পৃথিৱীবাসীলৈ এখন জাননী
মূলঃ A Notice to the World
অনুবাদঃ
জ্যোতিস্মিতা শইকীয়া, তেজপুৰ মহাবিদ্যালয়
(পৃথিৱীৰ যুদ্ধ বিৰোধী সাহিত্যসমূহৰ
ভিতৰত আইনষ্টাইন-ৰাছেল মেনিফেষ্টো এখন অন্যতম গুৰুত্বপূৰ্ণ ডকুমেন্ট। কেৱল সাহিত্য
হিচাপেই নহয়, বৰং বিশ্বৰ ৰাজনীতিটো ইয়াৰ এক বিশেষ ভূমিকা আছে। তেজপুৰ মহাবিদ্যালয়ৰ
ছাত্ৰী জ্যোতিস্মিতা শইকীয়াই এই মেনিফেষ্টোখনৰ পূৰ্ণ পাঠৰ অনুবাদ আগবঢ়াইছে)
১)
প্ৰথমটি পৰমাণু বোমা সম্পূৰ্ণ
হোৱাৰ দিন ধৰি পৃথিৱীক যুদ্ধৰ পৰা সুৰক্ষিত কৰাৰ বাবে একোৱেই নকৰাৰ বিপৰীতে যুদ্ধৰ
বিনাশশক্তি বঢ়োৱাৰ বাবে বহুখিনি কৰা দেখা গৈছে। মই পৰমাণু বোমাৰ বিকাশৰ বিষয়ে কাকো প্ৰথমজ্ঞান সহিতে বৰ্ণনা কৰিব পৰা
নাই কিয়নো মই এয়া মোৰ কৰ্মক্ষেত্ৰ নহয়। কিন্তু
সেইসকল লোকে এই বিষয়ত যথেষ্ট কৈছে যিসকলে এই বোমা অধিক ভয়াবহ বুলি ইংগিত কৰিছে। নিশ্চিতভাৱে এই সম্ভাৱনাৰ সহায়ত
বৃহদাকাৰৰ বোমা প্ৰস্তুত কৰিব পৰা যাব পাৰে,যি বৃহৎ এলেকা একোটা
ক্ষতি কৰিব পৰাকৈ সক্ষম। লগতে
এইটোও সত্য যে ইয়াৰ অত্যধিক ব্যৱহাৰে ৰেডিঅ'ধৰ্মী গেছৰ জন্ম দিব যি
এক বিস্তৃত এলেকাত বিয়পি গ'লে অট্টালিকা তথা জীৱনৰো হানি কৰিব পাৰে।
মই নাভাবো যে জীৱাণু যুদ্ধৰ বিশাল
বিস্তাৰৰ ক্ষেত্ৰত চিন্তা-চৰ্চাৰ বাবে এই
সম্ভাৱনাবোৰৰ পৰা দূৰলৈ যোৱা দৰকাৰ। এইবোৰে
পৰমাণু যুদ্ধৰ তুলনাতো বিপদ আগবঢ়াব যেন মোৰ সন্দেহ হয়। লগতে মই এই গ্ৰহটোৰ আংশিক বা সম্পূৰ্ণ ক্ষতিৰ প্ৰতিক্ৰিয়া-শৃংখলা এটি
আৰম্ভ কৰাৰ পক্ষতো নাই। মই ইয়াক এইবাবেই
অমান্য কৰোঁ যে,যদি মানৱসৃষ্ট পৰমাণু বিস্ফোৰণৰ দ্বাৰা এনে হ'ব পাৰে,তেন্তে
ব্ৰহ্মাণ্ডীয় কিৰণ নিৰন্তৰ পৃথিৱীপৃষ্ঠত পৰাৰ বাবে ই ইতিমধ্যেই হৈ আছে।
কিন্তু পৰমাণু যুদ্ধৰ বাঢ়ি অহা পৰিসৰ বুজিবৰ
বাবে আৰু পৰমাণু যুদ্ধৰ বৰ্ধিত পৰিসৰৰ ভয়াৱহতা কল্পনা কৰিবলৈ,বা
বুজিবলৈ যে সময়ত বাধা নিদিলে পুনৰায় হ'বলৈ গৈ থকা যুদ্ধখনে
যি ভয়াবহ ধ্বংসলীলা চলাব যে হয়তো এই ক্ষুদ্ৰ সভ্যতাও বাচি নাযাব;তাৰ বাবে পৃথিৱীখন এটা ধুমকেতুৰ খুন্দাত বিস্ফোৰিত হৈ ধ্বংস হোৱাটো ভবাও
যথেষ্ট নহ'ব।
পৰমাণু যুগৰ প্ৰথম দুটা বছৰতে এটা
লেখত ল'বলগীয়া ঘটনাত ধ্যান দিয়া দৰকাৰ। জনসাধাৰণে পৰমাণু যুদ্ধৰ ভয়াবহ প্ৰকৃতিৰ কথাটোত মুঠেও মূৰ ঘমোৱা নাই,সৰহসংখ্যকে
আনকি এই সম্বন্ধে প্ৰদান কৰা সজাগতাকো আওকাণ কৰিছে। কোনোপধ্যে এৰাব নোৱাৰা বিপদ এটা, পাহৰি থকাই মংগল,অথবা যিটো বিপদৰ বাবে ইতিমধ্যে সকলো সাৱধানতা অৱলম্বন কৰা হৈ গৈছে,তাক পাহৰি থকাই শ্ৰেয়। যদি
