অসমীয়া ভাঙনিঃ দুলুমণি পেগু,
চিলাপথাৰ, ধেমাজি ।
বিছমিল্লাহ হিৰ ৰহমান ইৰ ৰহিম। ভগৱানৰ নামত অধিকতম দয়া, অধিকতম পৰোপকাৰিতা আছে।
হে মহানসকল, নৰৱে দেশৰ নোবেল সমিতিৰ প্ৰসিদ্ধ সদস্যসকল, মৰমৰ ভাইসকল আৰু ভনীসকল,আজিৰ দিনটো মোৰ কাৰণে মহান আনন্দৰ দিন। মই বিনীত যে নোবেল সমিতিয়ে মোক এই অকালপক্কক বঁটাৰ কাৰণে মনোনীত কৰিলে।
আপোনালোকৰ অবিৰত সমৰ্থন আৰু মৰমৰ কাৰণে আপোনালোক প্ৰত্যেকলৈ ধন্যবাদ। মই এতিয়ালৈকে বিশ্বৰ সকলো ফালৰপৰা পোৱা চিঠি আৰু বিশেষ পত্ৰৰ বাবে মই কৃতজ্ঞ। আপোনালোকৰ দয়ালু আৰু উৎসাহযুক্ত শব্দবোৰে মোক উৎসাহিত আৰু উত্তেজিত কৰিছে।
মই মোৰ মা-দেউতাক তেওঁলোকৰ চৰ্তহীন মৰমৰ কাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ। মোৰ দেউতালৈ ধন্যবাদ, মোৰ পাখিবোৰ নকটাৰ কাৰণে আৰু মোক উৰিবলৈ এৰি দিয়াৰ কাৰণে। মোৰ, মোলৈ ধন্যবাদ মোক সহনশীল হবলৈ উৎসাহিত কৰাৰ কাৰণে আৰু সদায় সঁচা কথা কবলৈ শিকোৱাৰ কাৰণে ; যিটো আমি ইছলাম ধৰ্মৰ প্ৰকৃত বাৰ্তা বুলি দৃঢ়ভাৱে বিশ্বাস কৰোঁ। প্ৰথম Pashtun, প্ৰথম পাকিস্তানী আৰু প্ৰথম যুৱতী হিচাপে এটা বঁটা গ্ৰহণ কৰিবলৈ পাই মই অতি গৌৰৱান্বিত। মই ভালকৈ নিশ্চিত যে ময়েই প্ৰথম গৰাকী শান্তিৰ নবেল বঁটাৰ অধিকাৰিণী যিয়েই এতিয়ালৈকে তাইৰ ভাইসকলৰ লগত যুঁজিয়েই থাকে। মই প্ৰত্যেক ঠাইতে শান্তি হোৱাটো বিচাৰিছোঁ। কিন্তু, মই আৰু মোৰ ভাইসকলে এতিয়ালৈকে কাজিয়া কৰিয়েই থাকোঁ। কৈলাশ সত্যাৰ্থী, যিয়েই দীৰ্ঘ সময়ৰপৰা শিশুৰ অধিকাৰৰ যুঁজাৰু হৈ আছে। তেওঁৰ লগত এটা বঁটা গ্ৰহণ কৰিবলৈ পাই মই আৰু গৌৰৱান্বিত। বাস্তৱিকতে মই এতিয়া আগতকৈ দুগুণ জীয়াই থাকিব বিছাৰিছোঁ। মই আৰু আনন্দিত যে ভাৰতীয় আৰু পাকিস্তানীসকলে শান্তিত মিলিত হ’ব পাৰে আৰু শিশুৰ অধিকাৰৰ কাৰণে একেলগে কাম কৰিব পাৰে।
মৰমৰ ভাইসকল আৰু ভনীসকল, Inspirational Pashtun Joan of Arc ৰ পাছত মই নাম ললোঁ Maiwand ৰ Malalai হিচাপে। মালালা শব্দটোৰ অৰ্থ হ’ল- গভীৰ দুখৰপৰা পৰিত্ৰাণ পোৱা। কিন্তু নিয়মানুসৰি তাত কিছু আনন্দ প্ৰদান কৰা আছে। মোৰ ককাদেউতাই সদায় মোক কৈছিল, মালালা হ’ল এই পৃথিৱীখনৰ আটাইতকৈ সুখী ছোৱালী আৰু আজি মই বহুত সুখী যে আমি এটা গুৰুত্বপূৰ্ণ উদ্দেশ্যৰ কাৰণে একেলগে থিয় হৈছোঁ।
