অসমীয়া অনূদিত প্ৰবন্ধঃ সভ্যতা আৰু বোধোদয়
মূল:
Civilization and Enlightenment, ষ্টিভেন পিংকাৰ
অনুবাদ: ৰামকৃষ্ণ দত্ত, ইতিহাস বিভাগ, নৰ্থ লখিমপুৰ কলেজ (স্বাঃ)
ইউৰোপীয় জ্ঞানদীপ্ততাৰ খোজৰ আউঁসাতেই ফৰাচী বিপ্লৱৰ শুভাৰম্ভনী ঘটিছিল ৷ আৰম্ভনিতে গণতন্ত্ৰৰ এক ক্ষণস্থায়ী আশ্বাস দি পিছে পিছে বিভৎস ৰাজহত্যা, বৈপ্লৱিক অভ্যুত্থান, ধমাৰ্ন্ধতা, নিয়ন্ত্ৰনহীন উশৃংখল জনতা, সন্ত্ৰাসবাদ, স্ব-প্ৰণোদিত যুদ্ধ আকৌ তাৰ পিছে পিছে এজন আত্মম্ভৰী-ময়বৰ সম্ৰাট আৰু শেষত¸ তেওঁৰ উন্মাদ যুদ্ধাভিযান—এয়াই ফৰাচী বিপ্লৱ ৷ সমগ্ৰ বিপ্লৱটোত প্ৰায় ২.৫ লক্ষ্যাধিক আৰু তাৰ ধাৰাবাহিকভাৱে ¸ সংঘটিত হোৱা বৈপ্লৱিক আৰু নাঁপলেয়নিক যুদ্ধসমূহত (Revolutionary and Napoleonic Wars) দুইৰ পৰা চাৰি মিলিয়ন লোকৰ মৃত্যু হৈছিল ৷ এনে ভয়ংকৰ মানৱীয় দুৰ্দশাৰ প্ৰতিফলনকল্পে মানুহে এনে দূৰ্ঘটনাৰ মূল বিচাৰিবলৈ গুণা-গঁঠা কৰিলে৷ ইয়াৰ কাৰণ হিচাপে সকলো বাওঁপন্থী আৰু সোঁ পন্থী বুদ্ধিজীৱিৰ কলমৰ জালত পৰিল এই বিপ্লৱৰ ঘাঁই শিপাডাল—ইউৰোপীয় জ্ঞানদীপ্ততা৷ এনে জ্ঞানদীপ্ততাৰ পৰা কি লাভ! জ্ঞানৰ ৰস পান কৰা, দেৱতাৰ ঘৰৰ পৰা অগ্নি হৰণ কৰা, আৰু পেণ্ডুৰাৰ প্ৰলয়ংকাৰী বাকচ (Pandora’s Box, গ্ৰীক আখ্যানসমূৰ লগত জৰিত, বৰ্তমান যুগত কোনো প্ৰলয়ংকাৰী পৰিঘটনাক বুজাবলৈ বাক্যাংশটি ব্যৱহাৰ কৰা হয়) খোলা একেই কথা—বুদ্ধিজীৱী সকলে ক’বলৈ ধৰিলে ৷
জ্ঞানদীপ্ততাৰ সাৰুৱাভূমিতেই যে নাঁপলেয় অথবা সন্ত্ৰাসৰ ৰাজত্বৰ সৃষ্টি হৈছিল এই কথা বৰ অস্পষ্ট৷ ৰাজনৈতিক হত্যাকাণ্ড, নৰসংহাৰ আৰু সাম্ৰাজ্য সম্প্ৰসাৰণৰ নামত হোৱা সীমাহীন যুদ্ধাদি পৰিঘটনা সভ্যতাৰ সমানেই পুৰণি, প্ৰাচীন ৷ এনেবোৰ যুঁজ-বাগৰ, হিংসাৰ চেঁকা ফ্ৰান্সকে ধৰি প্ৰায়বোৰ ইউৰোপীয় ৰাজতন্ত্ৰৰ বাবে কোনো অস্বাভাৱিক নব্য পৰিঘটনা নাছিল ৷ আনহাতে যিসকল ফৰাচী দাৰ্শনিকৰ কলমৰ জোৰত