আমাৰ শিশুসকললৈ উপদেশ
(Advice to our Children)
মূল কবি : নাজিম হিকমত
অসমীয়া ভাঙনি : খগেশ সেন ডেকা
তোমালোক দুষ্ট হোৱা, তাত কোনো ক্ষতি নাই৷
সুউচ্চ দেৱালবোৰ,
ওখ ওখ গছবোৰ বগাই যোৱা৷
এক অভিজ্ঞ দলপতিৰ দৰে দুয়োখন হাতক নিৰূপণ
কৰিবলৈ দিয়া
তোমাৰ চাইকেলৰ গতি৷
আৰু ধৰ্মগুৰুৰ কাৰ্টুন অঁকা কাঠ-কলমডালেৰে,
ধ্বংস কৰি পেলোৱা কোৰানৰ পৃষ্ঠাবোৰ৷
তুমি নিশ্চয়কৈ জানিব লাগিব এই উৰ্বৰা
মাটিত নিজৰ অময়াপুৰী কিদৰে নিৰ্মাণ কৰিব লাগে৷
তুমি তোমাৰ ভূতত্ত্বৰ পাঠ্যপুথিৰে
সেইজন মানুহক স্তব্ধ কৰিব লাগিব
যিয়ে তোমাক শিকাইছে
আদমতে হৈছিল সৃষ্টিৰ পাতনি৷
তুমি উপলব্ধি কৰিব লাগিব পৃথিৱীৰ গুৰুত্ব,
তুমি বিশ্বাস কৰিবই লাগিব
এই পৃথিৱী চিৰন্তন বুলি৷
নাৰাখিবা কোনো ভেদ জননী আৰু আই বসুমতীৰ
মাজত৷
মাতৃলৈ তোমাৰ যিমান মৰম
আই বসুমতীকো দিবা সিমান মৰম৷
0 Comments