইকীয়া
পলম হ’ল৷ বুৰঞ্জীয়ে তোমাক এটা
চুমা খাব বুলি কৈছে৷ বিচনাত উঠাৰ পিচত৷
তুমি গুড নাইট বুলি ক’লাই নহয়৷
ভাগৰ লাগিছে তোমাৰ, চকু মেল খাই থাকিবই নোখোজে,,
সেয়ে তোমাৰ ইমান লৰালৰি৷
তাই আক’, গৰম দিনৰ ৰাতি যেনেকুৱা হয়, তেনেকে শুব পৰা নাই
সাৰে থাকি নিজৰে দর্শনী চাই থাকে৷ পিচত
তাই তোমাক জগাই দিয়ে
দুর্ভাগ্যবশত: এনে এক আলোকেৰে তাই তোমাৰ টোপনি ভাঙে
যি পোহৰ তুমি সুর্য্যোদয় বুলি ভুল কৰা
আচলতে কিন্তু সেয়া তাইৰ মবাইলৰ পোহৰহে৷
সেইখিনি পোহৰৰ অন্ধকাৰতে তুমি সাৰে থাকা
ভাবা, তাইৰ পৰা কিবা তুমি পাবা, অন্তত: চুমা এটা,
চকু আধা মেল খোৱা, যেন কোনোবাই সাতুৰিছে
কাষেৰে
পোহৰ নোহোৱা হ’ল, আগতে কেতিয়াও হোৱা নাছিল এনেকুৱা .
কোনো নাহিল কাষ চাপি তোমাৰ, কাৰণ
একো যে নাই তোমাৰ পাবলগীয়া, আনকি
তাইৰ নির্লিপ্ত মাতষাৰো, তুমি নোপোৱা৷

0 Comments