ইন্টাৰকোৰ্চ
মূলঃ আন্দ্ৰিয়া ডউকৰিন
অনুবাদঃ নিকু দুৱৰা
(উৎসৰ্গাঃ অনাস্মিতা, ইমান দিনে মোৰ পাগলামীবোৰ সহ্য
কৰি থকাটোও এটা কম কথা নহয়। তোৰ হাতত মৰমেৰে—)
(বিশেষ ধন্যবাদঃ হৰ্ষবৰ্ধন। তোৰ পৰা কিতাপখন কেতিয়াবাই
আনি ঘূৰাই দিয়াৰ পৰিৱৰ্তে অনুবাদ কৰিবলৈহে লাগিছোঁ।)
প্ৰথম খণ্ড
বিকৰ্ষণ (Repulsion)
দুটাকৈ
ৰোগীয়া সন্তানৰ মাতৃ পঁচিশ বছৰীয়া আলমা মেহেৰে ক্ৰমে নিজৰ বিয়াখনক লৈ একাষৰীয়া আৰু
আমনি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল৷ ১৯২৫ চনত তেওঁ নিজৰ গিৰিয়েক গুস্তাভৰ সৈতে এবাৰ
তৰ্কত লিপ্ত হৈছিল আৰু তৰ্কৰ মাজতেই হঠাত কৈ উঠিছিল যে গিৰিয়েকৰ শৰীৰৰ পৰা ওলোৱা
গোন্ধই তেওঁক বিতঃশ্ৰদ্ধ কৰি তুলিছিল৷ তেওঁৰ জীৱনীকাৰে পাছত অনুমান কৰিছিল যে এই
বিশেষ গোন্ধটো হৈছে চিগাৰৰ গোন্ধ৷ তেওঁ নিজৰ ডায়েৰীত লিখিছিল এইদৰে— “তেওঁ মোৰ
বাবে এজন অচিনাকি পুৰুষ আছিল, আৰু তেওঁৰ বিষয়ে মই যিমানেই জানি গৈছো সিমানেই মই আচৰিত
হৈ আহিছো— আৰু মই ভাবো যে চিৰদিন মই এইদৰে অচিনাকি হৈয়ে থাকিম... মই আচৰিত হৈ ভাবো
যে এইসমূহ কথা জনাৰ পাছতো মই তেওঁৰ সৈতে কেনেকৈ থাকিম? সন্তানৰ বাবে? নে একেলগে থকাটো
এটা অভ্যাস হৈ যোৱাৰ বাবে? নহয়, মই ভাবো যে মই তেওঁক সঁচাকৈয়ে ভাল পাওঁ, অকল তেওঁকেই ভাল
পাওঁ....”[1]
এই ঘটনাটো হৈ যোৱাৰ কেইটামান দিনৰ পাছতেই সুৰকাৰ হান্স
ফিট্জনাৰে তেওঁৰ গিৰিয়েকক লগ কৰিবলৈ আহিছিল আৰু আলমা মেহেৰৰ প্ৰতি আসক্ত হৈ
পৰিছিল৷ তেওঁলোকে ইজনে-সিজনৰ সৈতে প্ৰেমালাপ কৰিছিল আৰু প্ৰায়ে বাহুবন্ধনৰ মাজত
সোমাই পৰিছিল৷ এদিন আবেলি খুব দীঘলীয়াকৈ খোজ কঢ়াৰ সময়ত আলমাই গুস্তাভৰ সমুখত এই
আটাইবোৰ কথা স্বীকাৰ কৰিছিল৷ গুস্তাভে খঙত একো নাই হৈ তেওঁক অকলে এৰি থৈ আহিছিল
আৰু ফলত আলমাই অকলে উভতি আহিববলগীয়াত পৰিছিল৷ সন্ধিয়া হৈ আহিছিল, আৰু এজন অচিনাকি
মানুহে আলমাক অনুসৰণ কৰিছিল৷ তেওঁ (গুস্তাভে) এই ঘটনাটোক প্ৰতাৰণাৰ আৰু এটা প্ৰমাণ
হিচাপে গ্ৰহণ কৰিলে৷ তেওঁলোকে কাজিয়া কৰিলে৷ আলমা বিছনালৈ অকলে শুবলৈ গ’ল৷