বলিয়ান হৈ বিপ্লৱী সকলে যুঁজিবলৈ সাহস পাইছিল তেওঁলোকৰ হব্চ, ডেকাৰ্টে, স্পিনোজা, লক, হিউম, আৰু কাণ্টৰ যুক্তিবাদী ধাৰাৰ লগত কেঁও-কিছু সম্পৰ্ক নাছিল৷ আকৌ ইউৰোপীয় জ্ঞানদীপ্ততাৰ আদৰ্শৰ প্ৰভাৱেৰে সুসজ্জিত আমেৰিকাৰ স্বাধীনতা বিপ্লৱে বিশ্ববাসীলৈ দুশবছৰ ধৰি বৰ্তি থকা এখন উদাৰবাদী গণতন্ত্ৰ উপহাৰ দিছিল ৷ এনেদৰে জ্ঞানদীপ্ত মানৱতাবাদে যে হিংসাক ঐতিহাসিকভাৱে হ্ৰাস কৰে (উদাৰনৈতিক আদৰ্শ প্ৰতিস্থাৰে) এই গ্ৰন্থৰ শেষৰফালে তাৰ তথ্যভিত্তিক প্ৰমাণ দিবলৈ চেষ্টা কৰা হৈছে ৷ এনে তথ্যভিত্তিক প্ৰমাণে জ্ঞানদীপ্ততাৰ বাওঁপন্থী আৰু সোপন্থী সমালোচনা সমূহক ঢৌৱাই লৈ যাবলৈ বেছিপৰ নালাগিব। কিন্তু এনেসমূহ সমালোচকৰ ভিতৰত আইৰিচ লেখক এডমাণ্ড বাৰ্কৰ যুক্তিয়ে আমাক কেতপৰ থমকি ৰ’বলৈ বাধ্য কৰাই ৷ তেওঁ হিংসাৰ ক্ৰমাগত পতনৰ (Decline of
Violence)
ঐতিহাসিক কাৰণ হিচাপে সভ্যতাৰ প্ৰক্ৰিয়াটোকহে (Civilizing Process) শ্ৰেয় দিছিল৷ জ্ঞানদীপ্ত মানৱতাবাদ আৰু সভ্যতাৰ প্ৰক্ৰিয়া — দুয়োটি যুক্তিয়েই কিন্তু মানুহৰ সহানুভূতিৰ ক্ৰমবিকাশ আৰু শান্তিপূৰ্ণ যোগাত্মক সহযোগিতাৰ কথাটো মানি লৈছে৷ এই দুটা ধাৰণাই মানৱীয় প্ৰকৃতিৰ কোনবোৰ দিশত গুৰুত্ব আৰোপ কৰিছে -তাতেই দুই ধাৰণাৰ অমিল৷ বাৰ্ক আছিল বৌদ্ধিক ধৰ্মনিৰপেক্ষ ৰক্ষণশীলতাবাদৰ জনক৷ অৰ্থনীতিবিদ থমাছ ছৱেলে ক’বৰ দৰে ই হৈছে মানৱ প্ৰকৃতিৰ এক বিসাদময় কল্পনা ৷ এই ধাৰণা অনুসৰি সকলো মানুহেই জ্ঞান, প্ৰজ্ঞা আৰু মানৱীয় গুণৰ চিৰকাল বন্দী হৈ থাকে ৷ এই ধাৰণাই ক’ব খোজে যে মানুহ হৈছে উৰুলিপুঙা, স্বাৰ্থপৰ আৰু অদূৰদৰ্শী ৷ মানুহক যদি নিজৰ সাজ মতে চলিবলৈ দিয়া তেনেহ’লে সকলোৱে এখন হবে-ছীয় যুদ্ধত ডুবি মৰিবলৈ বেছিপৰ নালাগিব ৷ এই অটল গহ্বৰৰ পৰা মুক্ত হ’বলৈ হ’লে মানৱজাতিয়ে সভ্যতাৰ চিৰিয়েদি বগাই যাওঁতেই আত্মনিয়ন্ত্ৰণ আৰু সামাজিক সমন্বয়ৰ অনুশীলন কৰিবলৈ শিকিব