বিদূষক
মূল বাংলা: কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
ভাৱানুবাদ: দেৱাশ্ৰী বৰগোহাঁই
(১)
কাশীৰ ৰজা কৰ্ণাটক জয়ৰ
বাবে ওলাল । যুঁজত
তেঁৱেই জয়ী হ’ল । বিজয়
চিন স্বৰূপে চন্দন, হাতীৰ দাঁত
আৰু সোন মাণিক মুকুতা
আদি হাতীত বোজাই দিয়া
হ’ল ।
দেশলৈ উলটি অহাৰ পথত
ৰজাই বলেশ্বৰী মন্দিৰত বলিৰ
ৰক্তৰে পূজা দিলে ।
পূজা দি উভতি আহিছে- গাত
ৰক্তবস্ত্ৰ, ডিঙিত জপ মালা, কপালত
ৰক্তচন্দনৰ তিলক, লগত কেৱল
মন্ত্ৰী আৰু বিদূষক ।
এঠাইত পথৰ কাষৰ আমবাগান
এখনত কেইটামান ল’ৰাই
খেলি আছে ।
ৰজাই তেওঁৰ দুই সংগীক
ক’লে, “ব’লাচোন
চাওঁ ল’ৰাহঁতে
কি খেলিছে ।
(২)
ল’ৰাকেইটাই
দুটামান পুতলা সাজি যুদ্ধ-যুদ্ধ
খেলি আছিল ।
ৰজাই সুধিলে, “কাৰ
লগত কাৰ যুদ্ধ” ।
তাঁহাতি ক’লে, “কৰ্ণাটৰ
লগত কাশীৰ যুদ্ধ”।
ৰজাই পুনৰ সুধিলে, “কাৰ
জয়,
কাৰ পৰাজয়” ।
ল’ৰাহঁতে
বুকু ফিন্দাই উত্তৰ দিলে, “কৰ্ণাটৰ
জয়,
কাশীৰ পৰাজয়” ।
মন্ত্ৰীৰ মুখ গম্ভীৰ হৈ
পৰিল, ৰজাৰ চকু ৰঙা পৰিল, বিদূষকে
হা হা কৈ হাঁহি
উঠিল ।
(৩)
ৰজাই যেতিয়া তেওঁৰ সৈন্য
লৈ উভতি আহিছিল, তেতিয়াও ল’ৰাকেইটাই
খেলি আছিল । ৰজাই
হুকুম দিলে, “প্ৰতিটো
ল’ৰাকে
গছত বান্ধা আৰু চমতাৰে
কোবোৱা” । গাওঁৰ পৰা তাঁহাতৰ মাক-দেউতাক
য’ৰে
কাম ত’তে
এৰি দৌৰি আহিল । মিনতি
কৰি ক’লে, “তাঁহাতি
অবোধ ল’ৰা, ধেমালী
কৰিছে, এইবাৰলৈ ক্ষমা কৰি
দিয়ক” । ৰজাই সেনাপতিক মাতি আনি
ক’লে, “এই
গাওঁ খনক ভালকৈ এক
শিক্ষা দিয়া, যাতে কাশীৰ
ৰজাক কেতিয়াও পাহৰিব নোৱাৰে” । এই
বুলি তেওঁ শিবিৰলৈ ৰাওনা
হ’ল ।
(৪)
সন্ধ্যাপৰত সেনাপতি আহি ৰজাৰ
সন্মুখত উপস্থিত হ’ল । সেৱা
জনাই ক’লে, “মহাৰাজ, শিয়াল
কুকুৰক বাদ দি এই
গাওঁৰ কাৰোৰে মুখত আৰু
শব্দ শুনা পোৱা নাযাব” ।
মন্ত্ৰীয়ে ক’লে, “মহাৰাজৰ
মান ৰক্ষা হ’ল” ।
পুৰোহিতে ক’লে, “বিশেশ্বৰী
মহাৰাজৰ আৰ্শীবাদ” ।
বিদূষকে ক’লে, “মহাৰাজ, মোক
বিদায় দিয়ক” ।
ৰজাই সুধিলে, “কিয়”?
বিদূষকে উত্তৰ দিলে, “মই
মাৰিবও নাজানো, কাটিবও নাজানো, বিধাতাৰ
কৃপাত কেৱল হাঁহিবলৈহে জানো
। মহাৰাজৰ সভাত থাকিলে মই
হাঁহিবলৈও পাহৰি যাম” ।
***********

0 Comments