সাধাৰণতে গুস্তাভে যেতিয়া শাৰীৰিক প্ৰয়োজন অনুভৱ কৰে, আলমা শুৱালৈ অপেক্ষা কৰে আৰু আলমা
টোপনি যোৱাৰ পাছত তেওঁ সংগমকাৰ্য আৰম্ভ কৰে৷ কিন্তু সেই ৰাতিটো গুস্তাভ আলমা সাৰ
পাই থকা অৱস্থাতেই আহিল আৰু ক’লে যে তেওঁ (আলমাই) টলষ্টয়ৰ এখন সৰু উপন্যাস The Kreutzer Sonata পঢ়াটো উচিত৷ ইয়াৰ পাছতে গুস্তাভে আলমাৰ সৈতে জোৰ কৰি শাৰীৰিক সম্পৰ্ক
স্থাপন কৰিলে আৰু তেওঁৰ প্ৰয়োজন শেষ হোৱাৰ পাছতেই এৰি থৈ গুচি গ’ল৷ আলমাই “সাৰ পাই
আছিল আৰু ভৱিষ্যতৰ কথা ভাবি আতংকিত হৈ পৰিছিল, কিয়নো তাই সাহস আৰু জীয়াই থকাৰ
ইচ্ছা ক্ৰমে হেৰুৱাই পেলাইছে৷”[2]
এই
ঘটনাটোৰ কেইটামান বছৰৰ আগতে, ১৮৮৭ চনত, আন
এজন মহান সাহিত্যিক, কাউণ্ট লিও টলষ্টয়ে বিথোফেনৰ এটা মহান
শিল্প The Kreutzer Sonata ৰ যোগেদি প্ৰভাৱিত হৈছিল তেওঁৰ
পত্নীৰ সৈতে জোৰ কৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ৷ তেওঁৰ (টলষ্টয়ৰ) পুত্ৰ আৰু
এজন সংগীতৰ ছাত্ৰই তেওঁৰ গাঁৱৰ ঘৰত অতি শিহৰণকাৰী আৰু বন্যভাৱে Sonata বজাই আছিল৷ টলষ্টয়ে “দুচকুত চকু পানী লৈ শুনি আছিল, আৰু
তেনেতে সেই উদ্যমতাৰ মাজতেই, নিজক সম্বৰণ কৰিব নোৱাৰি থিয়
হ’ল আৰু সেই খিৰিকীখনৰ কাষলৈ গ’ল য’ত তৰাভৰা আকাশখনলৈ চাই তেওঁ এটা চটফটনিৰ উশাহ
বন্ধ কৰি দিছিল৷”[3] সেই ৰাতিটোত
টলষ্টয়ৰ পত্নী চ’ফী কাউণ্টৰ তেৰ নং সন্তানটো গৰ্ভত ধাৰণ কৰি আছিল৷ কাউণ্টৰ বয়স
আছিল ষাঠী বছৰ আৰু চ’ফী তেওঁতকৈ ষোল্ল বছৰ সৰু আছিল৷ তেওঁ কাউণ্ট টলষ্টয়ক তেওঁৰ দহ
বছৰ বয়সৰ পৰাই জানিছিল আৰু ১৮৬২ চনত তেওঁলোকৰ বিয়া হওঁতে চ’ফীৰ বয়স আছিল ওঁঠৰ আৰু
টলষ্টয়ৰ চৌত্ৰিশ৷
ইয়াৰ পাছত টলষ্টয়ে এবাৰ আকৌ The Kreutzer Sonata মস্ক’ত শুনিছিল৷ এইবাৰ তেওঁ এগৰাকী অভিনেতা আৰু এগৰাকী চিত্ৰকৰৰ সৈতে একেলগে অনুষ্ঠানটো উপভোগ কৰিছিল৷ মস্ক’ত তেওঁ যথেষ্ট সংযমেৰে Sonata শুনিছিল আৰু আৰু The Kreutzer Sonataৰ অনুপ্ৰেৰাণেৰ তেওঁ এটা সাহিত্য সৃষ্টি কৰিবলৈ বিচাৰিছিল৷ অৱশ্যেই তেওঁ সেই সাহিত্য কৰ্মটো