অসমীয়া অনুবাদ কবিতাঃ চিঠিৰ টুকুৰাবোৰ তেওঁ উৰুৱাই দিছিল
মূল কবিতা (হিন্দী) - ৱ’ খত
কে’ পূৰ্জে উৰা ৰহা থা
কবি- গুলজাৰ
অসমীয়া ভাঙনি- সৃষ্টি শ্ৰেয়ম
কবি- গুলজাৰ
অসমীয়া ভাঙনি- সৃষ্টি শ্ৰেয়ম
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
অন্য কথাও কিছু আহিছিল
পোহৰলে'
নিজৰ লিখাবোৰ (মই) লৈছিলোঁ
মচিবলে'
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
তেওঁৰেই ধৰ্ম সলনি হৈছে আজি
এদিন যি মোৰ ঈশ্বৰ আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
এদিন এজন অচিন লোকক
কাহিনী তেওঁ মোৰ শুনাই আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল
আয়ুস তেওঁ কমাই আনিছিল মোৰ
আৰু বয়স মোৰ বাঢ়ি গৈ আছিল
বতাহৰ দিশ তেওঁ দেখুৱাই
দিছিল
চিঠিৰ টুকুৰাবোৰ উৰুৱাই
দিছিল

3 Comments
সৃষ্টি ভাল লাগিল ।
ReplyDeleteঅনুবাদিকাৰ হৈ আমি সম্পাদনা সমিতিয়ে ধন্যবাদ জনাইছোঁ। ব্লগটো পঢ়ি থাকিব
Deleteপঢ়িবলগীয়া।👍
ReplyDelete