সেয়ে হয়,মাৰ্কিন যু্ক্তৰাষ্ট্ৰই উদ্যোগসমূহ ছত্ৰভংগ দিয়াটো আৰু চহৰবোৰৰ
বিকেন্দ্ৰীকৰণ কৰাটোয়ে ইয়াৰ নাগৰিকসকলৰ অনাগত বিপদটি পাহৰি থকাৰ বাবে সহায়ক হ'ব।
মই ন দি ক'ব পাৰোঁ যে এই
দেশখনে সাৱধানতাসমূহ লোৱা নাই,যিটোৱে পৰমাণু যুদ্ধ হোৱাটো
অধিক সম্ভৱ কৰি তুলিছে। এনেকৈ হ'লে
বিশ্বৰ বাকী অংশবোৰে মানি ল'ব যে আমি ইতিমধ্যে হাৰ মানি
লৈছোঁ আৰু যুদ্ধৰ বাবে সাজু হোৱাতহে মন
দিছো। যিহেতু এই
যুদ্ধক বাধা দিয়াৰ বাবে একো এটা কৰা হোৱা নাই বৰং এই যুদ্ধ অধিক ভয়াৱহ কৰি তোলাৰ
বাবে বহু কিবাকিবি কৰা হৈছে। সেয়েহে
এই বিপদক উপেক্ষা কৰাৰ কোনো অজুহাত নাই।
মই কওঁ যে, মাৰ্কিন যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ সন্মুখত দিয়া পাৰমাণৱিক শক্তিৰ
নিয়ন্ত্ৰণৰ প্ৰস্তাৱৰ বিপৰীতে এটম বোমা সম্পূৰ্ণ হোৱাৰ দিন ধৰি যুদ্ধখনত বাধা দিবৰ
বাবে একো কৰা হোৱা নাই। এই
দেশখনেও কেৱল চৰ্তসাপেক্ষ প্ৰস্তাৱহে আগবঢ়াইছিল,যিসমূহ চৰ্ত
বৰ্তমান ছোভিয়েট সংঘই অস্বীকাৰ কৰিবৰ বাবে দৃঢ়প্ৰতিজ্ঞ। ৰাছিয়াৰ লগত পৰাজয়ৰ ইও এটা কাৰণ হ'ব
পাৰে।
কিন্তু ৰাছিয়াক দোষ দিবলৈ যাওঁতে আমেৰিকাই
পাহৰি যোৱা উচিত নহ'ব যে তেওঁলোকেও এই শক্তিৰ নিয়ন্ত্ৰণ লাভৰ আগেয়ে বা অবিহনে ইয়াৰ
ব্যৱহাৰ স্বেচ্ছাই সাধাৰণ অস্ত্ৰৰ দৰেই ত্যাগ কৰা নাই । যেতিয়ালৈকে অন্য ৰাষ্ট্ৰসমূহে পৰমাণু
নিয়ন্ত্ৰণৰ বাবে আমেৰিকাৰ চৰ্তাৱলী মানিবলৈ অস্বীকাৰ কৰে,আমেৰিকাই
অন্যৰাষ্ট্ৰক ভয় খুৱাব বিচাৰিছে এইবুলি যে পৰমাণু বোমা আমেৰিকাৰ শস্ত্ৰাগাৰৰ বৈধ
অংশ।
আমেৰিকা আক্ৰমণাত্মক বা প্ৰতিৰোধমূলক
যুদ্ধ নকৰাৰ পক্ষত। সেয়েহে তেওঁলোকে
বিশ্বাস কৰে যে দ্বিতীয়বাৰ পৰমাণু বোমা
সৰ্বপ্ৰথমে ব্যৱহাৰ কৰা দেশ আমেৰিকা
নহ'ব বুলি সাৰ্বজনিকভাৱে ঘোষণা কৰাটো বৰ জহাই কোৱা হ'ব। কিন্তু এই দেশখনক বোমাবিধৰ ব্যৱহাৰ ত্যাগ
কৰিবলৈ কোৱা হৈছে-ইয়াৰ নিয়ন্ত্ৰণৰ চৰ্তসমূহ স্বীকাৰ নকৰালৈকে ইয়াক নিষিদ্ধ ঘোষণা
কৰিবলৈ কোৱা হৈছে।
মোৰ মতে এই নীতি ভুল। বোমাৰ ব্যৱহাৰৰ পৰা মই কিছু সামৰিক লাভ দেখিছোঁ,যদিহে
অন্য দেশে অাৰম্ভ কৰা যুদ্ধ প্ৰতিৰোধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। কিন্তু আৰ্জিলে ফল ভুগিবই লাগিব। যাৰ বাবে পৰমাণুৰ নিয়ন্ত্ৰণৰ বুজাবুজি
বৰ্তমানে অধিক দুৰ্গম হৈ পৰিছে। আমেৰিকাত
বোমাটিৰ একচেটিয়া ব্যৱহাৰ নোহোৱালৈকে কোনো সামৰিক অভাৱ হ'ব
নালাগে। কিন্তু যদিহে