এই বঁটাটো কেৱল মোৰ কাৰণেই নহয়। এইটো সেইসকল স্মৃতিহীন শিশুৰ কাৰণে যিসকলে শিক্ষা বিচাৰে। এইটো সেইসকল ভয়-ভীত শিশুৰ কাৰণে যিসকলে শান্তি বিচাৰে। এইটো সেইসকল মাতহীন শিশুৰ কাৰণে যিসকলে পৰিৱৰ্তন বিচাৰে। মই ইয়াত তেওঁলোকৰ অধিকাৰৰ কাৰণে থিয় হৈছোঁ, তেওঁলোকৰ মাতবোৰ জগোৱাবৰ কাৰণে। এইটো তেওঁলোকক দয়া কৰাৰ সময় নহয়। এইটো কাৰ্য সম্পাদন কৰাৰ সময়। গতিকে এই সময়টো আমি শিশুক শিক্ষাৰপৰা বঞ্চিত কৰা দেখাৰ শেষ সময়।
মই পাইছোঁ যে মানুহে মোক বিভিন্ন ধৰণে বৰ্ণনা কৰে | কিছুমান মানুহে মোক কয় যে মই সেইজনী ছোৱালী যিজনী ছোৱালী তালিবানৰ দ্বাৰা গুলীবিদ্ধ হৈছিল আৰু কিছুমান কয় যে মই সেইজনী ছোৱালী যিজনী ছোৱালীয়ে তাইৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰিছিল | কিছুমানে কয় যে নবেল সন্মানিত ছোৱালীজনী | যি কি নহওক,মই জানো যে মই মাত্ৰ এগৰাকী প্ৰতিজ্ঞাবদ্ধ আৰু অনমনীয় ব্যক্তি যিয়ে প্ৰত্যেক শিহুৱে গুণগত শিক্ষা পোৱাটো বিচাৰে,যিয়ে নাৰীৰ কাৰণে সমান অধিকাৰ বিচাৰে আৰু যিয়ে বিশ্বৰ প্ৰত্যেক কোণত শান্তি হোৱাটো বিচাৰে| শিক্ষা হৈছে জীৱনৰ আশীৰ্বাদ আৰু অত্যাৱশ্যকীয় সম্পদ। এইটো মোৰ ১৭ বছৰীয়া জীৱনৰ অভিজ্ঞতা। মোৰ ঘৰ Sweet Valley ত পাকিস্তানৰ উত্তৰ দিশত। মই সদায় স্কুল আৰু নতুন কথা শিকিবলৈ ভাল পাইছিলোঁ। মোৰ মনত পৰিছে যেতিয়া মই আৰু মোৰ লগৰীয়াসকলে বিশেষ প্ৰসংগত আমাৰ হাতবোৰ হেনাৰে সজাইছিলোঁ। তেতিয়া স্কুল অঁকাৰ পৰিৱৰ্তে আমি আমাৰ হাতবোৰ গাণিতিক সূত্ৰ আৰু সমীকৰণ আঁকি সজাইছিলোঁ।
শিক্ষাৰ প্ৰতি আমাৰ তৃষ্ণা আছিল। কাৰণ আমাৰ ভৱিষ্যত সেই শ্ৰেণীকোঠাত আছিল। আমি লগৰীয়াসকল একেলগে বহিছিলো,পঢিছিলোঁ আৰু শিকিছিলোঁ। আমি পৰিপাটি আৰু সু-সজ্জিত স্কুল ইউনিফৰ্ম পিন্ধিবলৈ ভাল পাইছিলোঁ আৰু আমি চকুত অযুত সপোন লৈ শ্ৰেণীকোঠাত বহিছিলোঁ। আমি আমাৰ মা-দেউতাক গৌৰৱান্বিত কৰিব বিছাৰিছিলোঁ আৰু প্ৰমান কৰিব বিচাৰিছিলোঁ যে আমি আমাৰ পঢ়াত শ্ৰেষ্ঠতা লাভ কৰিব পাৰোঁ আৰু সিদ্ধি লাভ কৰিব পাৰোঁ যিটো নেকি কিছুমান মানুহে কেৱল ল’ৰাই পাৰে বুলি ভাবে।
সময়বোৰ সদায় একে হয় নাথাকে। যেতিয়া মই দহ বছৰত ভৰি দিছিলোঁ তেতিয়া Swat, যিখন ঠাই সৌন্দৰ্য আৰু পৰ্যটকৰ ঠাই আছিল, অকস্মাতে সেই ঠাই আতংকৰ ঠাইলৈ পৰিণত হৈছিল। ৪০০ তকৈ অধিক স্কুল ধ্বংস হৈছিল | ছোৱালীবোৰ স্কুল যাব এৰিছিল। তিৰোতাসকল অত্যাচাৰৰ বলি হৈছিল। নিৰীহ লোকসকলো মৰিছিল। আমি সকলোৱে কষ্ট সহ্য কৰিছিলোঁ আৰু আমাৰ ধুনীয়া সপোনবোৰ ভয়াবহ সপোনলৈ ৰূপান্তৰ হৈছিল। শিক্ষা লাভ কৰাটো অধিকাৰৰ পৰা অপৰাধলৈ গৈছিল। কিন্তু যেতিয়া মোৰ পৃথিৱীখন হঠাতে পৰিৱৰ্তন হৈছিল মোৰ সুবিধাবোৰৰো পৰিৱৰ্তন হৈছিল।