লাগিব ৷ মানৱীয় চৰিত্ৰৰ অপৰিবৰ্তীত গতিৰ দূৰ্গন্ধৰ মাজতেই সৃষ্টি হোৱা সামাজিক ৰীতি-নীতি,ধৰ্মীয় পৰম্পৰা, যৌনতা, পৰিয়ালৰ সংগঠন আৰু দীৰ্ঘস্থায়ী প্ৰতিস্থানসমূহ যঠেষ্ট সময়োপযোগী ৷ যদিও এই কোনোটি অনুস্থানেই সম্পূৰ্ণ দোষমুক্ত নহয় তথাপিও পশুত্বৰ পৰা সভ্যতাৰ দুৱাৰদলিলৈ বেঙা মেলোতে এই অনুস্থান ও ৰীতি-নীতিবোৰৰ যিমান প্ৰয়োজন আছিল এতিয়াও সিমানেই এৰাব নোৱাৰা ৷ বাৰ্কে ক’ব বিচাৰে যে কোনো স্থিৰ সিদ্ধান্ত বা সূত্ৰক আগত ৰাখি এখন সমাজ প্ৰতিস্থা কৰিব পৰাটো মৰণশীল মানুহৰ সাধ্যৰ বাহিৰত ৷ সমাজ হৈছে স্বয়ংক্ৰিয়ভাৱে বিকাশ লাভ কৰা এক চেতনা-যুক্ত ব্যৱস্থা৷
সমাজ এখন এনে শত-সহস্ৰ ক্ৰিয়াকলাপ আৰু সমন্বয়ৰ মাজেৰে পৰিচালিত হয়, যাক কোনো মানৱীয় মনেৰে বুজি উলিওৱাটো অসম্ভৱ ৷ আজিৰ যুগৰ অভিলাসী ধাৰণাবোৰৰ দৰে সমাজৰ এনে কাৰ্যকলাপ আৰু ৰীতি-নীতিবোৰ আমি শব্দৰে ভাঙি উলিয়াব নোৱাৰো বাবেই যে এইবোৰক চাঁচি পেলাব লাগে —এনে যুক্তি অবান্তৰ ৷ এনে সোপাঢিলা মেৰামেতিয়ে কেৱল মাত্ৰ অবাঞ্চনীয় পৰিণতিহে মাতি আনিব, প্ৰচণ্ড বিশৃংখলতা আৰু হিংসা কঢিয়াই আনিব
দৰাচলতে বাৰ্কে এঢাপ বেছি আগুৱালে ৷ মানৱ সমাজত থকা দাস প্ৰথা বা দাইনী হত্যা , পশুত্বমূলক অবিচাৰ অনাচাৰ অথবা ৰীতি-নীতিবোৰ আতৰাবলৈ চেষ্টা কৰাৰ বাবে সমাজৰ সাজোনটো ভাগি যাব বুলি কোৱা কথাষাৰ একেবাৰে পেলাই দিবলগীয়া ৷ এনেবোৰ ৰীতি-নীতি আছিল তেনেই পাশৱিক ৷ আমি দেখিছো যে সমাজে নিজৰ অভ্যন্তৰত থকা, এসময়ৰ এৰাব নোৱাৰা, পাশৱিক হিংসুক অংগবোৰ সময়ে সময়ে কাটি দলিয়াই পেলাইছে , নতুন পোচাক এযোৰ সোমোৱাই লৈছে৷ এইদৰেই নতুন আৰম্ভনিৰ ঘাই শিপাডাল মানৱতাবাদ হোৱাৰ যঠেষ্ট থল আছে ৷
কিন্তু বাৰ্কৰ এটা যুক্তিত জোৰ আছিল ৷ এনে সামাজিক পৰিবৰ্তনৰ অন্যতম পূৰ্বচৰ্ত হৈছে- মানুহৰ দৈনিক কাৰ্যকলাপ আৰু চৰকাৰ বা শাসনযন্ত্ৰৰ পৰিচালনাত এক সভ্য আচৰণ বা মানদণ্ডৰ অকঠিত পয়োভৰ ঘটা ৷ সভ্যতাৰ এনে আচৰণ বা মানদণ্ড গঢি তোলাটো পাইনে ক’বৰ দৰে কিবা এটা যাদুকৰী ঐতিহাসিক শক্তিৰ প্ৰয়োজন (Mysterious