অন্য কোনো দেশ এই বোমা পৰ্যাপ্ত মাত্ৰাত উৎপাদন কৰিবলৈ সক্ষম হয়,তেন্তে
এক আন্তৰাষ্ট্ৰীয় বুজাবুজিৰ অভাৱত তথা ইয়াৰ কেন্দ্ৰীভূত উদ্যোগ আৰু অতিশয়
বিকাশমুখী নগৰীয়া জীৱনৰ প্ৰতি দুৰ্বলতাৰ বাবে আমেৰিকাই লোকচানৰ মুখ দেখিব ।
একচেটিয়া অধিকাৰ থকাস্বত্ত্বেও এই বোমা বিতাড়ন নকৰাৰ বাবে এই দেশে আৰু এটি সন্মানৰ পৰা বঞ্চিত হৈছে,কিয়নো আমেৰিকাই যোৱাবাৰৰ যুদ্ধৰ নৈতিক মান সাৰ্বজনীনভাৱে অক্ষুণ্ণ ৰখাতো বিফল হৈছে। এইটো পাহৰি যোৱা উচিত নহ'ব যে এই দেশে এট'ম বোমা সতৰ্কতামূলক ব্যৱস্থা হিচাপেহে উৎপাদন কৰিছে,জাৰ্মানীক বাধা দিবৰ বাবে,তাকো যদিহে জাৰ্মানীয়েও এই বোমা আৱিষ্কাৰ কৰে। নাগৰিক কেন্দ্ৰসমূহত বোমানিক্ষেপ কাণ্ড জাৰ্মানীয়ে আৰম্ভ কৰিছিল,তথা জাপানে ইয়াক গ্ৰহণ কৰিছিল। মিত্ৰ ৰাষ্ট্ৰসমূহেও এইকাৰ্য ন্যায়সংগত তথা বিয়াগোম সফলতা বুলিয়ে বিবেচনা কৰিছিল। গতিকে কোনো উচটনি অবিহনে তথা,প্ৰতিশোধ বা প্ৰতিশোধ লোৱাটোয়ে উচিত হ'ব বুলি এই দেশে ইয়াক ৰাজনৈতিক উদ্দেশ্য হিচাপে গণ্য কৰিবলৈ ধৰিছে,যিটো কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয়।
মই এইবুলি কোৱা নাই যে ৰাষ্ট্ৰসংঘই এই
বোমা উৎপাদন আৰু মজুত কৰিব নালাগে,বৰং
কৰাৰ দৰকাৰ আছে,কাৰণ পৰমাণুৰ ভাণ্ডাৰ থকা কথাটোৱেহে অন্য
ৰাষ্ট্ৰৰ পৰমাণু আক্ৰমণক বাধা দিব পাৰে। কিন্তু বোমাৰ ভাণ্ডাৰৰ একমাত্ৰ উদ্দেশ্য
প্ৰতিৰোধহে হ'ব লাগে। এইদৰেই
মই বিশ্বাস কৰোঁ,যে নিজস্ব সশস্ত্ৰ বাহিনী আৰু অস্ত্ৰ
সৰবৰাহ ব্যৱস্থা থকাৰ দৰে ৰাষ্ট্ৰসংঘৰ পাৰমাণবিক বোমাও থকা উচিত। কিন্তু আক্ৰমণকাৰী আৰু বিদ্ৰোহী
দেশবোৰক আক্ৰমণৰ পৰা বিৰত ৰখাৰ
উদ্দেশ্যেহে বোমা ৰখা উচিত। ব্যক্তিগত
স্বাৰ্থপূৰণৰ বাবে অথবা মাৰ্কিন যুক্তৰাষ্ট্ৰ বা তেনে কোনো মহাশক্তিৰ সুবিধাৰ্থে
নহয়। বোমা মজুত নৰখাকৈ ইয়াৰ ব্যৱহাৰৰ অনুমতি
দিয়া কাৰ্যই বোমাবিধত ৰাজনৈতিক দখল বঢ়াব । এইটোও
সম্ভৱ যে যুক্তৰাষ্ট্ৰই হয়তো আশা কৰে যে ইয়াৰ দ্বাৰা পাৰমাণৱিক নিয়ন্ত্ৰণ স্বীকাৰ
কৰাবলৈ ছোভিয়েট ৰাছিয়াক ভয় খুৱাব পৰা যাব। কিন্তু
ভয় সৃষ্টিয়ে বিৰোধীতা আৰু যুদ্ধৰ সম্ভাৱনা হে বঢ়ায়। মোৰ মতে এইটো নীতিয়ে পৰমাণু নিয়ন্ত্ৰণৰ অবাস্তৱিক উপস্থাপণ কৰিছে।
আমি এনে এখন যুদ্ধৰ পৰা আঁজৰি হৈছো য'ত
শত্ৰুৰ নীচ- নৈতিকতাৰ প্ৰমাণ দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰপৰা শিক্ষা লোৱাৰ ঠাইত আৰু মানৱ জীৱনৰ পবিত্ৰতা ৰক্ষা তথা