সৃষ্টি কৰিছিল৷ তেওঁৰ The Kreutzer Sonata শীৰ্ষক ৰচনাখন অত্যন্ত শক্তিশালী আৰু বেদনাদায়ক আছিল৷ টলষ্টয়ৰ ৰচনাখন তেওঁৰেই এটা আধৰুৱা গল্প “The Man Who Murdered His Wife” (মানুহজন, যি তেওঁৰ পত্নীক হত্যা কৰিছিল) আৰু চিত্ৰকৰজনে এজন ৰে’ল যাত্ৰা এটাত চিনাকি হোৱা এজন অচিনাকি ব্যক্তিয়ে লাভ কৰা বৈবাহিক জীৱনৰ কৰুণ অৱস্থাৰ সম্পৰ্কে কোৱা এটা কাহিনীৰ সংমিশ্ৰণ আছিল৷ কিন্তু দৰাচলতে এই ৰচনাখনৰ মূল উত্স আছিল টলষ্টয়ৰ নিজৰেই সংসাৰ৷ এই ৰচনাখন বহুক্ষেত্ৰত টলষ্টয়ৰ আত্মজীৱনী শৈলীৰ আছিল, আৰু ইয়াত তেওঁ চ’ফীৰ সৈতে কৰা শাৰীৰিক সম্পৰ্কসমূহৰ সম্পৰ্কে সম্পূৰ্ণ বিৱৰণ উল্লেখ কৰিছে৷ তেওঁৰ জীৱনীকাৰ হেনৰি ট্ৰয়াটে টলষ্টয়ে প্ৰায় নিয়মীয়া শাৰীৰিক সম্পৰ্ক কৰি অহা তেওঁৰ পত্নী চ’ফীৰ প্ৰতি থকা তেওঁৰ ঘৃণাপূৰ্ণ মনোভাৱ আৰু তেওঁৰ শাৰীৰিক সম্পৰ্কক “যৌন বসন্তৰ যুগ”[4] বুলি উল্লেখ কৰিছে৷ এই ঘৃণাৰ উৎস কেৱল তেওঁৰ যৌন ইচ্ছাৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই, বৰং যৌন সন্তুষ্টিৰ সৈতেও জড়িত হৈ আছে, যি আছিল অত্যন্ত বাস্তৱিক, দুজন স্বতন্ত্ৰ সত্ত্বাৰ সৈতে জড়িত এটা বিষয় আৰু স্বাভাৱিকতেই বৰ বেছি সুখদায়ক নাছিল৷ এই যৌন কামনা কোনোপধ্যেই ফৰাচী দৰ্শনে কোৱাৰ দৰে মুক্ত আৰু বিমূৰ্ত নাছিল৷ এই সমগ্ৰ পৰিঘটনাটোৰ সৈতে জড়িত হৈ আছিল এগৰাকী তেজ-মঙহৰ মহিলা, চ’ফী, যাৰ শৰীৰৰ ওপৰত টলষ্টয়ে তেওঁৰ কামনা চাৰিতাৰ্থ কৰিছিল; আৰু যেতিয়া টলষ্টয় সন্তুষ্ট হৈ উঠে, তেতিয়াই অতি ৰুক্ষতাৰে গুৰুত্বহীনভাৱে বা শীতল বিৰাগেৰে তেওঁক একাষৰীয়াকৈ এৰি থৈ গুচি গৈছিল৷
ৰচনাখনৰ কাহিনীভাগ অত্যন্ত গভীৰ, উত্তেজনাপূৰ্ণ, কলাত্মক, নাৰী-বিদ্বেষ
আৰু অন্তদৃষ্টিসম্পন্ন; আৰু ৰচনাখনৰ আঁৰৰ প্ৰকৃত তেজ-মঙহৰ মানুহগৰাকী (চ’ফী)ক
১৯১০ চনত, টলষ্টয়ৰ জীৱনৰ শেষৰ সময়চোৱাত চিকিত্সা কৰিবলগীয়া হৈছিল, কাৰণ তেওঁ “পাৰানইক
আৰু হিষ্টৰিয়া ৰোগত আক্ৰান্ত হৈছিল, য’ত তেওঁ হিষ্টৰিয়াতকৈ
বেছিকৈ পাৰানইক হৈ পৰিছিল”।[5] এই কাহিনীটোৰ এটা ব্যাখ্যা
