অনুবাদ : অনন্ত ৰাজখোৱা
উৎস গ্ৰন্থ : Zeichen und satze/Signs and
propositions)
অভিযুক্ত (Angeklagt/Accused)
গোটেই কেইজনেই আছিল অভিযুক্ত
দোষ স্বীকাৰ কৰিলে
সিহঁতৰ মাজৰ এজনেহে।
বাকী কেইজনে নশ্চাৎ কৰিলে মৌনতাৰ শব্দ
আৰু প্ৰতিহত কৰিলে নিজকে
কিন্তু সিহঁতে বচাব নোৱাৰিলে নিজৰ নগৰবোৰ
ৰক্ষা কৰিব নোৱাৰিলে চৰাইবোৰৰ নি:শব্দ
উৰণ
ভয়ে যিহেতু এখন ডেগাৰ হৈ অন্ধ কৰি তুলিছিল
সিহঁতৰ দুচকু
কিন্তু নিৰ্দোষী এজনেই আছিল
যিজনে স্বীকাৰ কৰিছিল দোষ।
বহুযোজন দূৰ (Sehr fem/Very far away)
ঘটি যোৱাবোৰ ঘটিছিল
বহু যোজন দূৰৈত
আমাৰ কিছুসংখ্যকে শুনিছিল
বুলেটৰ শব্দ;
নিৰ্দেশটো সুকলমে সম্পন্ন কৰা হ'ল।
আমাৰ নামো আছে জাননীখনত
সিহঁতে কয়-আমি এতিয়াও জীৱিত।
বিবৰ্ণ ৰাতিপুৱা (Ashen morning/Aschenmorgen)
তোমাৰ চকুৰ পতাত লাগি থকা বিবৰ্ণ ৰাতিপুৱা
স্মৃতিয়ে জৰাজীৰ্ণ কৰা কিছুমান নৈসৰ্গিক
দৃশ্য
তোমাৰ চকুৰ মণিত খোদিত
পলাতক পখীৰ ছাঁ
বহুৱাৰ মৃত্যু
হৰ্ডিঙৰ আখৰ
গোপনে সেউজীয়া হ'ব খোজা এবটল সুৰাৰ ৰঙ
আৰু তোমাৰ নিশাহেদি সৰকি যোৱা
কিছুমান নাৱিকশূন্য জাহাজ
তোমাৰ দুচকুত থিতাপি লোৱা এটি ধূসৰ ৰাতিপুৱা
তোমাৰ শিৰা-উপশিৰাৰ চক্ৰবেহুত সোমাই পৰা
নিস্তেজ অৱচেতন নৈৰাশ্য
বাতৰি কাকত পঢ়াৰ বাবে নিৰ্দেশাৱলী (Directions for
reading the newspaper/Answeisung fur Zeitungsleser)
প্ৰতিটো শাৰী পৰীক্ষা কৰা
নিৰীক্ষণ কৰা প্ৰতিটো শব্দ
পাহৰি নাযাবা যে
যিকোনো বাক্যকেই বিপৰীতাৰ্থক ৰূপত ব্যৱহাৰ
কৰিব পৰা যায়
হেডলাইনবোৰ বিশ্বাস নকৰিবা
যিমানেই ডাঙৰ হৰফৰ নহওক কিয়
অত্যাৱশ্যকীয়বোৰক সিহঁতে ধূসৰিত কৰি ৰাখে।
বিশ্বাস নকৰিবা
ৰাজনেতাৰ মন্তব্যবোৰক
বিজ্ঞাপনসমূহক
বজাৰ উদ্ধৃতিবিলাকক
সম্পাদকলৈ লিখা চিঠিসমূহ আৰু সাপ্তাহিক
সাক্ষাৎকাৰবোৰক
জনমত সমীক্ষাবোৰো হেৰফেৰ কৰোৱা হয় বিভিন্ন
কাৰচাজিৰে
তেলিয়া সম্পাদকে প্ৰস্তুত কৰে সানমিহলি
পৃষ্ঠা
সাংস্কৃতিক বিভাগৰ থিয়েটাৰৰ সমীক্ষা,
গ্ৰন্থ সমালোচনা
একোতেই বিশ্বাস নকৰিবা
সাধাৰণতে সমালোচকবোৰতকৈ বহুগুণে ভাল হয়
কিতাপবোৰ
আখৰবোৰে যাক উপেক্ষা কৰিছে সেয়া পঢ়া
একেদৰে
সেইসকল কবিৰ ওপৰতো আস্থা নাৰাখিবা
যি প্ৰতিটো কথাকেই ধুনীয়াকৈ লিখে
বাস্তৱৰ ভয়াৱহতা সঠিকভাৱে টুকিব নোৱাৰে
খৰখেদাৰ প্ৰকোপত পাহৰি পেলায় সত্য আৰু
ন্যায়
পৰীক্ষা কৰি নোচোৱালৈকে একোকেই স্বীকাৰ
নকৰিবা
শব্দয়ে হওক বা বস্তুৱে হওক
চালানেই হওক বা চাইকেলেই হওক
গাখীৰ অথবা সুৰা যিয়েই নহওক
বৰষুণেই হওক নাইবা প্ৰস্তাৱনাই হওক
সকলোবোৰ উপলব্ধি কৰিবা, সোৱাদ ল'বা, পৰীক্ষণ কৰিবা সকলো দিশৰ পৰা
দুইপাৰি দাঁতৰ মাজত ৰাখি চাবা এটা মূদ্ৰাৰ
নিচিনাকৈ-
ই নিৰ্ভেজাল হয়নে?কিমান ভাল ই? ইয়াক লৈ তুমি কিমান সন্তুষ্ট?
প্ৰশ্ন কৰিবা নিজকে
জুইবোৰ জুই হৈ আছেনে?
কুঁহিপাতবোৰ এতিয়াও কুঁহিপাত হৈ আছেনে?
উৰাজাহাজবোৰ উৰাজাহাজ হৈ?
আন্দোলনবোৰ আন্দোলন হৈ?
গোলাপৰ পাহিবোৰ এতিয়াও হৈ আছেনে গোলাপৰ
পাহি?
কেতিয়াও মস্তিষ্কসমৰ্পণ নকৰিবা
সংবাদ মাধ্যমৰ সমুখত
সম্পাদকজন সলনি হোৱাৰ পাছতো
অথবা বাৰম্বাৰ নতুন সম্পাদক নিযুক্ত হ'লেও।
কবি পৰিচিতি : হ'ৰ্ছত্ বেইনেক এজন জাৰ্মান ঔপন্যাসিক আৰু কবি। জন্ম ৭ মে ১৯৩০ চনত আৰু মৃত্যু ৭ ডিচেম্বৰ ১৯৯০ চনত। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাক কেন্দ্ৰ কৰি তেখেতে বহুকেইখন কালজয়ী উপন্যাস ৰচনা কৰি থৈ গৈছে। উপন্যাসৰ সামন্তৰালকৈ জাৰ্মান কবি সমাজতো তেখেত জনপ্ৰিয় কবি আছিল।তেওঁৰ Zeichen und Satze ইউৰোপিয়ান সাহিত্যৰ এখন উল্লেখনীয় কবিতাৰ সংকলন।
0 Comments