অসামৰিক নাগৰিকসকলৰ সুৰক্ষাৰ বাবে ভবাৰ সলনি শত্ৰুয়ে যোৱাবাৰ অৱলম্বন কৰা নীচতা
আমি এইবাৰ গ্ৰহণ কৰিছোঁ। এইদৰেই নিজৰ পচন্দ অনুসৰিয়ে আমি এক যুদ্ধ
আৰম্ভ কৰিছোঁ।
এনেকুৱাও হ'ব
পাৰে যে,কি এটা বিশাল পৰিমাণত পৰমাণু বোমা উপলব্ধ হ'বলৈ গৈ আছে, জনসাধাৰণে হয়তো তাৰ ভূ পোৱা নাই। অথবা যোৱাবাৰ যুদ্ধত যি তিনিটা বোমা
বিস্ফোৰণ হৈছিল,জনসাধাৰণে কেৱল সিমানখিনি ধ্বংসলীলাৰহে কল্পনা কৰিব পাৰিছে। তেওঁলোকে পূৰ্বৰ ধ্বংসলীলা চাই এইয়া হয়তো
ভাবিব নোৱাৰে যে পৰমাণু বোমা ইতিমধ্যে এক তূলনামূলকভাৱে কম খৰচী আক্ৰমণৰ উপায় হৈ
পৰিছে। অহাবাৰ যুদ্ধ হ'লে
এই বোমাবোৰ সৰহ পৰিমাণে আৰু কম মূল্যৰ বিনিময়ত উপলব্ধ হ'ব। যদিহে এইসমূহ ব্যৱহাৰ নকৰাৰ দঢ় সংকল্প
নাথাকে,যুদ্ধৰ পৰা বাচিব পৰা নাযাব। আমেৰিকাই
বুজা উচিত যে তেওঁলোক বোমা থকাৰ বাবে শক্তিশালী হোৱাৰ সলনি বোমাৰ প্ৰতি-আক্ৰমণৰ
সম্ভাৱনাৰ বাবে দুৰ্বলহে, তেওঁলোক "লেক সফলতা"ৰ বাবে বা
বুজাবুজি বৃদ্ধিৰ বাবে ৰুছদেশৰ লগত কোনো নীতি প্ৰৱৰ্তন কৰাৰ পক্ষত নাই।
২)
কিন্তু মই এইটোও নকওঁ যে প্ৰতিশোধৰ বাদে অন্য কাৰণত বোমাৰ ব্যৱহাৰ কাৰ্য
বাধা দিয়াৰ ক্ষেত্ৰত আমেৰিকা সফল নোহোৱাটোয়ে ছোভিয়েট সংঘৰ লগত বুজাবুজি নোহোৱাৰ
একমাত্ৰ কাৰণ। ৰুছ দেশে
স্পষ্টকৈ কৈছে যে এক অদৃশ্য শক্তিক শাসনলৈ অহাত বাধা দিবৰ বাবে সকলোখিনি কৰিব। ৰাছিয়াই পৰমাণু বোমা ইয়াৰ পৰা হ'বলগীয়া
ধ্বংসৰ পৰিসৰৰ ভিত্তিতে নহয় বৰং নীতিৰ আধাৰতো বৰ্জন কৰিছে,আৰু
লগতে আগে ভাগে বিশ্বৰ বাকী অংশৰ লগত যোগ নিদিয়াটো ঠিক কৰিছে।
মি. গ্ৰোমেকোয়ে ঠিকেই কৈছিল যে আমেৰিকাৰ
পাৰমাণৱিক প্ৰস্তাৱৰ সাৰমৰ্মটি হ'ল জাতীয় সাৰ্বভৌমত্ব পাৰমাণৱিক যুগৰ
বাবে অনুকূল নহয়। তেওঁ কৈছিল যে
ছোভিয়েট ইউনিয়নে এই থেচিচ গ্ৰহণ কৰিব নোৱাৰে। তেওঁ দেখুৱা কাৰণসমূহ অস্পষ্ট,কাৰণ অৱশ্যেই সেইবোৰ
অজুহাতহে মাত্ৰ। সত্য কেৱল
এইটোৱে হ'ব যে ছোভিয়েট নেতাসকলৰ মতে তেওঁলোকে এক অদৃশ্য শাসনব্যৱস্থাত দেশ চলাব
নোৱাৰিব। ছোভিয়েট চৰকাৰে
বৰ্তমানৰ গঠনটোৱে বৰ্তাই ৰখাৰ পক্ষত,লগতে ৰাছিয়াৰ বিয়াগোম
নেতাসকল যি বৰ্তমানৰ চৰকাৰ গাঁঠনিৰ বাবেই ইমান শক্তিশালী হ'ব
পাৰিছে,কোনেও এই অদৃশ্য শক্তিক শাসনলৈ অহাৰ পৰা বাধা দিবলৈ
একো চেষ্টা নকৰিব।
ৰাছিয়া কিছুঅংশে শুদ্ধ যে এক অদৃশ্য
শাসন ব্যৱস্থাত বৰ্তমানৰ সমাজ গাঁঠনি বৰ্তাই ৰখাটো অসুবিধাজনক। কিন্তু সময়ত তেওঁলোকে দেখা পাব যে আইনৰ