Historical force)—যেনেদৰে গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ ঠিক আগে আগে ৰাজনৈতিক হত্যাকাণ্ড ক্ৰমাৎ হ্ৰাস পাই আহে, আৰু সেইদৰেই আলৈ-আথানি হৈ হালি থকা সামাজিক ৰীতি-নীতি বোৰক উচ্চেদ অভিযানবোৰে সময়ে সময়ে বাগি কুঠাৰ মাৰে (Coup de
Grace, ফৰাচী শব্দ, .যাৰ অৰ্থ হৈছে শেষ আঘাট)৷ ইয়াৰ পৰাই, বৰ্তমান সময়ত উন্নয়নশীল বিশ্বৰ বহুটো ৰাষ্ট্ৰত উদাৰনৈতিক গণতন্ত্ৰ প্ৰতিস্থা কৰিবলৈ কিয় ইমান বাহুবলৰ প্ৰয়োজন এই কাৰণটো বিচাৰি উলিয়াব পাৰি— এই ৰাষ্ট্ৰসমূ্হে আজিকোপতি অন্ধবিশ্বাস, কু-সংস্কাৰ, সামন্তবাদী জনেগাষ্ঠী, যুদ্ধপিপাসু সকলৰ পৰা পৰিত্ৰাণেই পোৱা নাই৷ ‘হিংসাৰ তুলনামূলক পতন’ৰ অৰ্থ ভাঙিবলৈ যাওতে সভ্যতা আৰু জ্ঞানদীপ্ততাক পৰষ্পৰক বিকল্প হিচাপে ব্যৱহাৰ কৰিলে ভুল কৰা হ’ব৷ কোনো কোনো পৰ্যায়ত অন্য কিছুমান শক্তিৰ জোৰতো বিশ্বৰ পৰা হিংসাৰ জোৱাৰ ধীৰে ধীৰে হ্ৰাস পাইছে ৷ কেতিয়াবা ইয়াৰ নেতৃত্ব লৈছে মানুহৰ সহানুভূতি, আত্মনিয়ন্ত্ৰণ আৰু সহযোগিতাই৷ কেতিয়াবা যুক্তিনিস্থ ভাৱে নিদিষ্ট দিশত আগুৱাই লৈ যোৱা সমতা, অধিকাৰ আৰু মানৱ অধিকাৰৰ দৰে নীতিয়ে। অন্য কোনো যুগত ই অন্য কোনো দিশলৈ ফালৰি কাটি গৈছে৷ কৰ আত্মাৰ কিছু অংশ ব্ৰিটিছ সভ্যতা-প্ৰণালী, আত্মনিয়ন্ত্ৰণ আৰু সহযোগিতাৰ মনোভাবৰ মাজতো আছিল ৷ “মানৱ জাতিৰ অভিমত সমূহৰ প্ৰতি শালীন শ্ৰদ্ধা জনোৱাৰ বাবে সকলোতকৈ প্ৰয়োজনীয় স্বীকাৰ্য্যটো হৈছে যে যিবোৰ কাৰণে মানুহক পৃথক কৰি ৰাখে সেইবোৰ অনুধাৱন কৰা৷” আমেৰিকাৰ মহাবিপ্লৱৰ স্বাধীনতা ঘোষণা পত্ৰই বৰ মাৰ্জিত ভাষাৰে ব্যাখ্যা কৰিছে, “দূৰদৰ্শিতাই মানুহৰ বাট চিনাই দিব যে দীৰ্ঘস্থায়ী ৰাজনৈতিক প্ৰতিষ্ঠান সমূহ সৰু বৰ ক্ষণস্থায়ী কাৰণৰ বাবে ওফৰাই দিয়া নাযায়৷”