আছেঃ যৌন সংগমৰ প্ৰকৃতি আৰু ইয়াৰ সৈতে পুৰুষ আৰু মহিলাৰ যৌন সমতাৰ সম্পৰ্কীয়৷
মহিলাগৰাকীৰ এটা যুক্তি আছিলঃ তেওঁৰ গিৰিয়েকে তেওঁক এগৰাকী মানুহৰ দৰে ভাল পাওঁক, তেওঁৰ যৌন বাসনা
জাগিলে তাক পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা এটা বস্তু হিচাপে নহয়৷ মহিলাগৰাকীৰ এটা
ব্যাখ্যা আছিলঃ তেওঁৰ গিৰিয়েক অত্যন্ত ভয়লগা আৰু অদ্ভুদধৰণেৰে স্বাৰ্থপৰ আছিল, লগতে এজন দুবিধাসম্পন্ন লোক আছিল; তেওঁৰ বাবে বাকী
মানুহবোৰ তেতিয়ালৈকেহে তেজ-মঙহৰ প্ৰকৃত মানুহ আছিল, যেতিয়ালৈকে সেই মানুহবোৰ তেওঁৰ
ব্যক্তিগত জীৱনত কামত আহিছিল; আনকি তেৱোঁ (মহিলাগৰাকী) মানুহজনৰ বাবে তেতিয়াহে প্ৰকৃত
আছিল যেতিয়াই তেওঁ দৈহিক প্ৰেম অনুভৱ কৰিছিল; তেওঁ যেতিয়াই যৌনতৃপ্তি অনুভৱ
কৰিছিল তেতিয়াই তেওঁৰ ব্যৱহাৰ শীতল হৈ পৰিছিল আৰু মহিলাগৰাকীৰ গুৰুত্বহীনতা
প্ৰদৰ্শন কৰিছিল৷ মানুহজন— যি আছিল এগৰাকী সাহিত্যিক আৰু তেওঁৰ গিৰিয়েক, যি সকলো ক্ষমতা, সম্পত্তি আৰু
হিংসাবোৰ, যিয়ে নিজৰ লগতে আনৰো অহিত কৰিছিল সেইবোৰক পৰিত্যাগ কৰি এজন সন্ত হ’ব
খুজিছিল৷ তেওঁ এবাৰ এখন চিঠিত লিখিছিল, “এজন মানুহে কেতিয়াও নিজৰ বিশুদ্ধতাকেই গ্ৰহণ কৰিব নালাগে, বৰং বিশুদ্ধতাৰ
প্ৰতি খোজো আগবঢ়াব লাগে৷”[6] আৰু বিশেষকৈ তেওঁ ধৰা পৰাটো বিচৰা নাছিল। The Kreutzer
Sonataৰ লেখকে (টলষ্টয়ে) এবাৰ যৌন কাৰ্য সমাপন কৰি উঠি সুধিছিল, “কি হ’ব যদি আকৌ এটা
সন্তান আহি যায়?”। “মই কিমান লাজ পাম, বিশেষকৈ মোৰ সন্তানকেইটাৰ আগত! সিহঁতে এই তাৰিখটো
(গৰ্ভধাৰণৰ)ৰ সৈতে মোৰ লেখাৰ তাৰিখক তুলনা কৰিব।”[7] কাহিনীটো
প্ৰথমবাৰ পাঠ কৰা হৈছিল ১৮৮৯ চনত; আৰু ১৮৯০
চনৰ ডিচেম্বৰত চ’ফীয়ে ভয় খাইছিল
কিজানি তেওঁ আকৌ গৰ্ভৱতী হৈ পৰিব। (কিন্তু তেওঁ চৌধ্য নম্বৰ গৰ্ভধাৰণৰ পৰা ৰক্ষা
পাইছিল।)
এই ‘মহান মানুহজন’ৰ প্ৰতি চ’ফীৰ দৃষ্টিভংগী
বৰ শ্ৰদ্ধাপূৰ্ণ নাছিল। এদিনাখন চাহ খাই থাকোতে তেওঁ এখন নিৰামিষ খাদ্য তালিকা (মেনু)ৰ
কথা কৈছিল, যিখন টলষ্টয়ে পঢ়িছিল আৰু