অাওঁতাৰ পৰা পৃথকে থকাটো ইয়াতকৈও ডাঙৰ ক্ষতি। কিন্তু বৰ্তমান তেওঁলোকক তেওঁলোকৰ ভয়েহে পৰিচালনা কৰি আছে,পৰমাণুৰ
বাদেও অন্যান্য ফালৰ পৰাও এই ক্ষেত্ৰত যথেষ্ট উদগনি যোগাইছে যুক্তৰাষ্ট্ৰই। যদিও দেশখনে ৰাছিয়ান নীতি পৰিচালনা কৰিছে,দেশখন
নিশ্চিন্ত আছিল যে সকলো কূটনৈতিক সঁজুলিৰ ভিতৰত ভয়েই শ্ৰেষ্ঠ।
এই অদৃশ্য সুৰক্ষা ব্যৱস্থাটি ৰোধৰ বাবে
ৰাছিয়াই যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছে, বাকী দেশবোৰেও এনে নকৰাৰ
কোনো কাৰণ থাকিব নোৱাৰে। এইটো গম
পোৱা গৈছে যে ৰাছিয়াই ইচ্ছা কৰিলে দেশখনৰ সমস্ত কলাসহিতে ইয়াক বাধা দিব পাৰে। সেয়েহে যুক্তৰাষ্ট্ৰ তথা আন শক্তিসমূহে
ৰাছিয়াক এই অদৃশ্য সুৰক্ষা ব্যৱস্থাত বাধা দিয়াৰ পৰা বিৰত ৰাখিব লাগিব। কিজানি এই শাসন অহাৰ পৰা বাধা দিব নোৱাৰি
বুলি জানি ৰাছিয়াই শেষত সহযোগো কৰিব পাৰে। এতিয়ালৈকে
আমেৰিকাই ছোভিয়েট সংঘৰ সংৰক্ষণত কোনো আগ্ৰহ দেখুৱা নাই । বৰং ই নিজৰ সুৰক্ষাৰ প্ৰতিহে সচেতন,যিটো প্ৰতিযোগীতাৰ এক
বিশেষত্ব,লগতে ই সাৰ্বভৌম দেশবোৰৰ ক্ষমতাৰ দ্বন্দ্বও চিহ্নিত
কৰে। কিন্তু যদিহে
আমেৰিকাৰ জনগণে তেওঁলোকৰ নেতাসকলক আন্তঃৰাষ্ট্ৰীয় সম্বন্ধৰ এই নৈৰাজ্যৰ
পৰিসমাপ্তিৰ বাবে আইন প্ৰতিস্থাপন কৰিবলৈ বাধ্য কৰে,তেন্তে ৰাছিয়াৰ
ভয়ৰ কি হ'ব এইটো অনুমান কৰিব পৰা নাযায়। আইনৰ ফালৰ পৰা,ৰাছিয়াৰ
সুৰক্ষা আমাৰ সমানেই হ'ব লাগে;আমেৰিকাবাসীয়েও
এই ক্ষেত্ৰত অনুমোদন জনোৱা উচিত যে কোনে জানে,হয়তো
গণতান্ত্ৰিক এই কাৰ্যই ৰাছিয়াৰ চিন্তাধাৰা সলোৱাত যাদুৰ দৰে কাম কৰে!
বৰ্তমান ৰাছিয়াৰ হাতত প্ৰমাণ নাই যে তেওঁলোকে ভয়ৰ কাৰণ বুলি ভবা সামৰিক
প্ৰস্তুতিৰ সমৰ্থন আমেৰিকাই নকৰে। যদিহে
ৰাছিয়াৰ হাতত প্ৰমাণ থাকিলহেঁতেন যে এয়া কেৱল আমেৰিকাৰ দ্বাৰা ৰাছিয়া সহিতে সকলোৰে
সুৰক্ষা আৰু শান্তি বজাই ৰখাৰ উৎসাহী ব্যৱস্থা,তেন্তে নিশ্চয় ৰাছিয়াৰ
সুৰক্ষা সম্বন্ধে ৰাছিয়াৰ চিন্তা সলনি হ'লহেঁতেন। যেতিয়ালৈকে
আমেৰিকাৰ জনগণৰ সমৰ্থনত ছোভিয়েট সংঘই কোনো বাস্তৱিক প্ৰস্তাৱ লাভ নকৰে,ৰাছিয়াৰ
প্ৰতিক্ৰিয়া কি হ'ব জনা নাযায়।
আইন প্ৰত্যাখ্যান কৰাটো প্ৰথম প্ৰতিক্ৰিয়া
হ'ব পাৰে। অৱশ্যে তেওঁলোকৰ
সুৰক্ষা বৃদ্ধিৰ কথা স্পষ্ট হ'লে ৰাছিয়াৰ বিচাৰ নিশ্চয়কৈ সলনি হ'ব।
মই সুৰক্ষা নিশ্চিতিৰ বাবে ৰাছিয়াক
বিশ্ব চৰকাৰত যোগদানৰ পক্ষত,অথবা তাৰ বাবে যদি ৰাছিয়া ইচ্ছুক নহয়
তেন্তে তাৰ অবিহনেই অদৃশ্য সুৰক্ষা স্থাপিত কৰাৰ পক্ষত। তাৰ অবিহনে মই যথেষ্ট সংকট দেখা পাইছো। যদিহে ইয়াক গৃহীত কৰা হয়,নতুন