কিন্তু তেওঁলোকৰ এনে শালীনতা আৰু দূৰদৰ্শিতা এলাপেচা, নিবোৰ্ধ নাছিল৷ যিবোৰ মানৱীয় প্ৰকৃতিৰ সীমাবদ্ধতায়ে বাৰ্কক অস্বস্তিত পেলাইছিল, আমেৰিকান বিপ্লৱৰ গুৰি ধৰোতা সকলে সেইবোৰ সীমাবদ্ধতাকেই সচেতনভাৱে বিবেচনা কৰিছিল৷ মেডিচনে প্ৰশ্ন কৰিছে, “চৰকাৰ বা শাসনযন্ত্ৰ নিজে মানৱীয় প্ৰকৃতিৰ সৰ্বোৎকৃষ্ট প্ৰতিফলন নহয় জানো?”। আমেৰিকান বিপ্লৱে কল্পনা কৰিছিল, গনতন্ত্ৰক এনেদৰে প্ৰতিস্থা কৰা উচিত যি মানুহৰ মাজৰ দূৰ্গন্ধবোৰক এশিকনি দিব পাৰে, বিশেষকৈ নেতাসকলৰ ক্ষমতাক অপব্যৱহাৰ কৰিব বিচৰা স্বভাৱজাত দুৰ্গন্ধটোক৷ মানৱীয় প্ৰকৃতিৰ প্ৰতি স্বীকৃতিয়েই আছিল আমেৰিকান বিপ্লৱী আৰু ফৰাচী ক’ফ্ৰেৰ (Confreres, ফৰাচী শব্দ যাৰ অৰ্থ হৈছে সহযোগী, ইয়াক ফৰাচী বিপ্লৱৰ সহযোগী সকলক বুজোৱা হৈছে) সকলক ৰ মাজৰ প্ৰধান প্ৰভেদ ৷ ফৰাচী বিপ্লৱীসকলে বিপ্লৱৰ ধুমুহাত উৎফুল্লিত হৈ এক ৰোমান্টিক প্ৰত্যয়ৰ সৃষ্টি কৰিছিল যে তেওঁলোকে মনুহৰ সকলো সীমাবদ্ধতাক শেষ কৰিবলৈ সক্ষম হ’ব ৷ ১৭৯৪ চনত সন্ত্ৰাসৰ খনিকৰ মেমিলিয়ান ৰবছপিয়েৰ লিখিছিল ,“এনে লাগিছে যেন ফৰাচী জাতিয়ে সমগ্ৰ মানৱ জাতিক ২০০০ বছৰ পিছত থৈ আহিল৷ তেওলোকৰ মাজত জীয়াই থাকিলেও আমি তেও -লোকক এক অন্য প্ৰজাতিৰ জীৱ হিচাপে জ্ঞান কৰিয়েই চলি থাকিব লাগিব৷”
‘The Black
Slate’ নামৰ গ্ৰন্থত আমি মানৱ প্ৰকৃতিৰ দুটা চৰম দৰ্শন যুক্তি দৰ্শাইছিলো৷ তাৰে এটা হৈছে বিষাদময় দৃষ্টিভংগী (Tragic Vision)—
ক্ৰটিৰ অবিহনে মানুহ নিৰুপায়, ভূল-দোষ এইবোৰ মানৱ জীৱনৰ চিৰলগৰী—আনটো এক ইউট’পিয়ান দৃষ্টিভংগী যি ‘Tragic Vision’