আলমণ্ড আৰু কণীৰ খাদ্যটোক ভাল পাইছিল। চ’ফীয়ে
নিজৰ ডায়েৰীত লিখিছিলঃ “মই আশা কৰিছিলো
যে নিৰামিষ খাদ্য তালিকা প্ৰস্তুত কৰাজনে নিজেও নিৰামিষ খাদ্যৰ অনুশীলন কৰাটো
উচিত, যিদৰে The Kreutzer Sonataৰ লেখকজনে বিশুদ্ধতাৰ অনুশীলন কৰাটো
দৰকাৰী। (বাচি থকা পৰিয়ালটোৱে ৩৭টা শব্দ আঁতৰাই দিছিল।)”[8] তেখেতৰ (চ’ফীৰ) হাস্যৰসক খুব কমেইহে কাউন্ট টলষ্টয়ৰ জীৱনীকাৰে
প্ৰশংসা কৰিছিল (ট্ৰয়েট আছিল এইক্ষেত্ৰত আটাইতকৈ চকুতলগা উদাহৰণ)। প্ৰায়ক্ষেত্ৰতে
তেওঁলোকে টলষ্টয়ক এজন সন্ত পুৰুষ হিচাপে দেখুওৱাৰ বিপৰীতে তেওঁৰ (চ’ফীৰ) তীক্ষ্ণ মতামতক অসত, স্বাৰ্থপৰ আৰু এজন সন্তৰ
বিপৰীত হিচাপেহে তুলি ধৰিছিল। Tolstoy and Gandhi আৰু Men of
Peace গ্ৰন্থ দুখনৰ লেখকে আনকি এবাৰ চ’ফীৰ প্ৰতি এইধৰণে অভিযোগ আনিছিলঃ “টলষ্টয়ৰ
চিন্তা আৰু বিশ্বাসৰ প্ৰতি এক ধাৰাবাহিক অস্বীকাৰ, আৰু কেতিয়াবা আমনিদায়ক আৰু
হিষ্টৰিয়াৰ সৈতে উপহাসকাৰী হৈ উঠিছিল”, লগতে উল্লেখ কৰিছিল, “নৈতিকভাৱে ক্ষুদ্ৰ” আৰু “অসামঞ্জস্য আৰু পশুসুলভভাৱে অহংকাৰী”।[9] অৱশ্যে তেওঁ এইবোৰক লৈ অলপো
আচৰিত হোৱা নাছিল। “আৰু তেওঁৰ
জীৱনীকাৰসকলে”, তেওঁ (চ’ফীয়ে) ১৮৯৫ চনত লিখিছিল, “ক’ব যে তেওঁ কিদৰে শ্ৰমিকসকলক পানীৰ বাকেটসমূহ কঢ়িওৱাত
সহায় কৰিছিল, কিন্তু কোনেও কেতিয়াও নাজানিব যে তেওঁ কেতিয়াও নিজৰ পত্নীক অলপো আৰাম
কৰিবলৈ অৱকাশ দিয়া নাছিল আৰু কেতিয়াও— তেওঁৰ জীৱনৰ বত্ৰিশটা বৈবাহিক বছৰত— নিজৰ
এটা সন্তানকো এগিলাছ পানী দিছিল বা পাঁচ মিনিট সময় সিঁহতৰ সৈতে সময় কটাইছিল যাতে
মই অকনমান সময় লাভ কৰো আৰাম কৰিবলৈ, বা ওলাই যাবলৈ বা খোজ কাঢ়িবলৈ বা আনকি দিনটোৰ
অকল্পনীয় কষ্টৰ পৰা অকনমান সময় সকাহ পাওঁ।”[10]
তেওঁৰ
কষ্টবোৰ আছিল অত্যন্ত গুৰুত্বপূৰ্ণ, কঠিন আৰু দুখজনক। তেওঁ তেৰবাৰ গৰ্ভৱতী হৈছিল
আৰু তেৰটা সন্তান প্ৰসৱ কৰিছিল; তাৰে ছটা শিশু
কষ্টকৰ আৰু পীড়াদায়ক ৰোগত যেনে Meningitis আৰু
Croup-ত মৃত্যুবৰণ কৰিছিল। তেওঁ প্ৰতিবাৰেই জৰায়ুৰ ৰোগত ভূগিছিল, তেওঁৰ বক্ষস্থলী অত্যন্ত বহল