চৰকাৰ যে ৰাছিয়াৰ বিৰূদ্ধে নহয়,সেয়া প্ৰমাণ হ'ব লাগে। এই চৰকাৰ যুদ্ধৰ সম্ভাৱনা কমোৱাৰ
ক্ষেত্ৰত এক সংযোজন হোৱা উচিত। এখন
মাত্ৰ দেশৰ বিপৰীতে এই চৰকাৰৰ ভিন্নতাই আক্ৰমণাত্মক বা নিবাৰক যিকোনোধৰণৰ যুদ্ধ
হোৱাতে বাধা দিব পাৰে। এই চৰকাৰ বৃহৎ হ'ব,সেয়েহে সমানে শক্তিশালীও হ'ব। ভৌগোলিকভাৱেও বিস্তৃত হোৱা বাবে সৈন্যিক আক্ৰমণৰ
বাবে অসুবিধাজনক হ'ব। এই চৰকাৰ অদৃশ্য সুৰক্ষাৰ প্ৰতি সমৰ্পিত হ'ব,আৰু যুদ্ধৰ বাবে গুৰুত্বপূৰ্ণ বিষয় ৰাষ্ট্ৰৰ আধিপত্য এইক্ষেত্ৰত গৌণ হৈ
পৰিব।
যদি ৰাছিয়াৰ অবিহনে অদৃশ্য শাসন স্থাপন
কৰাও হয়,নতুন চৰকাৰৰ শান্তিৰ আহ্বান ইয়াৰ দক্ষতা আৰু আন্তৰিকতাৰ ওপৰত নিৰ্ভৰ কৰে। ৰাছিয়াই ভাগ লোৱাত জোৰ দিয়াৰো প্ৰয়োজন
আছে। অৱশ্যে ভাগ নল'লে
যে জৰিমণা ভৰিব লগা নহয় সেইটো ৰাছিয়া তথা অন্যান্য দেশে জনাটো দৰকাৰ। লগতে এইটোও জনাটো যে আৰম্ভণিতে নলৈ
পৰৱৰ্তী সময়ত অংশ ল'লেও তাক আদৰণি জনোৱা হ'ব। সংগঠনকৰ্তাসকলে
বুজিব লাগে যে তেওঁলোকৰ মূল উদ্দেশ্য হ'ল ৰাছিয়াৰ আনুগত্য আদায়
কৰাটো।
এইবোৰো প্ৰকৃততে অলীক কল্পনাহে,প্ৰকৃততে
এখন আংশিক বিশ্ব চৰকাৰে কি উপায়ৰ দ্বাৰা ৰাছিয়াক অংশ লোৱাব তাৰ কোনো নিৰ্দিষ্ট
পৰিভাষা দিয়াটো সহজ কথা নহয়। মোৰ
বাবে দুটা কথা স্পষ্ট,এই ন-সংস্থাৰ কোনো সৈন্যসম্বন্ধী গোপনীয়তা
থাকিব নালাগে;ৰাছিয়াই সংস্থাৰ প্ৰত্যেক অধিৱেশনত নিজা
পৰ্যবেক্ষক নিয়োগ কৰিবলৈ মুক্ত হ'ব লাগিব,যিবোৰত নতুন আইনৰ খচৰা তৈয়াৰ হ'ব,আলোচনা হ'ব আৰু প্ৰণয়ন হ'ব। ইয়াৰ ফলত
গোপনীয়তা ভংগৰ দ্বাৰা বহুদেশৰ নানা সন্দেহ দূৰ হ'ব।
এজন সামৰিক মনোভাৱৰ ব্যক্তিয়েহে এনে
শাসনৰ পৰামৰ্শ দিব পাৰিব য'ত কোনো সৈন্য-গোপনীয়তা ৰখা নহয়। গোপনীয়তা ৰখাটোয়ে কিদৰে যুদ্ধ-মানসিকতাৰ
দেশবোৰক কিদৰে প্ৰৰোচিত কৰে সেয়া তেওঁক ইতিমধ্যে শিকোৱা হয়। (ৰাছিয়াই হয়তো অতি সোনকালে নিজৰ বাবে পৰমাণু বোমা তৈয়াৰ
কৰিব) মই সৈন্য-গোপনীয়তা বৰ্তাই নৰখাত বিপদ দেখিছো। যদিহে যথেষ্টসংখ্যক দেশে নিজৰ শক্তিসমূহ একেলগ কৰিছে,তেন্তে
এই বৃহৎ সন্মিলিত শক্তি নিশ্চয়কৈ এইক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু ভয়,সন্দেহ,বিশ্বাসহীনতা যিমানে কম হয়,সিমানে আশ্বাসন বাঢ়িব। এনেদৰে
যুদ্ধৰ বাঢ়ি অহা সম্ভাৱনা,শান্তিৰ বিশ্বাসে শিথিল কৰিব। সময়ৰ
লগে লগে এয়া ৰুছীসকলৰ বাবে যথেষ্ট আকৰ্ষনীয় হৈ পৰিব পাৰে,
আৰু তেওঁলোকৰ নেতাৰ পশ্চিমৰ প্ৰতি মনোভাৱ কোমলো হ'ব পাৰে।