মোৰ দুটা উপায় আছিল। লাহেকৈ থাকি মৰিবলৈ অপেক্ষা কৰা আৰু দ্বিতীয়টো আছিল মাত মাতি আৰু তেতিয়াই মৰি যোৱাঁ। মই দ্বিতীয়টো গ্ৰহণ কৰিলোঁ। মই মাত মাতিবলৈ সিদ্ধান্ত ল’লো। সন্ত্ৰাসবাদীসকলেও আমাক বাধা দিবলৈ চেষ্টা কৰিলে আৰু মোক আৰু মোৰ লগৰীয়াসকলৰ ওপৰত আক্ৰমণ চলালে ২০১২ চনৰ ৯ অক্টোবৰ তাৰিখে। কিন্তু তেওঁলোকৰ গুলীবোৰে জিকিব নোৱাৰিলে। আমি জীয়াই থাকিলো আৰু সেইদিনটোৰ পৰা আমাৰ মাতবোৰ আৰু ডাঙৰ হ’বলৈ ধৰিলে। মই মোৰ কাহিনী কোৱাৰ কাৰণ এইটো নহয় যে ই ব্যতিক্ৰম। কাৰণ এইটোহে যে এয়া সমগ্ৰ নাৰী জাতিৰ কাহিনী। মই মোৰ লগত Oslo ৰ পৰা কেইজনীমান ভনী আনিছো যিসকল এই কাহিনীটোৰ অংশ। আৰু পাকিস্তান, নাইজেৰিয়া আৰু ছিৰিয়াৰ পৰা লগৰীয়া আনিছোঁ। মোৰ সাহসী ভনী Shazia আৰু kainat Riaz যি দুগৰাকীয়েও সেই দিনটোত মোৰ লগত Swat ত গুলীবিদ্ধ হৈছিল। সিহঁত বৰ দুখজনকভাৱে আঘাত প্ৰাপ্ত হ’ল। তদুপৰি মোৰ ভনী পাকিস্তানৰ Kainat Somro, যি গৰাকীয়ে চৰম অত্যাচাৰ আৰু অপব্যৱহাৰ সহ্য কৰিলে। যদিও তাইৰ ভাইটী মৰিলে কিন্তু তাই বশ্যতা স্বীকাৰ নকৰিলে। মোৰ লগত সেই ছোৱালীসকলো আছে যিসকলক মই মোৰ মালালা ফাণ্ড কেম্পেইনত লগ পাইছিলোঁ, যিসকল এতিয়া মোৰ ভনীৰ দৰে। ছিৰিয়াৰ মোৰ ১৬ বছৰীয়া তেজস্বিনী ভনী Amina, উত্তৰ নাইজেৰিয়াৰ, য’ত Boko Haram এ ভয় দেখুৱাই আৰু স্কুললৈ যাবলৈ বিচৰা ছোৱালীক অপহৰণ কৰে। যদিওৱা মই এজনী ছোৱালী হিচাপে দেখা দিছো, কিন্তু মই সেইগৰাকী ব্যক্তি, যি ৫ ফুট ২ ইঞ্চি ওখ। তথাপি মই অকলশৰীয়া কণ্ঠধ্বনি নহওঁ। মই বহুতো।
মই Shazia।
মই Kainat Riaz।
মই Kainat Somro।
মই Mezon।
মই Amina। মই সেইসকল ৬৬ মিলিয়ন ছোৱালী, যিসকল স্কুলৰ বাহিৰত। মানুহে মোক সুধে শিক্ষা কিয় ছোৱালীৰ কাৰণে বিশেষকৈ গুৰুত্বপূৰ্ণ ? মোৰ উত্তৰ সদায় একে হয়। যিটো মই ‘Holy Quran’ ৰ প্ৰথম দুটা অধ্যায়ৰ পৰা শিকিছো।
‘Igra’ শব্দটো-যিটোৰ অৰ্থ ‘’পঢ়া’’ আৰু ‘nun-walralam শব্দটো যিটোৰ অৰ্থ ‘’কলমৰ দ্বাৰা’’। সেই কাৰণে মই যোৱা বছৰ ৰাষ্ট্ৰসংঘত কৈছিলোঁ,’’এজন শিশু, এজন শিক্ষক , এডাল কলম আৰু এখন কিতাপে বিশ্বখনক সলনি কৰিব পাৰে।‘’ আজি পৃথিৱীৰ আধাভাগতে আমি দ্ৰুত প্ৰগতি, আধুনিকীকৰণ আৰু উন্নতি দেখিবলৈ পাইছোঁ। যি কি নহওঁক, পৃথিৱীত বহুত দেশ আছে য’ত এতিয়াও মিলিয়ন লোকে অতি পুৰণি সমস্যা ক্ষুধাতুৰ, দৰিদ্ৰতা, অন্যায় আৰু সংঘৰ্ষ আদিত ভুগি আছে।
