হাতে দোষাৰোপ কৰিলে ভৰিক ।
ভৰিয়ে চকুক
চকুৱে ভোকক
ভোকে দোষাৰোপ কৰিলে কাণক
ইমানবোৰ হুলস্থূল, দেহযুদ্ধত
ভয় খাই আত্মা
হাতত সাৰে ভৰিত সাৰে ওলাই আহি
খোজ কঢ়াত লাগিল অন্ধকাৰত …
এতিয়া সি জৰিগছৰ তলত
কুঁচিমুচি হৈ শুই আছে বৃক্ষৰ জন্মৰ আশাত…।
কবি পৰিচিতিঃ নাহিদা
আশৰাফী বাংলাদেশৰ এগৰাকী কবি, লেখক । ‘এপিটাফ’, ‘প্ৰেম
নিয়ে পাখিৰা যা ভাবে’ কবিৰ প্ৰকাশিত একক কাব্য সঙ্কলন । আনহাতে ‘মায়াবৃক্ষ’, ‘জাদুৰ
ট্ৰাঙ্ক ও বিবৰ্ণ বিষাদেৰা’ একক গল্প সঙ্কলন । সাহিত্য পত্ৰিকা ‘জলধি’ৰো
সম্পাদক । বহুকেইটা পুৰস্কাৰ আৰু সম্মানেৰে এইগৰাকী কবি সম্মানিত হৈছে । কবিৰ
সানন্দ অনুমতি সাপেক্ষে বৰ্তমানৰ কবিতাটি অনুবাদ কৰা হ’ল ।

0 Comments