৩)
অদৃশ্য সুৰক্ষা ব্যৱস্থাৰ
সদস্যভুক্তিঃ
কোনো স্বেচ্ছাচাৰী গণতান্ত্ৰিক
মানৰ ভিত্তিত হোৱা উচিত নহয়।প্ৰতিনিধিৰ পৰা অদৃশ্য সংগঠন,সভা-পৰিষদ,
প্ৰত্যেক অংশগ্ৰহণকাৰী দেশৰ গুপ্ত মতদানৰ দ্বাৰা বাছনি কৰিব লাগে।এই
প্ৰতিনিধিসকলে তেওঁলোকৰ চৰকাৰৰ সলনি জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব লাগে যাৰ দ্বাৰা
সংগঠনৰ শান্ত-প্ৰকৃতি বৃদ্ধি হ'ব।
বাকী গণতান্ত্ৰিক মানদণ্ড পূৰণ কৰা
প্ৰয়োজন বুলি মই বিশ্বাস নকৰোঁ।গণতান্ত্ৰিক সংগঠন আৰু মানসমূহ ঐতিহাসিক উন্নয়নৰ
পৰিণতি যি সেই মাটিত কোনোদিনে আদৰণীয় নাছিল।স্বেচ্ছাচাৰী মানদণ্ড গ্ৰহণে পশ্চিমীয়া
আৰু ছোভিয়েট ব্যৱস্থাৰ পাৰ্থক্য তীক্ষ্ণ কৰি তোলে।
কিন্তু এইয়া আৰু এতিয়া কেৱল বিচাৰভিত্তিক
মতভেদ হৈ থকা নাই,যি পৃথিৱীক যুদ্ধৰ দিশলৈ আগুৱাই লৈ গৈ
আছে।দৰাচলতে,যদিহে সকলো পশ্চিমীয়া দেশে নিজৰ শাসন বৰ্তাই
ৰাখি সমাজবাদ আদৰি লয়,তেন্তে যথেষ্ট সম্ভাৱনা আছে যে
পূৱ-পশ্চিমৰ মাজত গাদীৰ বাবে সংঘৰ্ষ জাৰি থাকিব।বৰ্তমান অৰ্থনৈতিক ব্যৱস্থা
সন্দৰ্ভত যি আৱেগ প্ৰকাশ কৰা হৈছে,সেয়া অযুক্তিকৰ বুলি মনে
ধৰে।আমেৰিকাৰ অৰ্থনৈতিক জীৱন মুষ্টিমেয় কিছুলোকৰ দ্বাৰা পৰিচালিত কৰা উচিত হয় নে
নহয়,এই ব্যক্তিসকলক ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা উচিত হয়
নে নহয়,এইসমূহ কথা যথেষ্ট গুৰুত্বপূৰ্ণ যদিও হুলস্থূল
কৰিবলগীয়া কথাও নহয়।
মই বিচাৰো সকলো দেশেই নিজৰ বাবে কেৱল
স্থানীয় পুলিচ ৰাখি অদৃশ্য ৰাষ্ট্ৰৰ সাঁকো তৈয়াৰ কৰাতো।তাৰ পাছত এই বৃহৎ সৈন্যদলক
অষ্ট্ৰো-হাংগেৰীয়ান সাম্ৰাজ্যৰ ৰেজিমেন্টৰ আৰ্হিত বিতাড়িত কৰিব লাগে।এইটো
প্ৰশংসনীয় হ'ব যে সৈন্য আৰু অধিকাৰীসকলে নিজস্ব প্ৰান্ত,বৰ্ণৰ সলনি এই সাম্ৰাজ্যৰ উদ্দেশ্যত অগ্ৰসৰ হ'ব।
মই চাব বিচাৰিম যে অদৃশ্য শাসনৰ
কৰ্তৃত্ব সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সীমাবদ্ধ।অৱশ্যে এয়া সম্ভৱ হ'বনে
নহয় সেই সম্পৰ্কে মই নিশ্চিত নহয়।অভিজ্ঞতাৰ ফালৰ পৰা মই ভাবো যে আৰ্থিক ক্ষেত্ৰত
অলপ অধিকাৰ যোগ কৰা উচিত,কিয়নো আধুনিক পৰিস্থিতিত ৰাষ্ট্ৰীয়
হিংসাৰ সম্ভাৱনা দেখা গৈছে,যি নানা হিংসুক সংঘৰ্ষৰ কাৰণ হ'ব পাৰে।সংযুক্ত ৰাষ্ট্ৰৰ সুদৃঢ়ীকৰণৰ মাধ্যমেৰে স্থাপিত এই শাসন এনে হ'ব লাগে যাতে শান্তিৰ সন্ধানত ধাৰাবাহিকতা অক্ষুণ্ণ নহয়।
অৱশ্যে ৰাছিয়াৰ সৈতে বা অবিহনে এই
বিশ্ব চৰকাৰ গঠনৰ ক্ষেত্ৰত আহিবলগীয়া অসুবিধাসমূহ আমি নোচোৱাকৈ থাকিব