বৰ্তমানেও সংঘৰ্ষবোৰ চলি আছে য’ত এশ এহেজাৰ নিৰীহ মানুহে জীৱন হেৰুৱাইছে। ছিৰিয়া, গাজা আৰু ইৰাকৰ বহুতো পৰিয়াল ভগনীয়া হ’ল। এতিয়াও উত্তৰ নাইজেৰিয়াৰ ছোৱালীবোৰে স্কুললৈ যোৱাৰ স্বাধীনতা পোৱা নাই। আমি দেখো পাকিস্তান আৰু আফগানিস্তানৰ নিৰীহ মানুহে আত্মহত্যা, আক্ৰমণ আৰু বোমা বিস্ফোৰণত মৰে। আফ্ৰিকাৰ বহুত শিশুৱে দৰিদ্ৰতাৰ বাবে স্কুলত প্ৰৱেশাধিকাৰ নাপায়। ভাৰত আৰু পাকিস্তানৰ বহুতো শিশুৱে সামাজিক ধৰ্মবিষয়ক বাধা নিষেধবোৰৰ কাৰণে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হয় বা তেওঁলোকে উপায়ন্তৰ হৈ শিশু শ্ৰমিক হয়। আৰু ছোৱালীবোৰে বাল্য বিবাহত আবদ্ধ হয়। মোৰ স্কুলত ভাল বান্ধবী এজনী মোৰ বয়সৰ। তাই সদায় সাহসী আৰু বিশ্বাসী ছোৱালী আছিল আৰু ডাক্তৰ হোৱাৰ সপোন দেখিছিল। কিন্তু তাইৰ সপোনটো সপোনে হৈ থাকিল। ১২ বছৰ বয়স তাই বলপূৰ্বকভাৱে বিয়া হ’ব লগা হ’ল আৰু সোনকালে তাইৰ পুতেক এটাও হ’ল। যেতিয়া তাই নিজে মাত্ৰ ১৪ বছৰীয়া আছিল। মই জানো যে মোৰ বান্ধৱীজনী বহুত ভাল ডাক্তৰ হ’ব পাৰিলেহেঁতেন। কিন্তু তাই নোৱাৰিলে। কাৰণ তাই ছোৱালী আছিল। মই নবেল বঁটাৰ ধনখিনি মালালা পুঁজিলৈ দান কৰাত মনোযোগ দিছোঁ যাতে প্ৰত্যেক ঠাইতে ছোৱালীবোৰে গুণগত শিক্ষা লাভ কৰিব পাৰে আৰু ছোৱালীবোৰক সহায় কৰিবৰ কাৰণে নেতাসকলক আৱেদন জনাব পাৰে। Mezon, Amina আৰু মোৰ দৰে। এই পুঁজিখিনি প্ৰথমে যাব পাকিস্তানত স্কুল নিৰ্মাণৰ কাৰণে। বিশেষকৈ মোৰ ঘৰ Swat আৰু Shangla ত, য’ত মোৰ কলিজাটো আছে। মোৰ নিজৰ গাঁৱত এতিয়ালৈকে ছোৱালীৰ কাৰণে মাধ্যমিক স্কুল নাই। মই তাত এখন স্কুল নিৰ্মাণ কৰিব বিচাৰিছোঁ, যাতে মোৰ লগৰীয়াসকলে শিক্ষা লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ সপোনবোৰ পূৰ্ণ কৰাত সুযোগ লাভ কৰিব পাৰিব। এই কামটো মোৰ আৰম্ভণি হ’ব। কিন্তু এইটো মোৰ সামৰণি নহয়। মই এই যুদ্ধ একৰাহে তেতিয়ালৈ কৰি যাম যেতিয়ালৈকে প্ৰত্যেক শিশু স্কুললৈ নাযায়। আক্ৰমণ সহ্য কৰাৰ পাছত মই বেছি শক্তিশালী অনুভৱ কৰিছো কাৰণ মই জানো কোনেও মোক বাধা দিব নোৱাৰে বা আমাক বাধা দিব নোৱাৰে। কাৰণ এতিয়া আমি মিলিয়ন লোক একলগে থিয় হৈছো।
মৰমৰ ভাইসকল আৰু ভনীসকল, মহান ব্যক্তি যিসকলে পৰিৱৰ্তন আনিছিল-মাৰ্টিন লুথাৰ কিং, নেলচন মেণ্ডেলা, মাদাৰ টেৰেছা আৰু আংছান চ্যু কি তেওঁলোকো এসময়ত এই মঞ্চতে থিয় দিছিল। Kailash