আৰু স্পৰ্শকাতৰ হৈ পৰিছিল, তদুপৰি অনান্য ৰোগসমূহ
আছেই। তেওঁ কাউন্ট টলষ্টয়ৰ সকলো গ্ৰন্থ আৰু দিনলিপিৰ হস্তলিখিত প্ৰতিলিপি তৈয়াৰ
কৰিছিল, অৱশ্যে অলপ সময়ৰ বাবে তেওঁ এই কামটো ইতিমধ্যে ডাঙৰ হোৱা জীয়েককেইজনীক
কৰিবলৈ দিছিল যাতে তেওঁ অকনমান সকাহ পায় (The Kreutzer Sonata ৰ প্ৰতিলিপি তেওঁ পুনৰ কৰিবলগীয়া হৈছিল)। তেওঁ
সন্তানকেইটাৰ পঢ়া-শুনাৰ দায়িত্ব লৈছিল। ১৮৮৩ চনৰ পৰা চ’ফীয়ে কাউন্ট টলষ্টয়ৰ মাটি-বাৰী, টকা-পইচা, কপিৰাইটসমূহ,
সন্তানৰ প্ৰতিপালন আৰু খুওৱা-বোওৱা আদিৰ দায়িত্বও পালন কৰিবলগীয়া হৈছিল। কেতিয়াবা
তেওঁ টলষ্টয়ৰ গ্ৰন্থসমূহৰ প্ৰকাশৰ কামো কৰিবলগীয়া হৈছিল। এইসমূহ গ্ৰন্থৰ সৈতে
প্ৰায়ে চৰকাৰী চেন্সৰচিপৰ অসুবিধা থাকিছিল আৰু সিবোৰৰ বাবে যাৱতীয় অনুমতিও ল’বলগীয়াত পৰিছিল (উদাহৰণস্বৰূপে তেওঁ জাৰৰ সমূখত The Kreutzer
Sonataৰ প্ৰকাশৰ বাবে আৱেদন কৰিবলগীয়া হৈছিল)। ৩
জুলাই, ১৮৯৭ তাৰিখৰ আগলৈকে যেতিয়া তেওঁ তেওঁলোকৰ বৈবাহিক শোৱনিকোঠা ত্যাগ কৰিছিল
আৰু যৌন সম্পৰ্ক প্ৰতি আসক্তি হেৰুৱাই, তেতিয়ালৈকে টলষ্টয়ৰ যেতিয়াই মন গৈছিল
তেতিয়াই তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল আৰু বাকী সময়চোৱাত চূড়ান্ত অৱজ্ঞা
কৰিছিল। চ’ফীয়ে টলষ্টয়ৰ “শীতলতা, ভয়ংকৰ শীতলতা”[11]ক ঘৃণা কৰিছিল— আৰু ঘৃণা কৰিছিল তেওঁ যৌন সম্পৰ্ক শেষ হোৱাৰ পাছত কৰা
নিতান্ত সাধাৰণ ব্যৱহাৰ, যি ব্যৱহাৰ মাত্ৰ যৌন কামনা অনুভৱ কৰাৰ সময়চোৱাতহে সলনি
হৈছিল।
এই শীতলতাই চ’ফীৰ বৈবাহিক জীৱনৰ আৰম্ভনিৰ পৰা শেষলৈকে যথেষ্ট পীড়া
দিছিল। বিয়াৰ মাত্ৰ চাৰি মাহৰ পাছত, চ’ফীয়ে
তেওঁৰ এই শীতলতাক এইধৰণেৰে ভাবিছিল, “যাতে
তেওঁ যেতিয়াই মোৰ প্ৰতি শীতল হৈ পৰে, তেতিয়াই মই ইয়াক সলনি কৰি দিব পাৰো,”
পৰৱৰ্তী সময়ত তেওঁ লিখিছিল, “প্ৰায়ে সঘনে
এইবোৰ হ’বলৈ আৰম্ভ কৰিছিল; কিন্তু প্ৰকৃততে যেন
প্ৰতিবাৰেই এনেকুৱাই হৈছিল।”[12]
“মই সম্পূৰ্ণভাৱে সলনি হৈ পৰিছিলোঁ...”