নোৱাৰোঁ।আহিবলগীয়া বিপদ সম্পৰ্কে মই অৱগত।কোনো দেশকে পৰৱৰ্তী পৰ্যায়ত এই অদৃশ্য
সংস্থাৰ পৰা আঁতৰি অহাৰ অনুমতি দিলে গৃহযুদ্ধৰ আশংকা দেখা যায়।মোৰ বিশ্বাস,বিশ্ব
চৰকাৰ শাসনত অহাটো নিশ্চিত,অৱশ্যে ইয়াৰ নামত কিমান খৰচৰ
অনুমতি দিয়া হ'ব সেইটো জানিবলগীয়া কথা।বিশ্ব চৰকাৰ গঠন হ'ব,লাগিলে আৰু এখন বিশ্ব যুদ্ধই নহওঁক কিয়,অথবা যুদ্ধৰ শেষত বিজয়ীৰ দ্বাৰা স্থাপিত বিশ্ব চৰকাৰ হ'ব,বিজয়ী সৈন্যৰ শক্তিৰ ওপৰত ভৰষা কৰিব,আৰু এইদৰেই সামৰিকীকৰণৰ মাধ্যমেৰে মানৱ জাতিৰ অস্তিত্ব স্থায়ী হ'ব।
কিন্তু মই লগতে এয়াও বিশ্বাস কৰোঁ,যে
ইমানলৈ নগৈ বুজাবুজিৰ মাজেৰে কম খৰছত এয়া সম্ভৱ।কিন্তু যদি এনে হয়,যুক্তিৰে আৱেদন কৰাটো যথেষ্ট নহ'ব।প্ৰাচ্যৰ
কমিউনিষ্ট ব্যৱস্থাটোৰ এটা বৈশিষ্ট্য হ'ল যে ইয়াত কিছু
পৰিমাণে ধৰ্মৰ প্ৰভাৱ আছে আৰু ই ধৰ্মীয় আৱেগক অনুপ্ৰাণিত কৰে।যেতিয়ালৈকে আইনৰ
আধাৰত শান্তি প্ৰতিষ্ঠা নহয়,তেতিয়ালৈকে ধৰ্মৰ বল আৰু
উৎসাহেৰে সফল হোৱাৰ আশা খুব কম।যিসকলক সমগ্ৰ মানৱ জাতিৰ নৈতিক শিক্ষণৰ দ্বায়িত্ব
দিয়া হৈছে,তেওঁলোকক নিশ্চিতৰূপে এই মহান দ্বায়িত্বৰ গুৰুভাৰ
গটাই দিয়া হৈছে।মোৰ এনে লাগিছে যেন,পৰমাণু বিজ্ঞানীসকলে বুজি
পাইছে যে কেৱল যুক্তিৰ আধাৰত আমেৰিকাৰ জনগণক পৰমাণু যুগৰ বিষয়ে অৱগত কৰিব পৰা
নাযাব।বৰং ধৰ্মৰ মূল উপাদান তথা আৱেগৰ গভীৰতা স্পৰ্শৰ দ্বাৰাহে এয়া সম্ভৱ। আশা
কৰোঁ, যে এইক্ষেত্ৰত গীৰ্জাঘৰসমূহৰ বাদেও স্কুল,কলেজ আদিয়ে অৱদান আগবঢ়াব।
সিদ্ধান্ত
আমি এই কংগ্ৰেছৰ আহ্বান জনাইছোঁ
আৰু ইয়াৰ যোগেদি বিশ্বৰ বিভিন্ন বিজ্ঞানীসকলে সাধাৰণ ৰাইজৰ সৈতে নিম্নোক্ত
সিদ্ধান্তলৈ আহিছোঁঃ
“আমি এইটো দৃষ্টি আগত ৰাখিছো
যে যিহেতু ভৱিষ্যতৰ বিশ্ব যুদ্ধত পাৰমাণৱিক অস্ত্ৰ যিহেতু ব্যৱহাৰ হ’ব, আৰু সেই অস্ত্ৰসমূহে ধাৰাবাহিকভাৱে বিশ্বত মানৱ সভ্যতালৈ ভাবুকী আনি
থাকিব, আমি পৃথিৱীৰ সমূহ চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰ
ভয়াবহতাক উপলব্ধি কৰক আৰু ৰাজহুৱাকৈ এই ঘোষণা কৰক যে তেওঁলোকৰ মূলগতঃ উদ্দেশ্য আৰু
এখন বিশ্বযুদ্ধ নহয় আৰু সমান্তৰালভাৱে তেওঁলোকে নিজৰ মাজৰ সংঘাতসমূহক শান্তিপূৰ্ণ
উপায়েৰে সমাধান কৰিবলৈ যত্ন কৰক।”
মেক্স বৰ্ণ
পেৰী ডব্লিউ. ব্ৰিজমেন
এলবাৰ্ট আইনষ্টাইন
লিউপল্ড ইনফিল্ড
প্ৰেডৰিখ জুলিয়েট কিউৰী
হাৰমান জে. মূলাৰ
লিনাচ পাউলিং
চিচিল এফ. পাৱেল
জোচেফ ৰটবাল্ট
ব্ৰাৰ্ট্ৰাণ্ড ৰাছেল
হিডেকি য়ুকাৱা

0 Comments