Satyarti আৰু মই অতি শেহতীয়াকৈ এই যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। মই আশা কৰিছোঁ যে এই যাত্ৰাই পৰিৱৰ্তন আনিব- শেষ পৰিৱৰ্তন। মোৰ ডাঙৰ আশাটো হ’ল যে আমি আমাৰ শিশুৰ শিক্ষাৰ কাৰণে যুদ্ধ কৰাৰ এইটো শেষ সময় হ’ব। প্ৰত্যেকেই একত্ৰ হৈ আমাৰ অভিযানক সমৰ্থন কৰিব লাগে যাতে ব্যতিক্ৰম ৰূপে আৰু সকলোৰে কাৰণে সমস্যাটো সমাধান কৰিব পাৰোঁ। ইতিমধ্যে আমি অধিকাৰৰ দিশটোত বহুতো খোজ থলো এতিয়া পৰিৱৰ্তন লোৱাৰ সময়। এয়া নেতাসকলক শিক্ষা কিমান গুৰুত্বপূৰ্ণ অনুভৱ কৰিবলৈ কোৱাৰ সময় নহয়, সিহঁতে পূৰ্বই এই কথা জানে। তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীবোৰে ভাল স্কুলত পঢ়ে। এতিয়া তেওঁলোকক কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনোৱাৰ সময়। আমি পৃথিৱীৰ নেতাসকলক একত্ৰিত হ’বলৈ আৰু শিক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ অনুৰোধ কৰিব লাগিব।
পোন্ধৰ বছৰৰ আগতে পৃথিৱীৰ বহু সংখ্যক নেতা একোটা নিশ্চিত লক্ষ্যত হৈছিল যাক Millennium Development Goal বুলি কোৱা হৈছিল। কেইটামান বছৰ তাক অনুসৰণ কৰিছিল। আমি কিছু প্ৰগতি দেখিলোঁ। স্কুলৰ বাহিৰৰ শিশুসকল দুভাগ কৰা হ’ল। যি কি নহওঁক পৃথিৱীখনে কেৱল প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণৰ ওপৰত মনোযোগ দিলে আৰু এই লক্ষ্যই প্ৰত্যেককে ঢুকি নাপালে।
পাছৰ বছৰ ২০১৫ ত পৃথিৱীত চাৰিওফালৰ প্ৰতিনিধিসকলে পৰৱৰ্তী লক্ষ্যত নিশ্চিত হ’বৰ কাৰণে ৰাষ্ট্ৰসংঘত মিলিত হ’ব যাক Sustainable Development Goal বুলি কোৱা হয়। ভৱিষ্যত প্ৰজন্মৰ কাৰণে পৃথিৱীৰ অভিলাষ স্থিৰ কৰিব। নেতাসকলে এই সুবিধা গ্ৰহণ কৰিছে। প্ৰত্যেক শিশুৰ কাৰণে বিনামূলীয়া, গুণগত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ নিশ্চয়তা দিবলৈ। কিছুমানে ক’ব এইটো অব্যৱহাৰিক বা অত্যধিক খৰচী বা অত্যধিক কঠিন বা অসম্ভৱ। কিন্তু এই সময়টো হ’ল পৃথিৱীখনৰ বিষয়ে বহলভাৱে চিন্তা কৰাৰ সময়।
মৰমৰ ভাইসকল আৰু ভনীসকল, বয়সস্থসকলে তথাকথিত পৃথিৱীখনক বুজিব পাৰে। কিন্তু আমি শিশুসকলে নোৱাৰোঁ। এইটো কিয় হয় যে যিবোৰ দেশক আমি “সৰল” বুলি কওঁ সেইবোৰ দেশ যুদ্ধ সৃষ্টি কৰাত অতিশয় শক্তিশালী। কিন্তু শান্তি সৃষ্টি কৰাত অতিশয় দুৰ্বল ? এইটো কিয় হয় যে বন্দুক দিয়াটো অতিশয় সহজ, কিন্তু কিতাপ দিয়াটো অতিশয় কঠিন ? এইটো কিয় হয় যে যুদ্ধত ব্যৱহৃত টেংক নিৰ্মাণ কৰাটো অতিশয় সহজ, কিন্তু স্কুল নিৰ্মাণ কৰাটো অতিশয় কঠিন ?