টোক অৱমাননা কৰে — ইয়েই সোঁপন্থী আৰু বাওঁপন্থী ৰাজনৈতিক চিন্তাধাৰাৰ বিভেদৰ মূল গুৰি বঠা৷ আমি পৰামৰ্শ আগবঢাইছিলো যে আধুনিক বিজ্ঞানৰ ব্যৱহাৰৰ দ্বাৰা মানুহৰ প্ৰকৃতিৰ সঠিক অধ্যয়নে ৰাজনীতিৰ এই দুয়োটা দৃষ্টিভংগীতকৈ ও উত্তম এক পথ বিচাৰি উলিয়াব পৰা যাব ৷ মানুহৰ মন ‘The Black Slate’ (জন্মৰ পৰা মানুহৰ জ্ঞান সম্পূৰ্ণ শূণ্য হৈ থকা বা অপৰিবৰ্তিত থকা এক অৱস্থা) নহয়, কোনো মানৱীয় ৰাজনৈতিক ব্যৱস্থাত নেতাসমূহক দেৱতুল্য কৰি পেলোৱা অথবা জনসাধাৰণক নতুনকৈ গঢি তোলাৰ প্ৰৱণতা সৃষ্টি কৰাৰ অধিকাৰ দিব নালাগে৷ সকলো সীমাবদ্ধতা থকাৰ পিছতো মানুহৰপ্ৰকৃতিত এক সংস্কাৰবাদী, সৰবৰাহী যুক্তিবাদ সোমাই আছে যি ইয়াৰ সীমাবদ্ধতাসমূহকো জ্ঞানলৈ ৰূ-পান্তৰিত কৰিব পাৰে৷ সেইবাবেই কোনোবা এটা বিশেষ যুগৰ যুক্তিবাদৰ আউলবোৰ চাই জ্ঞানদী-প্ত মানৱতাবাদ আৰু যুক্তিবাদক কেতিয়াও উপেক্ষা কৰিব নোৱাৰি৷ যুক্তিয়ে সদায় নিলগৰ পৰা চাই, খুঁতবোৰৰ পৰা শিক্ষা লয়, আৰু ভূলবোৰত পূণৰ নিমজ্জিত নোহোৱাকৈ ইয়াৰ নীতিবোৰক সু-সজ্জিত কৰি লয়৷
(অনুবাদকৰ টোকাঃ ষ্টিভেন আৰ্থাৰ পিংকাৰ হৈছে এজন কানাডিয়ান মনোবিজ্ঞানী আৰু লেখক ৷ তেওঁৰ ‘The Better Angels of Our Nature ’ এখন বহু চৰ্চিত গ্ৰন্থ ৷ বিল গেট্ছৰ অৱশ্যে পঠনীয় গ্ৰন্থৰ ভিতৰতো ই স্থান লাভ কৰিছে ৷ এইগ্ৰন্থখন হৈছে হিংসা আৰু মানৱতাৰ ইতিহাস ৷ গ্ৰন্থখনৰ Civilization and Enlightenment শীৰ্ষক অধ্যায়টোত মানুহৰ সভ্যতাৰ ইতিহাসত ,মনোবৈজ্ঞানিক দিশত , বোধোদয় অথবা জ্ঞানদীপ্ততাৰ কেনে প্ৰভাৱ তাৰ বিশ্লেষণ কৰিছে ৷
·
-দৰাচলতে সীমিত ব্যৱহাৰৰ বাবে Enlightenment শব্দটোৰ সঠিক অসমীয়া প্ৰতিশব্দ নিৰূপন¸ কৰাটো টান ৷ Enlightenment শব্দটোৰ প্ৰতিশব্দ হিচাপে লেখাৰ শিৰোণামটোৰ ক্ষেত্ৰত ‘বোধোদয়’ আৰু লেখাৰ অন্ত:অংশত ‘জ্ঞানদীপ্ততা’ শব্দটোৰ ব্যৱহাৰ কৰা হৈছে ৷
·
-Enlightenment শব্দটোৱে ইয়াত ওঠৰ শতিকাৰ ইউৰোপৰ যুক্তিবাদী আন্দোলনৰ কথা বুজাইছে ৷
·
বন্ধনীৰ ভিতৰত উল্লেখ কৰা কথাসমূহ পাঠকৰ বুজাত সুবিধা হ’বলৈ অনুবাদকে সংযোগ কৰিছে৷)

2 Comments
সুন্দৰ হৈছে ৰামকৃষ্ণ।
ReplyDeleteধন্যবাদ জনাইছো...💚💚
Delete