তেওঁ ১৮৬৫ চনত লিখিছিল, “আৰু প্ৰিয়তমৰ
শীতলতাই
মোক আকৰ্ষণ কৰিবলৈ বন্ধ কৰি দিছিল, কাৰণ মই জানিছিলো যে ইয়াৰ বাবেই মই যোগ্য।”[13]
১৮৬৭ চনত, “এই সকলোবোৰ নিতান্তই শীতল আৰু অবন্ধুসুলভ আছিল, আৰু মই অনুভৱ কৰিছো যে মই
তেওঁৰ ভালপোৱা হেৰুৱাই পেলাইছোঁ।”[14]
১৮৯১
চনত চ’ফীয়ে ভই খাইছিল যে এনে এটা সময় আহিব যেতিয়া টলষ্টয়ে আৰু
তেওঁক নিবিচাৰিব। তেওঁ লিখিছিল, “আৰু তেতিয়া তেওঁ
মোক তেওঁৰ জীৱনৰ পৰা উলিয়াই দিব— ঘৃণা, নিষ্ঠুৰতা আৰু শীতলতাৰে।”[15]
টলষ্টয়ৰ
মৃত্যুৰ পাছত, তেওঁ লিখিছিল যে তেওঁৰ বাবে দৈহিক প্ৰেম “কেতিয়াও এটা আৱেগিক খেল নাছিল, বৰং সদায় ই এক যন্ত্ৰণাৰ
কাৰক হে হৈ উঠিছিল।”[16] যেতিয়া টলষ্টয়
জীয়াই আছিল চ’ফীয়ে ১৮৯১ চনত তেওঁৰ ডায়েৰীত
লিখা অনুসৰি এনেধৰণৰ শাৰিৰীক সম্পৰ্ক বিচাৰিছিল, যি হ’ব “উষ্ণ আৰু
ভদ্ৰতাৰে আগবঢ়োৱা মৰম”, কিন্তু তাৰ পৰিৱৰ্তে সদায় এনেধৰণৰ
শাৰিৰীক সম্পৰ্কহে হৈছিল, যি আছিল, “এক দীঘলীয়া শীতলতাৰ অৱসান ঘটাই হোৱা যৌন কামনাৰ বিস্ফোৰণ।”[17]
চ’ফীৰ বাবে, এই
শীতলতা বিৰাজ কৰিছিল তেওঁলোকৰ যৌন সংগমৰ সৈতে। আনহাতে টলষ্টয়ৰ জীৱনত চ’ফীৰ জীৱনটো কেৱল যৌন সংগম বেলিকাহে অনুভূত হৈছিল আৰু এই
শীতলতা আছিল তেওঁৰ বাস্তৱ জীৱন, যিটোক তেওঁ কোনো দ্বিধা নথকাকৈ গ্ৰহণ কৰিছিল।
টলষ্টয়ে মৃত্যুৰ এবছৰৰ আগলৈকে, অৰ্থাত একাশী বছৰ বয়সলৈকে পত্নীৰ সৈতে যৌন সম্পৰ্ক
ৰক্ষা কৰিছিল। “মোৰ মাজত যেন এটা দৈত্যইহে সাৰ
পাই উঠিছিল”, এইদৰে টলষ্টয়ে তেওঁৰ বৃদ্ধ বয়সত সৃষ্টি হোৱা যৌন
কামনাৰ সম্পৰ্কে লিখিছিল। লগতে তেওঁ লিখিছিল, “... আৰু মই ভালকৈ শুব পৰা নাছিলো, যেন মই এইমাত্ৰ এটা অপৰাধহে কৰি আহিছো।
আৰু সেই একেদিনাই.... মই অনুভৱ কৰিছিলো যে দৈত্যটো যেন আগতকৈ শক্তিশালীভাৱেহে জাগি
উঠিছে।”[18]
অৱশেষত,
টলষ্টয়ে জীৱনৰ একেবাৰে অন্তিমটো বছৰত চ’ফীৰ
প্ৰতি যৌন আকৰ্ষণ হেৰুৱাই পেলাইছিল। চ’ফীৰ বাবে
এই সময়ছোৱা আছিল “অগ্নিপৰীক্ষা”[19]। টলষ্টয়ে
ভাবিছিল, চ’ফীয়ে তেওঁৰ স্বামীৰ সৈতে এটা
সুন্দৰ আৰু সৰল বৃদ্ধ কাল কটোৱাটো উচিত আছিল, য’ত “টলষ্টয়ৰ কাম আৰু জীৱনত কোনো
হস্তক্ষেপ নকৰিব।”[20]…….. (আগলৈ)
পাদটীকাঃ
[1] Karen Monson ত উদ্ধৃত অনুসাৰে, আলমা মাহলাৰঃ Muse to Genius (Botson: Houghton Mifflin Company, 1983), p. 67.
[2] Monson, আলমা
মেহলেৰ, পৃঃ ৬৮.
