ইতিহাস আৰু মিষ্টাৰ লুনা
মূল: এলবার্টো ৰিয়স (Alberto Ríos)
অনুবাদ: ধ্ৰুৱ শইকীয়া
জগতত অনেক কথা, কাহিনী অনেক
সৰহভাগ গাড়ী-মটৰত উঠি যোৱা মানুহ যদিও
দুই এজন চালকৰ আসনত থাকে৷
ল’ৰা ৰজা টুটনখামেনক
প্ৰথমে নিজৰ বিচনাখন নিজে পাৰি লবলৈ কোৱা হৈছিল৷
কোৱা হয় টমাচ ব্লেংকেটৰ হেনো এক
সংশোধন হৈছিল ১৩৪০ চনত৷
তাৰ পিচত আকৌ, স্কুলীয়া ল’ৰা-ছোৱালীৰ কিতাপত আছে
এই যে আটাইবোৰৰে সভাপতি টিয়ডৰো লুনাই
১৯৩২ চনত উদ্ভাৱন কৰিলে ৰমণ মৈথুন শৈলী
এটা বহু পুৰণি কৌতুক
হাঁহি উঠে যদিও মিছা নহয় কথাটো৷
এটা মুর্তিৰ মৃত্যুৰ পিচৰ কথা,
কথাখিনি ভাবিবলগীয়া,
পাৰ চৰাই উৰি আহি মুর্তিৰ হাতখন বা মূৰত নপৰে
তেওঁৰ খ্যাতি আৰু যশস্যাৰ ওপৰতহে বহে
দুই ডজন পাৰ চৰাই৷
কেইখনমান মুখত খোৱা বস্তু,
আন কেইখন মুখত কথা৷ বেচি ভাগৰে মুখ আহাৰ শুন্য৷
মিষ্টাৰ লুনাৰ মুখত নাৰীৰ প্ৰবৃত্তি৷
জীৱনৰ ভাটি বয়সত তেওঁৰ পত্নীয়ে তেওঁৰ কথা ভাবিছিল
তেওঁ শুই থাকোতে কথা পাতে
অকল সেয়াই নহয়
কেতিয়াবা তেওঁ মুখখনে হামিয়াব খোজে
কেতিয়াবা ৰূপ লয় এটা মাছৰ৷
শুনিবলৈ পাওঁ যে
খাটি হীৰা পানীত নেদেখি৷
নাজানো মিষ্টাৰ লুনাৰ মৃত্যু কেনেকৈ হ’ল,
তেওঁৰ শটোৰ বা কি হ’ল সেয়াও অজ্ঞাত৷
শুনিবলৈ পাওঁ তেওঁ নিজৰে এটুকুৰাকৈ দি গৈছিল নিতৌ
নিজৰ ভিতৰৰ পৰা, বাহিৰৰ পৰাও,
সাৰে থকা অৱস্থা আৰু সপোনতো,
সেয়ে মানুহে কয় তেওঁ হেনো ৰূপ ললে সহস্ৰ নাৰীৰ৷

0 Comments