যিহেতো আমি আধুনিক যুগ একবিংশ শতিকাত জীৱন ধাৰণ কৰিছোঁ আৰু আমি সকলোৱে বিশ্বাস কৰোঁ যে একো অসম্ভৱ নহয়। আমি চন্দ্ৰলৈ যাব পাৰোঁ আৰু সম্ভৱত অতি সোনকালে মংগল গ্ৰহৰ মাটিত অৱতৰণ কৰিম। গতিকে এই একবিংশ শতিকাত আমি অৱশ্যেই মনস্থ কৰিব পাৰোঁ যে আমাৰ গুণগত শিক্ষাৰ সপোনবোৰ বাস্তৱত পৰিণত হ’ব। গতিকে আমি সকলোৰে কাৰণে সমতা, ন্যায় আৰু শান্তি আনোহঁক। মাত্ৰ ৰাজনীতিবিদ আৰু বিশ্বনেতা সকলেই নহয়, আমি সকলোৱে যোগ দিয়া প্ৰয়োজন। মই, আপুনি এইটো আমাৰ কৰ্তব্য। সেয়ে আমি অৱশ্যেই কাম কৰিম আৰু নৰওঁ। মই মোৰ শিশু বন্ধুসকলক পৃথিৱীৰ চাৰিওকাষে থিয় হ’বলৈ আবেদন জনাইছোঁ।
মৰমৰ ভাইসকল আৰু ভনীসকল আমাক শেষ সিদ্ধান্ত লোৱা প্ৰথম প্ৰজন্ম হ’বলৈ দিয়ক। শূণ্য শ্ৰেণীকোঠা, হেৰুৱা শৈশৱ, অনুপযোগী সম্ভাৱনা এই বস্তুবোৰ একেলগে শেষ কৰোহঁক। এই সময়টো ল’ৰা বা ছোৱালীয়ে কাৰখানাত তেওঁলোকৰ শৈশৱ কাল কটোৱাৰ শেষ সময় হ’বলৈ দিয়ক। এই সময়টো ছোৱালীয়ে বলপূৰ্বকভাৱে শীঘ্ৰে বাল্য বিবাহত আৱদ্ধ হোৱাৰ শেষ হ’বলৈ দিয়ক। এই সময়টো শিশুৱে সংঘৰ্ষত জীৱন হেৰুৱাৰ শেষ সময় হ’বলৈ দিয়ক। এই সময়টো শ্ৰেণীকোঠাবোৰ শূণ্য হোৱাৰ শেষ সময় হ’বলৈ দিয়ক। এই সময়টো ছোৱালীয়ে শিক্ষা লোৱাটো অপৰাধ হোৱাৰ আৰু ছোৱালী শিক্ষাৰ অধিকাৰ নথকাৰ শেষ সময় হ’বলৈ দিয়ক। আমাক এই সামৰণিতে আৰম্ভণি কৰি দিয়ক। আমাৰ লগত এই সামৰণি কৰক আৰু আমাক উচ্চতৰ ভৱিষ্যত গঢ়িবলৈ দিয়ক ইয়াতেই, এতিয়াই।
ধন্যবাদ…………।

0 Comments