[3] হেনৰি ট্ৰয়েট, Tolstoy, অনু. নেন্সি এম্ফওক্স (নিউ য়ৰ্কঃ হাৰ্মনি বুকছ্, ১৯৮০), পৃঃ ৪৯৭.
[4] হেনৰি
ট্ৰয়েট, Tolstoy, পৃষ্ঠাঃ
৫০২.
[5] Leo Tolstoyৰ
Last Diaries, সম্পা.
লিঅ’ন ষ্টিলমান (নিউ য়ৰ্কঃ Arno Press, ১৯৭৯)ত উদ্ধৃত অনুসাৰে,
পৃষ্ঠাঃ ২১.
[6] লিও টলষ্টয়, Tolstoy’s
Letters, সম্পা. আৰ এফ খ্ৰীষ্টিয়ান, দ্বিতীয় খণ্ড (নিউ
য়ৰ্কঃ Charles
Scribner’s Sons, ১৯৭৮) পৃঃ ৫০৩.
[7] হেনৰি ট্ৰয়েট, Tolstoy ত উদ্ধৃত অনুসাৰে, পৃষ্ঠাঃ ৫০৩.
[8] চ’ফী এন্ড্ৰাভেয়েনা টলষ্টয়, The Countess Tolstoy’s Later Diary: 1891-1897, অনু. এলেক্সেণ্ডাৰ ৱেৰ্থ (নিউ য়ৰ্কঃ Payson and Clarke, ১৯২৯),
পৃঃ ১৯১.
[9] মাৰ্টিন গ্ৰীন, Tolstoy
and Gandhi; Men of Peace (নিউ
য়ৰ্কঃ Payson
and Clarke, ১৯২৯), পৃঃ ২৮
[10] চ’ফী এন্ড্ৰাভেয়েনা টলষ্টয়, The Countess Tolstoy’s
Later Diary: 1891-1897, অনু. এলেক্সেণ্ডাৰ ৱেৰ্থ
(নিউ য়ৰ্কঃ Payson
and Clarke, ১৯২৯), পৃঃ ১২৬.
[11] চ’ফী এন্ড্ৰাভেয়েনা টলষ্টয়, The Countess Tolstoy’s
Later Diary: 1891-1897, অনু. এলেক্সেণ্ডাৰ ৱেৰ্থ
(নিউ য়ৰ্কঃ Payson
and Clarke, ১৯২৯), পৃঃ ৯০.
[12] চ’ফী এন্ড্ৰাভেয়েনা টলষ্টয়, The Countess Tolstoy’s
Later Diary: 1891-1897, অনু. এলেক্সেণ্ডাৰ ৱেৰ্থ
(নিউ য়ৰ্কঃ Payson
and Clarke, ১৯২৯), পৃঃ ৯৮.
[13] এচ
টলষ্টয়, Diary of Tolstoy’s Wife, পৃষ্ঠাঃ
১৪৪.
[14] এচ
টলষ্টয়, Diary of Tolstoy’s Wife, পৃষ্ঠাঃ
১৫৩.
[15] এচ
টলষ্টয়, Diary of Tolstoy’s Wife, পৃষ্ঠাঃ
৯৭.
[16] এচ
টলষ্টয়, Diary of Tolstoy’s Wife, পৃষ্ঠাঃ
৩৭.
[17] এচ
টলষ্টয়, Diary of Tolstoy’s Wife, পৃষ্ঠাঃ
৯০.
[18] Leo Tolstoy: The Years
of Maturity, 1880-1910 ত উদ্ধৃত অনুসাৰে, Ernest J. Simmons, Leo
Tolstoy: The Years of Maturity, 1880-1910, vol. 2 (New York: Vintage Books,
1946), পৃষ্ঠাঃ ১৩২-৩৩
[19] Leo Tolstoy, Last Diaries, পৃষ্ঠাঃ ২১০
[20] Leo Tolstoy, Last Diaries, পৃষ্ঠাঃ ২০৩

3 Comments
সুন্দৰ ৷
ReplyDeleteভাল পাইছোঁ। অপেক্ষা...
ReplyDeleteঅনুবাদৰ ভাষা সৰলতৰ কৰিলে ভাল হয়। অনেক ঠাইত খঁৰা হৈছে। পৰিশ্ৰম কৰা।
ReplyDelete